পৃষ্ঠা:Sarboday.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
সৰ্ব্বোদয়

 এই ৰকমে আমি দেখো যে সৎ মানুহেই প্রকৃত ধন। যি দেশত নীতি আছে সেই দেশ ধনী। ভােগ বিলাসৰ কাৰণেই ইহকাল নহয়। প্রত্যেক মানুহেই যিখিনি পাৰে কাম কৰা উচিত। আমি আগৰ উদাহৰণত দেখিছো যে য’ত এজন মানুহ অলস থাকে তাত আন এজন মানুহে দুগুণ খাটিব লগা হয়। ইংলণ্ডত যি বেকাৰৰ সৃষ্টি হৈছে তাৰ এয়ে কাৰণ। কত লােকৰ হাতত টকা থকা স্বত্তেও কোনাে উপযুক্ত কাম নকৰে। সেই বাবে তেওঁলোকৰ কাৰণে আনে মজুৰি খাটিব লগা হয়। আৰু এই মজুৰি যথোপযুক্ত নহয় কাৰণে কাম কৰোতা সকলৰ লাভ নহয় । এনে অৱস্থাত ৰাষ্ট্ৰৰ পুঁজি ঘাটি পৰে। এই বাবে ওপৰে ওপৰে যদিও এয়ে বুজা যায় যে মানুহৰ কাজ মিলে, কিন্তু ভিতৰত অনুসন্ধান কৰিলে দেখা যায় যে অনেক লােক বেকাৰ হৈ বহি ৰয়। পিচত দ্বেষ ভাৱ উৎপন্ন হয়। অসন্তোষৰ বীজ জন্মে, আৰু শেষত ধনী-গৰীব, মালিক-মজুৰ দুয়ো নিজৰ মৰ্য্যাদা ত্যাগ কৰে। যি ৰকমে মেকুৰী আৰু ইন্দুৰৰ সদায় কাজিয়া, সেই ৰকমে ধনী আৰু গৰীব, মালিক আৰু মজুৰৰ মাজত মনােমালিন্য হৈ যায় আৰু মানুহে মনুষ্যত্ব ত্যাগ কৰি পশুৰ অৱস্থাত গৈ পৰে।