পৃষ্ঠা:Sarboday.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
সৰ্ব্বোদয়।

লোকচান হে কৰি পেলাব।

 সাৰ কথা এয়ে যে সকলো সময়তে সকলো মানুহৰ প্ৰতি পৰোপকাৰৰ দৃষ্টিত ব্যৱহাৰ কৰিলে পৰিণাম ভালেই হব। ইয়াত আমি সহানুভূতিক এক প্ৰকাৰৰ শক্তি বুলি স্বীকাৰ কৰি লৈয়ে বিচাৰ কৰিছো। স্নেহ উত্তম বস্তু এই বাবে সদায় ইয়াৰ আশ্ৰয় লোয়া উচিত যে এইটো বেলেগ কথা কিন্তু ইয়াতে আমি সেই আলোচনা নকৰো। ইয়াত আমি কেৱল ইয়াকেই দেখুৱাইছো যে অৰ্থশাস্ত্ৰৰ যি সাধাৰণ নিয়মৰ উল্লেখ কৰিছো তাক ইয়াত স্নেহ সহানুভূতিৰূপী শক্তিয়ে একে বাৰে অগ্ৰাহ্য কৰি দিয়ে। অনুভূতি এবিধ ভিন্ন প্ৰকাৰৰ শক্তি হোৱা কাৰণে অৰ্থশাস্ত্ৰৰ অন্যান্য নিয়মৰ লগত নিমিলে। ই অৰ্থ-শাস্ত্ৰৰ নিয়ম এক কোণত পেলাই ৰাখি থব পাৰে। মালিকে যদি হিচাব ৰাখি প্ৰতিদান পোৱাৰ আশাতেই স্নেহ দেখুৱায় তেনেহলে তেওঁ নিৰাশ হোৱাৰ সম্ভৱনা আছে। স্নেহৰ বাবেই স্নেহ দেখুওৱা উচিত। ইয়াৰ প্ৰতিদান নিবিচৰাকৈ আপোনা আপুনি আহে। এটা কথা আছে যে নিজক পাব লাগিলে নিজে মৰিব লাগে আৰু নিজক ৰক্ষা কৰাৰ চেষ্টাতেই নিজক নষ্ট কৰা হয়।

 সেনা আৰু সেনাপতিৰ উদাহৰণ চাওক। যি সেনাপতিয়ে অৰ্থশাস্ত্ৰৰ নিয়ম মতে নিজ সেনাৰ পৰা কাম আদায় কৰিব খোজে তেওঁ নিৰ্দিষ্ট কাম আদায় কৰি লব নোৱাৰে। এনে দৃষ্টান্ত পোৱা যায় যে যি সেনাৰ চৰ্দ্দাৰে নিজৰ সেনাৰ লগত ঘনিষ্ঠতা ৰাখে, সিহঁতৰ প্ৰতি সস্নেহে ব্যৱহাৰ কৰে, সিহঁতৰ ভাল হলে সুখ পায় সিহতৰ সুখ দুখৰ অংশ গ্ৰহণ কৰে, সিহঁতক ৰক্ষা কৰে, মুঠতে সিহঁতৰ প্ৰতি সহানুভূতিপৰায়ণ হয় তেওঁ যি