পৃষ্ঠা:Sarboday.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
সৰ্ব্বোদয়

বাসীয়ে কয়, আৰু এইটো উচিত। কিন্তু এই স্বৰাজ নীতি পথ দিয়ে আমি লাভ কৰিব লাগিব, ই কেৱল নামৰ নহয় বাস্তবিক স্বৰাজ্য হোৱা উচিত। এনে স্বৰাজ হত্যাকাৰীৰ দ্বাৰা বা কাৰখানাৰ দ্বাৰা পোৱা নাযাব। ইয়াৰ কাৰণে উদ্যোগৰ আৱশ্যক, কিন্তু সেই উদ্যোগ সত্য পথেৰে হব লাগিব। ভাৰতভূমি এসময়ত স্বৰ্ণভূমি আছিল, তাৰ কাৰণ ভাৰতবাসী সকলেই সোণাৰ নিচিনা আছিল। মাটি তো একেই আছে কিন্তু মানুহ বদলি হৈছে। এই বাবে মাটি উজাৰ হৈ গৈছে। ইয়াক পুনঃ সুবৰ্ণময় কৰিবৰ কাৰণে আমি সৎ গুণৰ দ্বাৰা সোণাৰ নিচিনা হব লাগিব। এই সোণা কৰা পৰশ মণি দুটা আখৰত অন্তৰ্নিহিত আছে আৰু সেয়ে হৈছে “সত্য”। এই বাবে প্ৰত্যক ভাৰতবাসীয়ে যদি সত্যৰ প্ৰতি আগ্ৰহ কৰে তেন্তে ভাৰতবৰ্ষই ঘৰত বহি স্বৰাজ পাব।