পৃষ্ঠা:Sarboday.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সত্যতাৰ মূল

লাগিছে। এতিয়া খোৱাটো দুয়ো জনৰে—মাক আৰু সন্তানৰ—পৰম্পৰ স্বাৰ্থৰ বিৰোধী। মাকে খালে সন্তান ভোকত মৰে আৰু সন্তানে খায় যদি মাকে ক্ষুধাৰ্ত্ত থাকে। তথাপি মাক আৰু সন্তানৰ কোনো বিৰোধ নাই। মাক বেচি বলবতী হোৱাৰ কাৰণে নিজে আটাই খিনি ৰুটি খাই নেপেলায়। মানুহৰ মাজতো ঠিক এই প্ৰকাৰৰ পৰস্পৰ সম্বন্ধই বুজিব লাগে।

 কিছু সময়লৈ ধৰি লোৱা যাওক যে মানুহ আৰু পশুৰ মাজত কোনো ভেদ নাই। পশুৰ নিচিনাকৈ আমিও আপোন স্বাৰ্থৰ বাবে পৰস্পৰে যুঁজিব লাগিব। তেনে হলেও মালিক আৰু মজুৰৰ মাজত সদায় মতভেদ থাকিব, কি নাই এইটো নিয়ম বান্ধি কব নোৱাৰি। অৱস্থানুসাৰে এই ভাৱৰ পৰিৱৰ্ত্তন কৰিব লগা হয়। যেনে ভাল কাম হলে ঠিক দাম পোৱা যায় আৰু তাত দুয়োৰো স্বাৰ্থ আছে। কিন্তু যেতিয়া লাভ ভগোৱাৰ সময় হয় তেতিয়া এজনৰ লাভত আন জনৰ লোকচান হব পাৰে। মজুৰ ৰুগ্ন অকৰ্ম্মা আৰু নিৰুৎসাহী হৈ পৰে এনে কম দৰ্ম্মহা দিয়াত মালিকৰ স্বাৰ্থ নাই। এনেকৈ কাৰখানা ভাল ৰকমে নচলিলে বেচি দৰ্ম্মহা খুজা মজুৰৰ স্বাৰ্থৰও অনুকুল নহয়। যেতিয়া মালিকৰ হাতত নিজৰ মেচিন মেৰামত কৰিবলৈও পইচা নাথাকে তেতিয়া মজুৰে উচ্চ দৰ্ম্মহা খুজা স্পষ্টতঃ অনুচিত হব।

 এই ৰকমে আমি দেখো যে লেন-দেনৰ নীতিৰ ওপৰত ভেটি কৰি কোনো শাস্ত্ৰ ৰচনা কৰা নাযায়। এইটো ঈশ্বৰৰ নিয়ম যে টকা পইচাৰ কম বেচিৰ হিচাবৰ ওপৰত মানুহৰ ব্যৱহাৰ স্থাপিত কৰিব নাপায়। ব্যৱহাৰৰ