পৃষ্ঠা:Sarboday.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধনৰ নিচা

কাৰণে মাতিব। এই সময়ত দ্বিতীয় জনে কব পাৰে যে “মই তোমাৰ এইবােৰ কাম কৰি দিবলৈ তৈয়াৰ আছো, কিন্তু চৰ্ত্ত এই যে, মােৰ আৱশ্যক হলে তুমিও মােক ইমান কাম কৰি দিব লাগিব । তুমি এইটো লিখি দিব লাগিব যে তােমাৰ খেতিত মই যিমান ঘণ্টা কাম কৰো সিমান ঘণ্টা, দৰ্কাৰ হলে তুমিও মােৰ খেতিত কাম কৰি দিবা।” এইটোও ধৰি লওক যে বেমাৰীৰ বেমাৰ দীঘলীয়াকৈ চলিল আৰু প্ৰতি বাৰে এই জনে এই ৰকমে লিখি দিব লগাত পৰিল। এই অৱস্থাত বেমাৰীজন সুস্থ হলে তেতিয়া এওঁলোক দুয়োজনৰ স্থিতি কি হব ? আমি দেখিম যে দুয়ো পহিলা অৱস্থাতকৈ গৰীব হৈ গৈছে। কিয়নাে বেমাৰী মানুহ জন যেতিয়ালৈকে বিছনাত পৰি আছিল তেতিয়ালৈ তেওঁ নিজ কামৰ লাভ নাপালে। যদি আমি ধৰি লও যে দ্বিতীয় মানুহ জন খুব পৰিশ্ৰমী তথাপি এই কথাটো ঠিক যে তেওঁ যিমান সময় বেমাৰী জনৰ খেতিত খাটিলে সিমান সময় নিজৰ খেতিত খাটাৰ পৰা বঞ্চিত হব লাগিছিল। ফল এয়ে হল যে যিখিনি সম্পত্তি দুয়ােৰো মিলি হল হয়, এতিয়া তাতকৈ কম হৈ গ’ল।

 এয়ে নহয়, দুয়োৰাে সম্বন্ধ ও বদলি গল। বেমাৰী মানুহ জন আন মানুহ জনৰ ওচৰত ধৰুৱা হল। এতিয়া তেওঁ নিজৰ মজুৰি আন জনৰ তাত খাটি দিহে শস্যাদি পাব পাৰে। এতিয়া ধৰি লওক যে সেই স্বাস্থ্যবান মানুহ জনে বেমাৰী মানুহ জনে লিখি দিয়া খত পত্ৰৰ উপযােগ কৰিবলৈ স্থিৰ কৰিলে। যদি তেওঁ তেনে কৰে তেন্তে তেওঁ সম্পূর্ণৰূপে বিশ্রাম লব পাৰে–অলস হব পাৰে। তেওঁ ইচ্ছা কৰে যদি বেমাৰৰ পৰা উঠা মানুহ জনৰ পৰা আন চৰ্ত্ত লিখাই