সমললৈ যাওক

পৃষ্ঠা:Sarboday.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
যথাৰ্থ্য ন্যায়

আৰু ধনী অধিক ধনবান হয়, আৰু দুয়োৰে ভিতৰত এজনো সুখী নহয়।

 অৰ্থশাস্ত্ৰী সকলে মানুহৰ আচৰণৰ ওপৰত বিচাৰ নকৰি অধিক ধন উপাৰ্জন কৰাকেই উন্নতি বুলি মানে আৰু মানুহৰ সুখ কেৱল পইচাৰ ওপৰত নিৰ্ভৰ কৰে বুলি কয়। এই কাৰণে এওঁলোকে ইয়াকে শিক্ষা দিয়ে যে কলা কৌশল আদিৰ বুদ্ধিৰে যিমান অধিক ধন একত্ৰিত কৰিব পৰা যায় সিমানেই ভাল। এই ৰকমৰ বিচাৰৰ প্ৰচাৰৰ কাৰণেই ইংলণ্ড আৰু অন্যান্য দেশত কাৰখানা বাঢ়ি গৈছে। চহৰবোৰত বহুলোক গোট খাইছে আৰু খেতি বাতি এৰি দিছে। বাহিৰৰ নিৰ্ম্মল বায়ু এৰি কাৰখানাৰ দুৰ্গন্ধ বায়ুতেই ৰাতি-দিন উশাহ লৈ সুখ বুলি ভাবিছে। ইয়াৰ ফল স্বৰূপ মানুহ দুৰ্ব্বল হয়? লোভ বাঢ়ে আৰু অনীতি বাঢ়ি আৰু যেতিয়া অনীতি দূৰ কৰাৰ কথা তুলা যায় তেতিয়া বুদ্ধিমান বোলা লোকসকলে কয় যে অনীতি দূৰ কৰিব নোৱাৰি , অজ্ঞানীৰ কোনোৰকমে জ্ঞান নাহে, এই বাবে যি ৰকমে, চলিছে সেই ৰকমে চলিব দিয়া। এই কথা কওঁতে তেওঁলোকে পাহৰি যায় যে গৰীবৰ অনীতিৰ কাৰণ ধনীসকল। এওঁলোকৰ ভোগবিলাসৰ কাৰণে গৰীবে ৰাতি দিন খাটে। ইহতে কিবা শিকিবলৈ বা কোনো ভাল কাম কৰিবলৈ একপলো