সমললৈ যাওক

মৰমিয়াল পখিলাটি

ৱিকিউৎসৰ পৰা
[  ]
 

মৰমিয়াল পখিলাটি

ৰাষ্ট্ৰীয়
পুৰস্কাৰপ্ৰাপ্ত
সাধু পুথি

শ্রীমতী নীলিমা বৰা

 

[  ]

মৰমিয়াল পখিলাটি

ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত
সাধু পুথি

 

নীলিমা বৰা

 

জিজ্ঞাস প্ৰকাশন

[  ] MOROMIAL PAKHILATI: A collection of Stories for Children written by Nilima Bora & published by Jigyas Prakashan, Saraswati Market. Jasowanta Road Panbazar, Guwahati 1


প্ৰথম তাঙৰণঃ ২০০১ ইং চন

দ্বিতীয় তাঙৰণঃ ডিচেম্বৰ, ২০০৩ ইং চন

প্ৰকাশকঃ
জিজ্ঞাস প্ৰকাশন, সৰস্বতী মাৰ্কেট,
যশোৱন্ত ৰ’ড, পাণ বজাৰ, গুৱাহাটী- ১,
ফোনঃ (০৩৬১) ২৬০৭৯৭৫

বেটুপাত ও অংগ সজ্জাঃ
মণিকা গগৈ

ডি টি পি ও সজ্জাঃ
প্ৰকাশ চন্দ্ৰ ডেকা

©লেখিকাৰ দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত

মুল্যঃ ২০ (বিশ) টকা মাত্ৰ

মুদ্ৰকঃ
জিজ্ঞাস প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিছাৰ্ছ
উদ্যোগ পাম, বামুণীমৈদাম, গুৱাহাটী- ২১
ফোনঃ (০৩৬১) ২৬৫১০২৪

[  ]

এষাৰ কওঁ‌

 পোক-পৰুৱা, জীৱ-জন্তু, চৰাই-চিৰিকতি সকলোৰে এখন সুকীয়া জগত আছে। সিহঁতৰ ভয়, ভালপোৱা, খঙ, অভিমানে নিৰ্বোধ জগত খনলৈ মাদকতা নমাই আনে। মাধুৰ্যতা আছে সিহঁতৰ জীৱন প্ৰণালীত। “মৰমিয়াল পখিলাটি”ক তাকেই কল্পনাৰ আঁ‌ৰ লৈ সজাই-পৰাই অকণিহঁতৰ হাতত তুলি দিবলৈ প্ৰয়াস কৰা হৈছে; যাতে তেওঁলোকৰ কোমল প্ৰাণত জীৱ-জন্তুৰ প্ৰতি এক আত্মীয়তা ভাৱ গঢ় লৈ উঠিব পাৰে।

 এন, ছি, ই, আৰ, টি, নতুন দিল্লীয়ে পতা সৰ্বভাৰতীয় শিশু সাহিত্য প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পুৰস্কাৰ সন্মান কঢ়িয়াই অনা এই পুথিখনিৰ সাধুবোৰ লিখাত অনুপ্ৰাণিত হৈছিলো মোৰ একমাত্ৰ কন্যা মাজনী (কাকলি কৃষ্ণা) আৰু একমাত্ৰ পুত্ৰ বাব্‌লু (মানস)ৰ পৰা। তেতিয়াৰ পুথিখনিৰ ছবিঅঁকাৰ দায়িত্ব দিছিলো মৰমৰ ভাগিন বাবামণি (কঙ্কনজ্যোতি)ক। সকলোটিলৈকে মোৰ স্নেহাশীষ থাকিল।

 পুথিখনিৰ প্ৰকাশৰ দায়িত্ব লোৱা জিজ্ঞাসৰ স্বত্বাধিকাৰী শ্ৰীযুত অক্ষয় চন্দ্ৰ কলিতাদেৱ আৰু শ্ৰীযুত প্ৰদীপ কুমাৰ মেধিদেৱলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনালোঁ৷ লগতে ছবি আঁকি সজাই তোলা শিল্পী মৰমৰ মণিকালৈ মোৰ ধন্যবাদ থাকিল।অকণিহঁতে পুথিখনি পঢ়ি ৰং পালেই মোৰ লিখাৰ সাৰ্থক হ'ব।⸻

ইতি 
নীলিমা বৰা

[  ]

সখি

 এখন দেশত এটি সৰু পাহাৰ আছিল। সেউজীয়া পাহাৰটি নানা তহৰহৰ গছ-লতা, ফল-ফুলেৰে ভৰি আছিল। পাহাৰটিৰ তলেৰে জুৰি এটিও বৈ গেছে। জুৰিটিৰ পানীটুপি খাবলৈ নানা ঠাইৰপৰা পশু-পখীবোৰ আহে। যেতিয়া বাৰিষা আহে জুৰিটিৰ দুয়ো পাৰ পানীৰে উপচি পৰে। নানা ধৰণৰ পোক-পৰুৱা, লালুকী, মাছবোৰে তাত ৰং-ধেমালী কৰি ফুৰে।

 পাহাৰটিৰ গছ এজোপাত ঢোঁৰা কাউৰীৰ পোৱালি এটিয়ে বাস কৰিবলৈ লৈছিল। মাক-পিতাকক এৰি অকলে থাকিবলৈ লোৱা তাৰ বেছিদিন হোৱা নাই। নিচেই পুৱাতে সি সকলোকে মাতযাৰ দি ওলাই যায়। পেট পূৰাই খাই বৈ পুনৰ গধূলি উলটি আহে।

 কাউৰীটিয়ে এটি কথা মন কৰিলে, এটা শহা পোৱালি আৰু এটা বেঙ পোৱালি সদায় একেলগে ৰঙমনে কথাপাতি জুৰিটিৰ পাৰত ঘূৰি ফুৰে। দুয়ো যে নলে-গলে লগা সখি কথাটো সি বুজি পালে। সিহঁতৰ সখি হ’বলৈ তাৰো বৰ মন গ’ল।

 ছেগ চাই এদিন কাউৰী পোৱালিটি সিহঁতৰ ওচৰ পালেগৈ। সিহঁতে পিছে তালৈ কেৰাহিকৈও নেচালে। কাউৰীটিয়ে সুধিলে—“তোমালোক দুয়ো সখি হবলা?”

 শহাটোৱে একোকে নক’লে। বেঙটোৱেও হুঁটা মাতেৰহে ক’লে—“ও”।

 আগ্ৰহেৰে কাউৰীটিয়ে সুধিলে—

 —“মোকো তোমালোকৰ সখি কৰি ল’বানে?”

 শহাটোৰ বৰ খঙ উঠিল। সি বেং পোৱালিটোক ক’লে—

 —“চোৱাচোন সখি, ক’লীয়াটোৰ মৰসাহ। সি আমাৰ লগত ৰঙতে মিলেনে, গুণতে মিলে?”

[  ]  বেঙ পোৱালিটোৱে কাউৰীক ক’লে—

 “এৰা, তোমাৰ ৰঙটো বৰ আপচু। তাতে তুমি উৰণীয়া জীৱ। আমাৰ লগত কেনেকৈ সখি হ'বা?”
 দুখমনে কাউৰীটিয়ে উৰি গুচি আহিল।
 কিছুদিন পাৰ হৈ গ’ল। এদিন কাউৰীটিয়ে উদৰপূৰাই খাই বৈ আহি এঘূমুতি শুবলৈ বুলি গছৰ ডালত বহিছিলহে। এনেতে হঠাত সি দেখিলে— ক’লা ফেঁটী সাপ এটাই বেঙটোক ধৰিবলৈ খেদি ফুৰিছে। বেঙটো গৈ শহাটোৰ কাষ পালেগৈ। সি ভয়তে কঁপি কঁপি ক’লে—
 "সখি, মোক বচোৱা। সৌ শেনচকুৱা ফেঁটীসাপটোৱে মোক গিলেহে এতিয়া”
 শহাটোৱে উভতি চালে। ফেঁটী সাপটোক দেখি তাৰ জীৱ উৰি গ’ল। সি কলে— “মোক মাফ কৰিবা সখি। বেলি পাটত বহিবৰ হ’ল, কোমল ঘাঁহেৰে মোৰ পেটটো পূৰাবলৈ এতিয়াও বাকী। মই যাওঁহে।” এইবুলি শহা দৌৰ মাৰিলে। ভয়তে বেঙপোৱালিটো কঁপিবলৈ ধৰিলে।
 তাৰ বিলৈ দেখি কাউৰীটি ৰ'ব নোৱাৰিলে। সি উৰা মাৰি, গৈ বেঙ পোৱালিটোৰ কাষতে পৰি ক’লে—
 “উঠা, উঠা। সোনকালে মোৰ পিঠিত উঠা।”
 বেঙটোৱে জাঁপমাৰি কাউৰী পোৱালিটোৰ পিঠিত উঠিল। সি উৰা মাৰি গৈ দূৰৈৰ পথাৰ এখনত বেঙক নমাই দিলেগৈ।
 বেঙ পোৱালিটোৱে ক’লে—
 “তুমি আজি মোক নতুন জীৱন দিলা। তুমিহে মোৰ আচল সখি। তোমাৰ ৰঙটোহে ক’লা, মনটো হ’লে জোনাকৰ নিচিনা ফট্‌ফটীয়া।”

 মনৰ আনন্দতে দুয়ো হাতত ধৰা-ধৰিকৈ নাচিবলৈ ধৰিলে। [  ]

নিনি

 

 এজনী কেৰ্কেটুৱাৰ দুজনী জীয়েক আছিল। নাম মিনি আৰু নিনি। মিনি ডাঙৰ নিনি সৰু। মিনি তবজীয়া, ৰঙীয়াল আৰু কামিলা। নিনি পিচে তেনেই আলসুৱা আৰু ভয়াতুৰা। মিনিয়ে সদায় ভনীয়েকক কয়—‘সাহসী হ’লে সকলো [ ১০ ] কামতে জয়ী হ’ব পাৰি৷’ ভনীয়েকক মিনিয়ে গছে-গছে জঁপিওৱা, আহাৰ বিচৰা, শতৰু আহিলে তৎক্ষণাত পাতৰ আঁৰত লুকোৱা, আদি কামবোৰ সদায় শিকাই ফুৰে।

 ডাঙৰ হিচাপে মিনিৰ কামো বেছি। ভনীয়েকৰ প্ৰতি চকু ৰখা, মাকৰ আলপৈচান ধৰা, আহাৰ গোটোৱা আদি অনেক কাম। পিছে তাইৰ কামলৈ মুঠেই এলাহ নাই। গুণ-গুণাই গীত গাই গাই তাই যেতিয়া টান ফলবোৰৰ বাকলি এৰুৱায়, ভনীয়েকৰ বাবে নোমাল চুৱেটাৰ গোঁঠে তেতিয়া সময়বোৰনো কেতিয়া পাৰ হৈ যায়— মিনিয়ে উমানকে নেপায়।

-  এদিন মিনি ভনীয়েকক লৈ আহাৰ বিচাৰি গ'ল। সিহঁত গৈ গৈ বহুদূৰ পালেগৈ। সিহঁত এখন তামোলৰ বাৰীত সোমাল গৈ। কুমলীয়া তামোলবোৰ দেখা পাই দুয়োজনীৰে বৰ আনন্দ লাগিল। ধুনীয়া নেজদাল নচুৱাই নচুৱাই দুয়োজনীয়ে কুমলীয়া তামোলৰ ৰসবোৰ খাবলৈ ধৰিলে।

 নিনিয়ে তাই এতিয়া কামত কিমান পাৰ্গত হৈ উঠিছে তাকে দেখুৱাবলৈ বায়েকৰ ওচৰ পালেগৈ। আৰু ইজোপা গছৰপৰা সিজোপা গছলৈ জঁপিয়াবলৈ ধৰিলে। কিন্তু এপাকত তাই তললৈ সৰি পৰিল। তলত আক’ শিয়ালী এজনীয়ে ৰ’দলৈ শুই আছিল, মুখৰ আগতে নিনি পৰাত তাই ভালেই পালে। নিনিক থাপমাৰি ধৰি তাই দৌৰ মাৰিলে। মিনিয়ে বেগা-বেগিকৈ আহি যিমান দূৰলৈকে পাৰি ভনীয়েকক চাই থাকিল। তাইক শোকে খুন্দামাৰি ধৰিলে। নিনিয়ে অসহায় হৈ কান্দিবলৈ লোৱা দেখি তাইৰ চকুলো বৈ আহিল।

 বহু পৰলৈকে মিনিয়ে উচুপি উচুপি বহি থাকিল। সদায় সতৰ্ক হৈ থকাটো ভাল বুলি তাই ভনীয়েকক কৈ আহিছিল৷ পিছে আজলী ভনীয়েকে কথাটো মুঠেই মনত নেৰাখিলে।

 যেতিয়া বেলি লহিয়ালে মিনি অকলশৰে গৈ ঘৰ পালেগৈ। তাই আমন জিমনকৈ জুপুকামাৰি বহি থাকিল।

 দুদিনমানৰ পিছত এদিন নিচেই ৰাতিপুৱাতে দুৱাৰত কোনোবাই [ ১১ ] টুকুৰিয়ালে। মিনিয়ে চকু মোহাৰি আহি দুৱাৰখন খুলি দিয়েই আচৰিত হৈ পৰিল। কাৰণ, দুৱাৰ মুখত তাইৰ মৰমৰ ভনীয়েক নিনি ৰৈ আছিল। মিনিয়ে ভনীয়েকক সাৱটি ধৰি মৰমতে চুমা খালে আৰু কেনেকৈ সেই দুষ্ট শিয়ালী জনীৰ কবলৰপৰা সাৰি আহিল তাইক সুধিবলৈ ধৰিলে। শিয়ালীজনীয়ে ধৰাত ভয়তে নিনিৰ জীৱটো নাইকীয়া যেন লাগিছিল যদিও, কেনেকৈ তাই ধৈৰ্য ধৰিলে আৰু মনতে বুধি এটা পাঙি মৰাৰ ভাও জুৰিলে আৰু শিয়ালীজনীয়ে পুতেকহঁতক চিঞৰি চিঞৰি খবৰ দিবলৈ ভিতৰলৈ যোৱাত সেই চলতে তাই কেনেকৈ একেজাপে গৈ গছত উঠিলে গৈ সকলোখিনি বিৱৰি ক’লৈ। ঘৰলৈ অহা বাটটো বিচাৰি নোপোৱাতহে তাইৰ এই দুদিন পলম হ'ল।

 মিনিয়ে ভনীয়েকৰ সাহস আৰু বুদ্ধি দেখি বিচুৰ্তি খালে। তাই ভেবা লাগি ভনীয়েকলৈ চাই থাকিল। নিনিক আগতকৈ তজ্‌বজীয়া আৰু ৰঙীয়াল

যেন দেখা গৈছিল। [ ১২ ]

অভিমানী শহা

 “ময়ে আটাইতকৈ বুধিয়ক প্ৰাণী”— শহাটোৱে নিজকে কলে তাৰ নিজৰ ওপৰতে গৰ্ব হ’ল। কাৰণ, সি আজি মাকৰ সহায় নোলোৱাকৈ আহাৰ বিচাৰি খাব পাৰিছে। লগতে সি ককায়েককো ঠগিছে। ককায়েকক সি এটা মূৰ্খ বুলি ভাবিলে।

 মাকে আজি আনদিনাৰ দৰে সিহঁতক আহাৰ বিচাৰিবলৈ নিনি জুপুকা

মাৰি বহি আছিল। ভোকত সিহঁতৰ পেট পাক মাৰি ধৰিছিল। মাকৰ ওচৰত ঠেন্‌ঠেন্‌ মেন্‌মেন্ কৰাত বাঘঢকা দুটামান দি ‘নিজৰ আহাৰ নিজে বিচাৰি ল' বুলি শুইহে থাকিল।— আচলতে মাকৰ সিহঁতক নিজৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ দিয়া এয়া এক শিক্ষাহে আছিল।

 উপায় নেপাই সিহঁত দুটা ওলাই আহিল। হঠাতে এই ধুনীয়া ঘাঁহনিডৰা তাৰ চকুত পৰিল। সি ককায়েকক ক’লে –“ককাইটি অ’ মোৰ বৰকৈ পেট কামুৰিছে। মই অকণমান শোওঁ তই আগবাঢ়। মই একেলৰে গৈ তোক লগ ধৰিম।”

 ককায়েকে তাক সাৱধানে থাকিবলৈ কৈ আগবাঢ়িল। “মূৰ্খটো”— তাৰ বৰকৈ হাঁহি উঠিল।

 বৰ পৰুৱা এটা খৰকৈ আহি আছিল। শহাটোৰ কথা শুনি সি ৰৈ গ'ল। [ ১৩ ] সি সুধিলে—
 —“কাকনো মূৰ্খ বুলিলা?’’
 —“মোৰ ককাইক। মই তাক ঠগিলো। মই সবাতোকৈ বুধিয়ক। মোক আজি আয়ে শলাগিব আৰু ককাইক মূৰ্খ বুলি গালি পাৰিব।”— এইবুলি শহাটোৱে বৰপৰুৱাক তাৰ আহাৰ খোৱা বুধিটো বখানিলে। তাকে শুনি পৰুৱাই ক'লে।
 —“তোমাক আজি আয়েৰাই এশিকনি দিব।”
 —“কিয়”? শহাই ফেপেৰি পাতি ক’লৈ।
 —“তুমি সৰল ককায়েৰাক ঠগি বেয়া কাম কৰিছা।” — পৰুৱাই ক'লে।

দাম্ভিক শহাটোৱে ক'লে—
 —“আয়ে আমাক শিকাইছে চতুৰ হ’ব নোৱাৰিলে জীৱনলৈ ভয়”। পৰুৱাই বুজিনৰ সুৰত ক'লে—
 “সেইয়া বিপদত নিজক ৰক্ষা কৰিবলৈহে কৈছে। পিছে, মই যাওঁ৷ শকত আহাৰ এটা পাইছোঁ লগৰীয়াহঁতক খবৰ দিওগৈ।”
 শহাই ক’লে—
 “লগৰীয়াহঁতক কিয় খবৰ দিয়া? পেট পূৰাই খাই পেলোৱা।”
 পৰুৱাই ক’লে—“আমি সকলো কাম লগে-ভাগে কৰিহে ভাল পাওঁ।”
 “অকলে খোৱাৰ মজাই সুকীয়া। পিছে, তুমি অকণমানিটো হৈ কি বুজিবা?” শহাই ইতিকিং কৰি ক'লে।
 —“ডাঙৰ হ’লেই মগজো ডাঙৰ হ’ব নোৱাৰে”— পৰুৱাই গহীন হৈ ক’লে।

 পৰুৱাৰ কথা শুনি শহাৰ খং উঠি গ'ল। সি পৰুৱাক মাৰিবলৈ খেদি আহিল। পৰুৱাই শহাৰ নাকটোৰ কোমল অংশত কামোৰ মাৰি ধৰিলে।  —“মৰিলো ঔ মৰিলো” শহাই আটাহ পাৰিবলৈ ধৰিলে৷ অলপ সময় পাছত কামুৰিবলৈ এৰি দি পৰুৱাই ক'লে—

 “সৰু হ’লেও আমাৰ বল বহুত বুজিছা? সেইদৰে আমাৰ মনটোও ডাঙৰ। সেয়েহে আমি সকলো মিলি-জুলি থাকো। কাৰণ একতাৰ সমান ডাঙৰ বল নাই।”

 পৰুৱাৰ কামোৰত তত্ নেপাই শহাই পাছলৈ নোচোৱাকৈ ভিৰাই লৰ মাৰিলে। তাৰ অৱস্থা দেখি পৰুৱাই হাঁহি হাঁহি হাঁহি বাগৰি পৰিল।
[ ১৪ ]

এধানি ৰঙিলী

 তাইৰ নাম ৰঙিলী। ৰঙিলী তেনেই ৰাঙলীয়েই। কণমানি দেহাটোত সাতোৰঙৰ চিক্‌মিকনি। ধুনীয়া। মৰমলগা তাই তেনেই এধানি এটি খলিহনা মাছ।

 মাকৰ লগে-লগে তাই নাচি বাগি ফুৰিছিল। কেনেকৈ যে আহি এই পুখুৰীটোত সোমালহি— তাই গমকে নেপালে। মাকে সদায় সিহঁতক লগে

লগে লৈ ফুৰে— নহ’লে কাৰ পেটত কেতিয়া সোমাব লগা হয় তাৰ ঠিক নাই। লগ নেৰিবলৈ সিহঁতকো সকিয়াই থাকে। পিছে মনৰ উলাহত সাতুৰি নাদুৰি ফুৰোতে তাই মাকৰ লগ এৰা দিলে। তেনে অৱস্থাতে জালোৱা এটাৰ জালত তাই লাগি আহিল। পিছত জালোৱাটোৱে এই পুখুৰীটোত জল পেলোৱাত তাই ইয়াতে সৰকি পৰিল।

 পুখুৰীটোত তাইৰ সমনীয়া কোনোৱে নাই। ডাঙৰ ডাঙৰ মাছবোৰে টহল [ ১৫ ] দি ফুৰিছে। ৰঙিলীৰ পেটতে হাতভৰি লুকাল। পুনী এসোপাৰ মাজত তাই কুচিমুচি সোমাই থাকিল। মাকলৈ মনত পৰি তাই উচুপিবলৈ ধৰিলে।

 পুখুৰীটোত ভেকুলী পোৱালি এটাই ৰঙমনে বুৰমাৰি কছৰৎ কৰি আছিল। ৰঙিলীৰ উচুপনি শুনি পুনীবোৰৰ মাজেৰে জুমি চালে।

  “হেৰা ধুনীয়া মইনাটি, কান্দিছা কিয়?” ভেকুলী পোৱালিটিয়ে গাটো লুকুৱাই সুধিলে। কাৰণ তাৰ খহটা গাটো ৰঙিলীক দেখুৱাবলৈ লাজ লাগিল।

 চাৰিওফালে চাই কাকো নেদেখি ৰঙিলীয়ে বৰ ভয় খালে। তাই লুকাবলৈ চেষ্টা কৰিলে। এইবাৰ ভেকুলীটো তাইৰ সমূখলৈ ওলাই আহি মাত লগালেহি। ৰঙিলী ক্ষন্তেক দৰক্ মাৰি ৰ’ল। তাই উপজিবৰ বেছি দিন হোৱা নাই। তাই এনে জীৱ আগতে দেখা নাছিল। ৰঙিলী পিছ হুঁহকি গ'ল ভেকুলীটোৱে ক'লে—

 “ভয় নকৰিবাচোন৷ মই তোমাৰ একো অপকাৰ নকৰো নহয়৷ তুমিনো কান্দিছা কেলেই?

 “মই মোৰ আই হেৰুৱালো।” তাই আকৌ উচুপিলে। ৰঙিলীয়ে ভেকুলীটোক সকলো কথা ক’লে। ভেকুলীয়ে ক’লে “তুমি আয়েৰাৰ কথা নুশুনি বৰ ভুল কৰিলা।” বাৰু আহাচোন আমি অকণ লুকা-ভাকুকে খেলো।”

 ৰঙিলীৰ মনটো ভাল লগাবলৈকে ভেকুলীটোৱে ক'লে।

 “নিশ্চয় ডাঙৰ মাছবোৰে মোক খাই পেলাব।” ৰঙিলীয়ে ক’লে। বুকু ফিন্দাই ভেকুলী পোৱালিটোৱে ক'লে—

 —“ইহ্ মই থাকোতে তোমাৰ কিহৰ ভয়?”

 ভেকুলীৰ কথা শুনি ৰঙিলীৰ মনটো ভাল লাগি গ'ল। দুয়ো খেলিবলৈ ধৰিলে। নিশা হ'লত ভেকুলীয়ে ৰঙিলীক নিৰাপদ ঠাইত থৈ মাকৰ ওচৰলৈ গুছি আহিল।

 নিতৌ ভেকুলী ৰঙিলীৰ ওচৰলৈ অহা হ’ল। দুয়ো ৰঙ-ধেমালি কৰি সময়বোৰ পাৰ কৰে। এইদৰে দুয়ো দুয়োৰে লগৰীয়া হৈ পৰিল৷

 দুদিনমানৰ পিছত নেৰা-নেপেৰা বৰষুণ হ’বলৈ ধৰিলে।

 পুখুৰীটো পানীৰে উপচি পৰিল। পুখুৰীৰ পানী আৰু বিলৰ পানী একাকাৰ [ ১৬ ] হৈ পৰিল। ৰঙিলীয়ে তাইৰ দৰে সৰু-সৰু মাছবোৰ জাকে-জাকে দেখিবলৈ পালে। তাইৰ মনত বৰ ৰঙু লাগিল৷

 ৰঙিলীৰ ৰঙ দেখা পাই ভেকুলীয়েও বৰ ৰঙ পালে সি ভাবিলে ৰঙিলীজনীক যাবলৈ কোৱাই ভাল হ'ব৷ সি তাইক পুখুৰীটোৰ কাষলৈ লৈ আহিল। ৰঙিলীক ভেকুলীয়ে ক’লে—

 “বিলৰ পানী আৰু পুখুৰীৰ পানী এতিয়া সমান হৈ পৰিছে তুমি এইপিনেই ওলাই যোৱা। নিশ্চয় আয়েৰাক বিচাৰি পাবা৷”

 ৰঙিলীয়ে বহল বিলখন দেখি বৰ ভাল পালে। কিন্তু ভেকুলীক এৰি যাবলৈও বেয়া লাগিল। তাই ক’লে-

 “তুমিও মোৰ লগত নোযোৱানে?”

 ভেকুলীয়ে ক’লে-- “আয়ে মোক বিচাৰি হাবাথুৰি খাব। তুমিয়ে যোৱাগৈ। তোমালৈ মোৰ বৰকৈ মনত পৰিব৷”

 ৰঙিলীয়ে দুখমনেৰে ভেকুলীৰ পৰা বিদায় লৈ বিলখনৰ ফালে আগুৱাই গ’ল।

 ভেকুলী পোৱালিটোৱে একে থৰে সেইফালে চাই থাকিল৷ তাৰ দুচকুৱেদি

টপ্‌টপকৈ চকুপানীবোৰ সৰি পৰিবলৈ ধৰিলে৷ [ ১৭ ]

কুকুৰ আৰু কাউৰী

 অতি পুৰণি কালৰ কথা। এখন দেশত এজন বৰ ধাৰ্মিক ব্ৰাহ্মণ আছিল। তেওঁ সৎ আৰু দয়ালু আছিল। পুৰণি কালত ব্ৰাহ্মণ সকলৰ দৈৱশক্তি থকা বাবে তেওঁলোকে যি শাও দিছিল তাকে ফলিয়াইছিল। মানুহৰ ভাগ্যৰ কথাও তেওঁলোকে গণনা কৰি কৈ দিব পাৰিছিল। এই ব্ৰাহ্মণজনৰ ওচৰলৈ বহু দূৰ দূৰণিৰপৰা বহু মানুহ ভাগ্য গণনা কৰাবলৈ আহিছিল। ভাগ্য গণনা কৰি তেওঁ যি দান দক্ষিণা পাইছিল তাকে লৈ পৰম সুখত দিনবোৰ কটাইছিল।

 এদিন কাশীনাথ নামেৰে এজন মানুহ বামুণজনৰ ওচৰলৈ আহিল। মানুহজন বৰ দুখীয়া আছিল। নিজৰ দুখৰ কথা কৈ বামুণজনক তেওঁক লগুৱা কৰি ৰাখিবলৈ বৰকৈ খাটনি ধৰিলে। দয়া লাগি বামুণজনে কাশীনাথক নিজৰ ঘৰতে আশ্ৰয় দি ৰাখিলে। ঘৰুৱা কামবন কৰি কাশীনাথ সুখেৰে থাকিবলৈ ল’লে। অতি সোনকালেই কাশীনাথ বামুণজনৰ বিশ্বাসী হৈ পৰিল।

 কাশীনাথৰ কামবনত সন্তোষ পাই বামুণজনে ভাবিলে, মই যদি তাক ভাগ্য গননা বিদ্যাটো শিকাই দিও তেনেহ’লে সি জীৱিকাৰ বাট এটাকে উলিয়াই ল’ব পাৰিব।' সেয়েহে এদিন কাশীনাথক ওচৰলৈ মাতি আনি ক'লে—

 “তোক মই ভাগ্য গণনা বিদ্যাটো শিকাই দিওঁ, তই শিকি বুজি নিজৰ জীৱিকা নিজেই মুকলি কৰি ল’ব পাৰিবি।” কশীনাথে ব্ৰাহ্মণৰ কথা শুনি ভালেই পালে। কাৰণ মনে মনে কথাটো সি ভাবিয়ে আছিল। পিছে কবলৈহে সাহস কৰিব পৰা নাছিল। কাশীনাথ তৎক্ষণাত মান্তি হ’ল।

 কাশীনাথ টেঙৰ আছিল। অতি সোনকালেই গননা বিদ্যাটো শিকি পেলালে। তাকে দেখি বামুণে ক’লৈ—“শুন, তোৰ গননা বিদ্যা শিকা সম্পূৰ্ণ হ’ল। আজিৰপৰা তই কাশী লগুৱাৰ সলনি কাশীনাথ পণ্ডিত নামেৰে জনাজাত হবি। কাইলৈ পুৱাতেই তই পূৱ দিশে ৰাওনা হবি। যিখন ঠাইতে গধূলি হ’ব [ ১৮ ] সেইখন ঠাইতে তই নিগাজীকৈ থাকিবলৈ লবি আৰু ভাগ্য গননা কৰি মানুহৰ সেৱা কৰিবি।”

 পিছদিনা কাশীনাথ শোৱাপাটীৰপৰা সোনকালেই উঠিল। গা-পা ধূুই এমুঠি খাই বৈ ল’লে। কলপাতেৰে মেৰিয়াই এমুঠি গামোচাতো বান্ধি ল'লে। বামুণক সেৱা এটি জনাই যাবলৈ ওলোৱাত কাশীনাথক বামুণে উপদেশ দি ক’লে— “এটা কথা সদায় মনত ৰাখিবি, লোভেই পাপ।”

 গৈ গৈ কাশীনাথ বহু দূৰ পালেগৈ। বেলি গৈ মূৰৰ ওপৰ পালে ভোক আৰু ভাগৰ লগাত সি গছ এজোপাৰ তলতে জিৰাবলৈ বহিল। কিছু আঁতৰত পুখুৰী এটা দেখা পাই কাশীনাথ পানী খাবলৈ উঠি গ'ল।

 উভটি আহি সি দেখিলে বাটত খাবলৈ অনা জলপানখিনি কোনোবা এটাই খকামকাকৈ খাবলৈ ধৰিছে। তাকে দেখি কাশীনাথে ক'লে—

 —“হেৰ’ নিধক, তোৰ কাণ্ডজ্ঞান অকণো নাইনে? পৰৰ আহাৰ এনেকৈ গিলনে?”

 ভয়তে মানুহটো থৰ্‌থৰকৈ কঁপিবলৈ ধৰিলে। সি ক’লে— “প্ৰভু, আজি সাতোদিনে পেটত খুদকণ এটাও পৰা নাই। ভোকতে ৰ'ব নোৱাৰিলো।”

 মানুহটোৰ অৱস্থা দেখি কাশীনাথে একো নক’লৈ। ক্ষন্তেক জিৰাই লৈ [ ১৯ ] পুনৰ যাত্ৰা আৰম্ভ কৰিলে। মানুহটোও পিছে পিছে যাবলৈ ধৰিলে। তাকে দেখি কাশীনাথে বোলে—

 “তই আক’ মোৰ পিছ লৈছ কিয়?”

 মানুহটোৱে ক’লৈ “প্ৰভু, মই খাই পাতফলা বিধৰ নহওঁ। আপোনাৰ ভাগৰ আহাৰকণ খাইয়ে মোৰ প্ৰাণ ৰক্ষা পৰিল। মই চিৰদিন আপোনাৰ গোলাম হৈ থাকিম।”

 পোনতে কাশীনাথ মান্তি হোৱা নাছিল। পিছত তাৰ কথা পেলাব নোৱাৰি ক’লে—

 “বল বাৰু।”

 দুয়ো গৈ গধূলি পৰত গাঁও এখন পালেগৈ। তাতে মানুহ এঘৰত আলহী হ’ল। কাশীনাথে গণক বুলি পৰিচয় দিলে। গিৰিহঁতে আথে বেথে অতিথি থকাৰ দিহা কৰি দিলে৷

 কাশীনাথে সেই গাঁৱতে থকাৰ ইচ্ছা প্ৰকাশ কৰাত গঁঞা ৰাইজে পঁজা এটি সাজি কাশীনাথক থকাৰ ব্যৱস্থা কৰি দিলে। বাটত লগপোৱা মানুহটোও কাশীনাথৰ লগতে লগুৱা হৈ থাকিবলৈ ল'লে৷

 কাশীনাথে গণনা কৰা কাম আৰম্ভ কৰিলে। দুদিনমানৰ ভিতৰতে কাশীপণ্ডিতৰ নাম চাৰিওদিশে জনাজাত হৈ পৰিল। দূৰ-দূৰণিৰ পৰাও ধনী- মানী মানুহৰ সোঁত ববলৈ ধৰিলে। পণ্ডিতে ধনেৰে ভৰাল বান্ধিব পৰা হ'ল।

 লাহে-লাহে কাশী পণ্ডিতৰ লোভ বাঢ়ি গ'ল। সৰহকৈ দান-দক্ষিণা দিব নোৱৰা মানুহবোৰলৈ পণ্ডিতে মূৰ তুলিয়েই নোচোৱা হ’ল। দুখীয়া মানুহবোৰে যাতে চোতালত ভৰি থবহি নোৱাৰে তাৰ কাৰণে তেওঁ লগুৱাক পিৰালিত বহুৱাই থবলৈ ধৰিলে। দীন-দুখী মানুহবিলাকৰ বিলৈ দেখি লগুৱাই পণ্ডিতক ক'লে—

 “প্ৰভূ, ধনেৰে আপোনাৰ ভঁৰাল ঠাহ খাইছে, তথাপি দুখীয়া মানুহবিলাকৰ পৰা দক্ষিণা বিচাৰে কিয়?”

 পণ্ডিতে ভেকাহি মাৰি বোলে—

[ ২০ ]  “তই এইবোৰ কথাত মাত মাতিবলৈ কোন অ? তইনো ধনৰ কি মোল বুজ?”

 লগুৱা মনে মনে থাকিল। মনতে ভাবিলে—“যাৰ লোণ খাইছো তাৰ গুণ গোৱাই ভাল।”

 কাশীনাথ পণ্ডিত হৈ গনকৰ কামনো কেনেদৰে কৰিছে তাকে চাবলৈ এদিন বামুণজন আহি সেই গাঁও পালেহি। কাশীনাথৰ নদন-বদন অৱস্থা দেখি তেওঁ বৰ সন্তোষ পালে। আলেখ-লেখ চাবলৈ সেই গাঁৱৰে মানুহ এঘৰত অতিথি হৈ থাকিল। গাঁৱৰ মানুহবিলাকক কাশীনাথৰ কথা সুধিলে। মানুহবোৰে কাশী পণ্ডিতৰ সকলো কথা বিৱৰি কলে। কথা শুনি বামুণজনৰ বৰ খঙ উঠিল। তেওঁ গৈ কাশীনাথৰ ঘৰ পালেগৈ। পিৰালিতে লগুৱা বহিয়ে আছিল। ভিক্ষাৰী যেনহৈ অহা বামুণক ‘গুচ গুচ’ সি বুলি খেদি আহিল। লগুৱাৰ অতপালি দেখি বামুণে তাক ‘চাৰিঠেঙীয়া জন্তু হ’ বুলি শাও দিলে। লগুৱা তৎক্ষণাত জন্তু হৈ পৰিল। বামুণে তাক ‘গুচ গুচ’ মাতষাৰকে মুখত অনবৰত থাকক বুলি কৈ কাশীনাথৰ ওচৰ পালেহি। কাশীনাথে সোনৰ মোহৰ কিছুমান গন্তি কৰি আছিল। ব্ৰাহ্মণক দেখি মুখলৈ নোচোৱাকৈ ভাবিলে কোনোবা দাল দৰিদ্ৰহে আহিছে। গতিয়াই উলিয়াই দিবলৈ লগুৱাক চিঞৰিলে।

 ব্ৰাহ্মণ খঙত অগ্নিশৰ্মা হৈ পৰিল। তেওঁ শাও দি ক'লে— লোভত পৰি তোৰ মনটো ক'লা হৈ পৰিছে। ক'লা মনটোৰ দৰেই তই এটা ক’লা আপচু চৰাই হৈ পৰ। এতিয়া চিঞৰাৰ দৰেই তোৰ মাতটোও কৰ্কশ হৈ পৰক। তাকে শুনি তোক মানুহে সাত ঢাপৰ বাহিৰ কৰিব।”

 ব্ৰাহ্মণৰ শাওপাত পৰি কাশীনাথ নিমিষতে এটা ক’লা চৰাই হৈ পৰিল। পিছত ব্ৰাহ্মণক দেখি নিজৰ ভুল বুজিব পাৰি চৰাইৰূপী কাশীনাথে ব্ৰাহ্মণৰ ভৰিত দীঘল দি পৰিল। ব্ৰাহ্মণে ক'লে—

 “মই তোক যিখিনি জ্ঞান দিলো তাক পুনৰ ঘূৰাই ল'ব নোৱাৰো। এই জ্ঞানেৰে তই মানুহৰ ঘৰে ঘৰে গৈ কুশল মঙ্গলৰ বতৰা দি ফুৰিবি। তথাপি তই [ ২১ ] মানুহৰ আদৰ নেপাবি। মানুহে খাবলৈ তোক খুদকণো দলিয়াই নিদিব চুৱাপাতনিত তই আৰু তোৰ লগুৱাই আহাৰ বিচাৰি ফুৰিব লাগিব। তাকে শুনি জন্তুৰূপী লগুৱাই কুকুঁৱাই কান্দিবলৈ ধৰিলে। ব্ৰাহ্মণে তাক ক'লে—

 “তই নিস্বাৰ্থভাৱে গিৰিহঁতৰ সেৱা কৰিলি। এইগুণ তোৰ সদায় থাকিব৷ তোক মানুহে আদৰো কৰিব আৰু খোৱা ভাগৰে এমুঠি খাবলৈ দিব। তই সদায় মানুহৰ লগতে থাকিবি। মানুহৰ মাজত তই কুকুৰ নামে জনাজাত হবি। তাৰ পাছত কাশীনাথলৈ চাই ক'লে—

 “তোক কাউৰী নামেৰে মানুহে চিনি পাব।” এইবুলি ব্ৰাহ্মণ গুছি গ'ল।

 কাশীনাথ কাউৰীহৈ ঘৰৰ মূধচত পৰিলগৈ৷ নিজকে কাশীনাথ বুলি চিনাকি দিবলৈ আপ্ৰাণ চেষ্টা কৰিলে। কিন্তু “কাঁ কাঁ” কৰ্কশ মাত ষাৰৰ বাহিৰে তাৰ মুখৰপৰা এটা শব্দও নোলাল।

 কুকুৰৰূপী লগুৱাই কাউৰীলৈ চাই খঙতে আৰু খেদি গ’ল। কিন্তু ওপৰত থকা কাউৰীক একো কৰিব নোৱাৰি নেজডালতে মুখখন লুকুৱাই কুকুঁৱাই কান্দিবলৈ ধৰিলে। অসৎ লোকৰ লগত থকাটো যে মুৰ্খামি লগুৱাই ভালকৈ বুজিব পাৰিলে। তেতিয়াৰপৰা কাউৰী কুকুৰৰ ঘোৰ শত্ৰু হৈ পৰিল।

 চুৱাপাত পেলোৱা শুনিলে আজিও কাউৰী আৰু কুকুৰ দৌৰি আহি ওলায়হি। পুৰণি কথা মনতপৰি কাউৰীক এপালি দিবলৈ কুকুৰে খেদি যায়।

 কাউৰীয়ে আজিও কা কা কৰি নিজৰ পৰিচয় দিবলৈ চিঞৰি ফুৰা আমি দেখিবলৈ পাওঁ৷ অকল সেয়ে নহয়, ঘৰে ঘৰে আহি মঙ্গলা-মঙ্গলৰ বাতৰি ও দি

ফুৰা আমাৰ চকুত পৰে। [ ২২ ]

জীৱসৃষ্টিৰ কথা

 বহুকোটি বছৰৰ আগৰ কথা। পৃথিৱীত তেতিয়া কোনো প্ৰাণীৰ জন্মই হোৱা নাছিল। কেৱল গছ-গছনি, জান জুৰি আৰু পৰ্বত পাহাৰহে আছিল।

 এদিন ভগৱান বিষ্ণু লক্ষ্মীদেৱীৰ স’তে গোটেই বিশ্বব্ৰহ্মাণ্ড ঘূৰি পকি আহি পৃথিৱী পালেহি। বিতোপন পৃথিৱীখনি দেখি লক্ষ্মীদেৱী মোহ গ’ল। তেওঁ বিষ্ণুক পৃথিৱীতে থাকিবলৈ প্ৰাৰ্থনা জনালে।

 ভগৱান বিষ্ণুৱে লক্ষ্মীদেৱীৰ কথা পেলাব নোৱাৰি পৃথিৱীতে থাকিবলৈ মান্তি হ’ল। ভগৱান বিষ্ণু দিনে নিশাই বিশ্বব্ৰহ্মাণ্ডৰ চিন্তাতে বুৰ গৈ থাকে। ইপিনে অকলে অকলে থাকি লক্ষ্মীদেৱীৰ আমনি লাগিবলৈ ধৰিলে। ছেগ বুজি এদিন তেওঁ বিষ্ণুক ক'লে—

 “হে সৃষ্টিকৰ্তা স্বামী, অকলশৰে থাকি মোৰ আমনি লাগিছে। আপুনি কিছুমান জীৱৰ সৃষ্টি কৰিব নোৱাৰেনে?”

 ভগৱান বিষ্ণুৱে কথাটো ভাবি চালে। তেওঁ সাতদিন সাতৰাতি ধ্যানত বহিল। তাৰ পিছত মানুহ, পশু-পক্ষী আদি নানা জীৱবোৰৰ সৃষ্টি কৰিলে। তাকে দেখি লক্ষ্মীদেৱীয়ে বৰ আনন্দ পালে। তেওঁ বিষ্ণুক ক’লে—

 “হে জগতৰ গৰাকী, আপোনাৰ সৃষ্টি এতিয়াহে সম্পূৰ্ণ হল।”

 দিনবোৰ পাৰ হ’বলৈ ধৰিলে। পিছে এটা ডাঙৰ আহুকালে দেখা দিলে। গছৰ ফল-মূলবোৰ কম হোৱাত জীৱবোৰৰ খোৱাৰ নাটনি পৰিল। লক্ষ্মীদেৱীয়ে বিষ্ণুক এই আহুকাল দূৰ কৰাৰ উপায় বিচৰিলে। বিষ্ণুৱে জীৱবোৰক উপদেশ দিলে—

 “তোমালোকে খোৱা-ফলবোৰৰ গুটিবোৰ মাটিত পুতি থবা।”

 মানুহবোৰেও তেওঁৰ উপদেশ মতে কাম কৰিলে। এটা সময়ত গুটিবোৰৰ পৰা লহ্‌পহ্‌কৈ গছবোৰ বাঢ়ি আহিবলৈ ধৰিলে। ফলেৰে গছবোৰ এদিন ভৰি [ ২৩ ]

পৰিল। এইদৰেই মানুহবোৰে শস্যৰ পৰাই শস্য কৰিবলৈ শিকিলে আৰু খোৱাৰ অভাৱ দূৰ কৰিবলৈ ধৰিলে। এই কাম কেৱল মানুহবোৰৰ কাৰণেহে সহজ আছিল। সেইবাবে পশু-পক্ষী, পোক-পৰুৱাবোৰৰ বিষ্ণুৰ ওপৰত বৰ খঙ উঠিল। সিহঁতে

বিষ্ণুক মাৰিবলৈ খেদি আহিল। তাকে দেখি ভগবান বিষ্ণুৱে সিহঁতক নাশ কৰি পেলাবলৈ সাজু হ’ল । লক্ষীদেৱীয়ে বৰ ভয় খালে৷ তেওঁ ভগবান বিষ্ণুক কাকুতি মিনতি কৰি তাৰপৰা বিৰত কৰিলে। লক্ষ্মীদেৱীৰ কথা বিষ্ণু মানিলে সচাঁ কিন্তু [ ২৪ ] পৃথিৱী এৰি লক্ষ্মীদেৱীক লৈ পুনৰ স্বৰ্গলৈ গুছি গ'ল।

 ভগাবান বিষ্ণু পৃথিৱী এৰি গুছি যোৱাত মানুহবোৰে বৰ দুখ পালে৷ মূৰ্খ জীৱবোৰৰ বাবেই এনে হোৱাত ভীষণ খঙ উঠিল। জীৱ-জন্তুবোৰক নিজৰ লগৰপৰা বাহিৰ কৰি দিলে। উপায় নেপাই জীৱবোৰে হাবিবননি জান-জুৰি আদিত গৈ থাকিবলৈ ল'লে।

 ভগৱান বিষ্ণুয়ে পৃথিৱী এৰি গ'লেও তেওঁক মানুহবোৰে পাহৰিব নোৱাৰিলে। পূজা-অৰ্চনা কৰি তেওঁৰ গুণ-গান গাই থাকিল, আনহাতে নিজৰ মূৰ্খামিৰ কথা বুজিব পাৰি জীৱবোৰৰ অনুশোচনা হ’ল। বিষ্ণুৰপৰা আহাৰৰ উপায় ল’ব নোৱাৰি ভোকত কল্‌মলাবলৈ ধৰিলে। উপায় নেপাই কিছুমানে ঘাঁহবনকে খাবলৈ অভ্যাস কৰিলে। কিছুমানে আক’ অসহায় জীৱবোৰকে ধৰি ধৰি খাই

পেটৰ পোৰণি মাৰিবলৈ বাধ্য হ’ল। [ ২৫ ]

বিলোপন আতৈ

 শীতকালৰ এটা ৰাতিপুৱা। কোমল ৰ'দটো লাহে-লাহে চোকা হৈ আহিল। দুবৰিত চিক্‌মিকাই থকা নিয়ঁৰবোৰ শুকাবলৈ ধৰিলে। বৰ পৰুৱা বিলোপন আতৈ কামলৈ ওলাই আহিল। শীতকালি পিছে তেনেকৈ কাম নেথাকেই। দিনৰ আহাৰ দিনে বিচাৰি পেটৰ ভোক গুচাব পাৰি। জহকালিৰ দিন কেইটাহে বৰ অসুবিধা। কেতিয়া দোপালপিটা বৰষুণজাক আহি পৃথিৱীখন বুৰাই পেলাইহি তাৰ একো ঠিক নাই। খোৱা আহাৰকণৰে বৰ মস্কিল হৈ পৰে। সেয়েহে দিনে ৰাতিয়ে আগতীয়াকৈ আহাৰ বিচাৰি গোটাওতেই সময় যায়।

 দাঁত খৰকিয়াই খৰকিয়াই আহি থকা আতৈয়ে যাকে যতে পালে মাত এষাৰ লগাই গ’ল। গছ এজোপাৰ তলত উই চিৰিঙা এটা মৰি আছিল। পৰুৱা দুটামানে তাকে খাই আছিল। আতৈক দেখি সিহঁতে বাট এৰি দিলে। আতৈয়ে তাৰে পৰুৱা এটাক লগৰীয়াহঁতকো খবৰ দিবলৈ পঠিয়াই-দিলে।

 আতৈয়ে পেট পুৰাই খাই বৈ জুৰিৰ পানী এটুপি পি সাঁতুৰি সিপাৰ হ’ল। মিতিৰ দুঘৰমানক মাত লগাই উভতিবলৈ ধৰোতেই দেখিলে— শহা এহালে জোপোহা এটাৰ তলত বহি কান্দি আছে। কাষচাপি আতৈয়ে সুধিলে—

 “কিনো বিপদে পালে? ৰাউচি জুৰিছা দেখোন?”

 শহানীয়ে ক'লে—

 “এহ্‌ গেলাতে টেঙা নিদিবাছোন। আমাৰ দুখ দূৰ কৰোতা কোনোৱে নাই।” তাই আকৌ কান্দিবলৈ ধৰিলে।

 আতৈয়ে ক’লে—

 “ৰবা ৰ'বা, আগতে কোৱাছোন কথাটো কি?”

 শহাই ক’লে—

 “তুমি এধানি জীৱ। শুনিনো কি সহায় কৰিবা? তথাপি তোমাক ধন্যবাদ, [ ২৬ ] আমাৰ বাতৰিকে লৈছা।”

 আতৈয়ে আঁঠুত ভেঁজা দি বহি ল’লে। তাৰ পিছত ক’লে—“এধানি বুলি নেৰিবা। কিজানি বুধি ভৰসা দিবই পাৰো।”

 শহানীয়ে হুমুনিয়াহ কাঢ়ি ক'লে—

 “তেনেহ’লে শুনা, মোৰ পোৱালিকেইটাৰ ওপৰত খকুৱা শিয়ালটোৰ চকু পৰিছে। আজি পুৱাতে আহি কৈ গৈছেহি গধূলিকৈ পোৱালি এটা নিদিলে হোনো আমাৰ দুয়োটাক গোটে গোটে গিলি থব।”

 বিলোপন আতৈ ক্ষন্তেক টলকা মাৰি ৰ’ল। তাৰ পিছত ক'লে— “ভয় নাই। সকলো ঠিক হৈ যাব।”

 —“কি ঠিক হ’ব? কি ঠিক হ'ব??” শহাহাল আতৈৰ কাষচাপি আহিল।

 আতৈয়ে কাণে কাণে বুধি এটা কৈ গুছি গ'ল।

 গধূলি হৈ আহিল। শিয়ালে এঙামুৰি দুটামান দি একে লৰে আহি শহাৰ ঘৰ ওলালহি। তাৰ আজি মহাস্ফুৰ্তি। শহাৰ কোমল মাংসৰে জীভাৰ জুতি ল’ব। [ ২৭ ] টকালি দুটামান পাৰি সি শহাক মাতিবলৈ ধৰিলে।

 শহাই আক’ গাঁতৰ ভিতৰতহে ঘৰসাজি থাকে। গাঁতৰ ভিতৰৰপৰা শহাটোৱে মাত দিলে—

 “মোৰ ঘৈণীজনীৰ মূৰত জ্বৰ উঠিছে। মই তাইক এৰিবই নোৱাৰো। তুমিয়ে ভুমুকিয়াই চাই কোনটো খোৱা নিয়া।”

 শিয়ালে ভালেই পালে। সি পেটটো মাটিত পেলাই যিমানে পাৰে সিমানে মূৰটো গাঁতৰ ভিতৰলৈ সুমুৱাই দিলে। ঠিক তেনেতে বনৰ মাজত আগৰেপৰা লুকাই থকা বৰপৰুৱাৰ জাকটোৱে তাৰ পেটত কামুৰিবলৈ ধৰিলে। মূৰটো গাতত সোমাই থকাৰ কাৰণে শিয়াল উঠি আহিবও নোৱাৰা হ’ল। বিষত সি ধৰ্‌ফৰাবলৈ ধৰিলে। পিছত কোনোমতে মূৰটো উলিয়াই চিঞৰি মাটিত বাগৰিবলৈ ধৰিলে।

 শহাই ভিতৰৰপৰা মূৰটো উলিয়াই ক’লে—“কেনে মজা? মোৰ পোৱালি কেইটাৰ ওপৰত আকৌ চকু দিবানে?”

 শিয়ালে কেঁকাই কেঁকাই সুধিলে—“এয়া তোমাৰ ফাঁকতিহে আছিল নেকি?”

 শহাই ক’লে—“যোৱা জুৰিৰ পানীত গাটো তিয়াই দিয়াগৈ, পিছে চাবা আৰু যেন এইফালে মুখকে নকৰা।”

 তৰা নৰা চিঙি শিয়াল গৈ জুৰিৰ পানীত পৰিলগৈ। পানী পাই পৰুৱাবোৰ সাতুৰি গুছি গ'ল। ইফালে শিয়াল বপুৰা ঠেৰেঙা লগা জাৰত কঁপিবলৈ ধৰিলে। তাকে চাই আতৈয়ে ঢেক্‌ ঢেকাই হাঁহি ক'লে—

 —“লোভেই পাপ, পাপেই মৃত্যু।”

 শহানীয়ে ভালকৈ বুজিব পাৰিলে বুদ্ধিৰ বলত সৰু জীৱইও অসাধ্য সাধন কৰিব পাৰে।

 বিলোপন আতৈক শহা শহানীয়ে ভালকৈ এসাজ খুৱাই ৰঙেৰে বিদায় দিলে।
[ ২৮ ]

গিয়ানী ভতুৱা

 এজনী বুঢ়ীৰ এটা ভটুৱা কুকুৰ আৰু এজনী মেকুৰী আছিল। ধানে চাউলে বুঢ়ীৰ অৱস্থা নদন বদন। কিন্তু নিজৰ বুলিবলৈ কেওঁ কিছু নাই। কুকুৰ-মেকুৰী-হালকে নিজৰ ল'ৰা-ছোৱালীৰ নিচিনাকৈ মৰম আদৰ কৰে।

 বগা আৰু মুগা ৰঙৰে মেকুৰীজনীৰ নাম ৰাঙী। তাইৰ নিজৰ ৰূপটো লৈয়ে বৰ বাহাদুৰি। গাত খেৰকুটা এডালকে থাকিবলৈ নিদিয়ে। চুচিমাজি চিকুণকৈ থয়। ভটুৱাক তাই চকুপাৰি দেখিব নোৱাৰে। তাৰ গাৰ ভেকেটা ভেকেট্ গোন্ধটোও তাই সহিব নোৱাৰে। কেতিয়াবা ওচৰলৈ আহিলেও তাইৰ চৰিয়াবলৈহে মন যায়।

 ভটুৱাই ৰাঙীৰ মনৰ ভাৱ নুবুজা নহয়। সেয়েহে তাইক দেখিলে সিও হুম্‌কনি এটা দি থয়। ৰাঙীৰ এই ৰাজৰাণী ভাৱটো ভটুৱাই সমূলি ভাল নেপায়। দিনৰ দিনটো তাই শুব। বুঢ়ীৰ খোৱা-পাতৰ ওচৰত বহি মাছ-মঙহৰ জুতি ল’ব। তথাপি লুকাই চুৰকৈ খোৱাৰ স্বভাৱটো আছেই।

 এবাৰ বুঢ়ী বেমাৰত পৰিল। ৰন্ধা-বঢ়া দূৰৈৰ কথা টেকেলীত থকা জলপান মুঠিও উলিয়ায় খাব নোৱাৰা হ'ল।

 দুৱাৰমুখলৈ আহি ভটুৱাই ভিতৰলৈ ভুমুকিয়াই চাই বুঢ়ীৰ অৱস্থাটো বুজি পালে। সিও পিৰালিতে আমন্‌জিমন্‌কৈ শুই থাকিল। পেটৰ কল্‌মলনি উঠিলে দৌৰ মাৰি গৈ কাৰোবাৰ চুৱাপাতনিত যি পায় তাকে খাই গুছি আহে।

 ইফালে ভোকত তৎ নেপায় ৰাঙীয়ে বুঢ়ীৰ ওচৰত খাবলৈ বিচাৰি তাল- ফাল লগালে। খাবলৈ নেপাই তাই বুঢ়ীৰ ঘৰ এৰি গুছি যাবলৈ ওলাল।

 ভটুৱাই তাকে দেখি ক’লে—“বুঢ়ীৰ বিপদত তই এনেকৈ এৰি থৈ যাৱনে?”

 ৰাঙীয়ে ভেঁকাহি মাৰি ক'লে— “খাবলৈ নেপালে থাকো কিয়?”

[ ২৯ ]  ভটুৱাই মুখতে ধৰিলে—“নিগনি চিগনি এটা ধৰি খাব নোৱাৰ?”

 ৰাঙীয়ে বোলে—

 “ধৰি খাবলৈ মোৰ এতিয়া শকতি নাই। তাতে ভজামাছৰ সোৱাদলৈ লৈ আজিকালি এইবোৰত জুতি নলগাই হ’ল।

 ফোঁ ফোঁৱাই ৰাঙী ঘৰৰপৰা ওলাই গুছি গ'ল৷ পিছপিনৰপৰা ভটুৱাই ক’লে—

 “জনমৰেপৰা থকা ঘৰখন এৰি থৈ নেযাবিছোন। বুঢ়ীজনী অকলশৰীয়া হ’ব। ক'ৰবাত এমুঠি খাই বৈ আকৌ গুছি আহিবি।”

 ৰাঙী হ’লে দুনাই উভতি নাহিল।

[ ৩০ ]  গৰু-ছাগলী খেদি ভটুৱাই বুঢ়ীৰ ঘৰখন পহৰা দি থাকিল। বুঢ়ীৰ বেমাৰৰ ছল চাই দুবাৰমান চোৰেও চোপ লৈছিল। পিছে, ভটুৱাৰপৰা সাৰে ক’ত? একে চোচাই ঘৰৰ বাহিৰ কৰি থয়। গধূলিৰেপৰা পুৱালৈকে সি সতৰ্ক হৈ থাকে।

 ভটুৱাৰ কামবোৰ দেখি তাৰপ্ৰতি বুঢ়ীৰ বেথা উপজিবলৈ ধৰিলে৷

 বাঢ়ী লাহে লাহে ভাল হৈ আহিল। ভটুৱাক দেখি বুঢ়ীৰ বৰ বেজাব লাগিল। সি তেনেই শুকাই-খীণাই গৈছে। গা ভাল পাইয়ে বুঢ়ীয়ে বিধে-বিধে ৰান্ধি বাঢ়ি নিজেও খালে আৰু ভট্টুৱাকো বাতি ভৰাই খাবলৈ দিলে। বুঢ়ী ভাল হৈ উঠাত ভটুৱাৰ ৰঙতে তত্ নোহোৱা হ'ল।

 বুঢ়ী ভাল হোৱাৰ উমান পাই ৰাঙী আহি ঘৰ পালেহি। মাছ গাখীৰ অকণ নহ'লে যে বুঢ়ীৰ পেটলৈ ভাতমুঠি নেযায় তাই ভালকৈ জানে। তাৰে ভাগ অকণ তাই পায়েই। তাইৰ জিভাৰ পানী পৰিবলৈ ধৰিলে। কেতিয়ানো ভাত বাঢ়ে মনে মনে বাট চাই থাকিল।

 বুঢ়ী ভাতৰ পাতত বহাৰ লগে-লগে মিহি মাতটিৰে ৰাঙী আহি কাষ পালেহি। আপদৰ দিনত আথাই সাগৰত পেলাই সুখৰ দিনত খোৱাৰ লোভতে লেৰেলা সাদৰ দেখুৱাবলৈ অহা ৰাঙীক দেখিয়ে বুঢ়ীৰ টিঙিচ্‌কৰে খঙ উঠি গ'ল।

 হাততে পোৱা এছাৰি এডালেৰে বুঢ়ীয়ে ভালকৈ ৰাঙীক দুচাটমান লগাই দিলে।

 তৰা-নৰা চিঙি ৰাঙী ঢাপলি মেলিলে। তাকে দেখি ভটুৱাই ভাবিলে— “খাই পাত ফলাৰ এনে দশাই হোৱা উচিত।

 ভটুৱাই বুঢ়ীৰ লগত সুখেৰে দিনবোৰ পাৰ কৰিবলৈ ধৰিলে। [ ৩১ ]

মৰমিয়াল পখিলাটি

 পুৱাৰ কোমল ৰ'দত গা সেকি মিঠা উমত কণমানি পখিলাটি উলাহতে ফুলে-ফুলে উৰি ফুৰিছিল৷ হঠাতে পখিলাটিয়ে লাহি পাখি দুখনি জপাই থমকি ৰ'ল৷ তাই কাৰোবাৰ কেঁকনি এটা শুনিছিল৷ সৰু-সৰু চকু দুটিৰে তাই পিৰিক্ [ ৩২ ] পাৰাক্‌কৈ চাৰিওফালে চালে। তাই দেখিলে নিচেই কাষতে মৌ-মাখি এটা পৰি আছে। তাই কাষচাপি গ'ল। পখিলাটিয়ে দেখিলে – মৌ মাখিটো একেবাৰেই লেবেজান হৈ পৰিছে। তাৰ পাখি এখনতো বেয়াকৈ আঘাট পাইছে। আনকি হাত দুখনিও নিথৰ হৈ পৰিছে।

 পখিলাটিয়ে কোমল পাখি দুখনিৰে বা দিলে। অকল সেয়ে নহয় নিয়ৰ দুটোপালমানো আনি চকুৱে-মুখে ছটিয়াই দিলেহি।

 মৌ-মাখিটোৱে চকু মেলিলে। তাৰ শুকান মুখখন দেখি পখিলাটিৰ বৰ দুখ লাগিল । লৰা লৰিকৈ গৈ ফুলৰ ৰেণু অকণ আনি ওঁঠত দিলেহি। মৌ মাখিটোৰ গালৈ কিছু তত্ আহিল।

 পখিলাটিয়ে ক’লে—“তুমিনো চেঁচাখনত কিয় আছিলা?”

 সেঁহাই সেঁহাই মৌমাখিটোৱে ক'লে— “মোৰ কোনো উপায় নাছিল।”

 “তুমি ছাগৈ বাৰুকৈয়ে জ্বৰত পৰিছিলা?” পখিলাটিয়ে ক’লে।

 “মোৰ জ্বৰ উঠা নাছিল। শেষ নিশালৈ হ'লে জ্বৰটো উঠা যেন লাগিছিল।”

 “বাট ভুল কৰি নিশাটো ইয়াতে কটালা নেকি?”, পখিলাটিয়ে পুনৰ সুধিলে।

 উঠিবলৈ চেষ্টা কৰি মৌ-মাখিয়ে ক’লে— “আমি কেতিয়াও বাট ভুল নকৰো৷

 পখিলাটিয়ে মৌ-মাখিক সহায় কৰি দিলে। তাই ক'লে—“নিশা হোৱাৰ আগতেই তুমি ঘৰলৈ উভটিব লাগিছিল” পখিলাটিয়ে ভাবিলে পলম হৈ যোৱাৰ কাৰণে বেচেৰা ফুলনিতে থাকিব লগা হ’ল, আৰু চেঁচা বতাহজাকে তাক এই দশা কৰিলে।

 মৌ-মাখিটোৱে আক্ষেপেৰে ক'লে— “তুমি কথাটো অকণো বুজা নাই। মোৰ এই গতি কোনে কৰিলে জানানে?”

 “কোনেনো?” পখিলাটিয়ে আগ্ৰহেৰে সুধিলে।

 “দুষ্ট ল’ৰাটিয়ে ৷ আপোন মনে মই মৌ গোটাই আছিলো। মই ডাঠি ক’ব [ ৩৩ ] পাৰো, ল’ৰাটিক মই কেতিয়াও আমনি কৰা নাছিলো।” মৌ-মাখিটোৱে ক'লে।

 পখিলাটিয়ে ক'লে—

 “ল’ৰাটিয়ে নেজানেনে আনক দুখ দিয়াটো যে বেয়া কথা?”

 “বেয়া ল’ৰাই সেইবোৰ নুবুজে।”

 “তুমি জানো তেওঁলোকৰ বাবেই ফুলৰ মৌ গোটাই মৌ-জোল নকৰা?”

 “তেওঁলোকৰ বাবেই জিৰণি নোলোৱাকৈ আমি মৌ গোটাই মৰো।”

 “এৰা; এই কথাবোৰ তেওঁলোকে বুজা উচিত” পখিলাটিয়ে আৰু অকণমান ফুলৰ ৰেণু আনি মৌমাখিক খুৱাই দিলেহি। দুৱৰিৰ পাতবোৰ আঁতৰাই ৰ'দৰ তাপ দিলে। মৌ মাখিয়ে গাটো বহুখিনি ভাল পাই উঠিল।

 “মই কিজানি পুনৰ উৰিবগৈ পাৰিম।” মৌ-মাখিটোৱে ক'লে।

 “কেলেই নোৱাৰিবা, তুমি ভালেখিনি সতেজ হৈ পৰিছা।”

 “এৰা, গাটো পাতল যেনো লাগিছে।” ৰ’দৰ তাপত মৌমাখিৰ গাৰ বিষো নাইকিয়া হৈছিল।

 মৌ-মাখিটোৱে লাহে-লাহে উৰিবলৈ চেষ্টা কৰিলে। পখিলাটিয়ে সাহস দিলে।

 মৌ-মাখিটোৱে ক'লে—

 “তোমাৰ মৰম আৰু সহায় নোপোৱাহ’লৈ মোৰ যে কি দশা হ’লহেতেন!” পখিলাটিয়ে ধুনীয়াকৈ হাঁহি এটি মাৰিলে আৰু লাহি পাখি দুখনি মেলি ক'লে—

 “বিপদত সহায় কৰাটো সকলোৰে কৰ্তব্য।”

 মৌ-মাখি আৰু পখিলাটি একেলগে নীলা আকাশৰ ফালে উৰা মাৰিলে। [ ৩৪ ]

মহামূৰ্খ


 এজন গৃহস্থৰ এজনী ছাগলী আছিল। গৃহস্থজনে কিছুদিনৰ পিছত এটা কুকুৰ পোৱালিও আনি পুহিবলৈ ল'লে। কুকুৰ পোৱালিটো বৰ সৰল আৰু বঙীয়াল আছিল। সি অতি সোনকালেই ছাগলীজনীক নিজৰ বন্ধু পাতি ল'লে।

 লাহে-লাহে কুকুৰ পোৱালিটো ডাঙৰ হৈ আছিল। ছাগলীজনীয়েও দুটা বৰ ধুনীয়া পোৱালি জন্ম দিলে। বৰ মিলা-প্ৰীতিৰে সিহঁত আটাইবোৰ বাস কৰিবলৈ ধৰিলে।

 দিনত গৃহস্থই ছাগলীজনীক পথাৰত এৰাল দি থয়। ঘৰত পোৱালিদুটাক লৈ কুকুৰটোৱে ৰঙ ধেমালি কৰি কটায়। আটাইকেইটাই নিশা সুখ-দুখৰ কথা পাতে। তাৰ পিছত সিহঁতক শুবলৈ দি কুকুৰটোৱে পহৰা দি সাৰে থাকে। [ ৩৫ ]  গৃহস্থৰ বাঁহবাৰী ডৰাত শিয়াল এটাই বাস কৰিছিল। ছাগলী পোৱালি কেইটা দেখি তাৰ বৰ লোভ লাগিল। কিন্তু কুকুৰটোৰপৰা সি উপায় নোপোৱা হৈছে। তাৰ চোকা দাঁতকেইটা দেখিলেই তাৰ জীৱ উৰি যায় । শিয়ালে এটা বুদ্ধি পাঙিলে।

 ছেগ বুজি এদিন শিয়ালটোৱে পথাৰত ঘাঁহ খাই থকা ছাগলীজনীৰ ওচৰলৈ গ'ল। নিৰাপদ দূৰত্বত বহি লৈ সি ক’বলৈ ধৰিলে—

 —“তুমি সঁচাকৈ মহামূর্খহে।” ছাগলীজনীয়ে একো বুজি নেপালে। শিয়ালটোহে পুনৰ ক’লে— “সেই ফপৰা কুকুৰটোৰ কথা কৈছো। তাৰ লগত ইমান হলি-গলি কৰা ভাল হোৱা নাই। তোমাৰ ধুনীয়া পোৱালি কেইটাকো সাৱধান কৰি দিবা যাতে তাৰ লগত উমলি নাথাকে।”

 “সি বৰ বিশ্বাসী আৰু মৰমিয়াল কুকুৰ।” ছাগলীজনীয়ে হাঁহি মাৰি ক'লে।

 শিয়ালে ক’লে—“কুকুৰ কুকুৰেই। উঃ তাৰ গাৰ যিহে ওকালি অহা গোন্ধ।

 ছাগলীজনীয়ে মুখতে ধৰিলে—

“সি এটা ভাল কুকুৰ। মোৰ পোৱালি কেইটাৰ ওপৰত দিনে নিশাই চকু ৰাখে।”

 গহীন যেন দেখুৱাই শিয়ালে ক’লে— “সময়ৰ কথা সময়তে কৈ থলো। তাৰ যিহে খিঙ খিঙিয়া স্বভাৱ, পোৱালি কেইটা কেতিয়াবা বখলিয়াই থব, চাবা।”

 এইবুলি শিয়ালে মিছা হুমুনিয়াহ এটা কাঢ়িলে আৰু উঠি গুছি আহিল৷

 ছাগলীজনীয়ে বৰ ভয় খালে। পোৱালি কেইটালৈ তাইৰ বৰকৈ মনত পৰিল। ডিঙিত পঘাডাল নথকা হ’লে তাই গৈ ঘৰেই পালেগৈহেঁতেন।

 শিয়ালটো নিতৌ ছাগলীজনীৰ ওচৰলৈ আহিবলৈ ল'লে। আৰু কুকুৰটোৰ বিৰুদ্ধে ছলাহী কথা লগাবলৈ ধৰিলে। ছাগলীজনী শিয়ালৰ কথাত ভোল গ'ল। তাই কেনেকৈনো কুকুৰটোৰপৰা ৰক্ষা পাব পাৰি তাৰে চিন্তাত পৰিল।

 এদিন ছাগলীজনীয়ে সুবিধা বুজি টোপনিত লাল কালদি শুই থকা কুকুৰটোৰ চকুদুটা তাইৰ জোঙা শিঙেৰে খুচি থকা সৰকা কৰিলে। বেচেৰা কুকুৰটোৱে গমকে নেপালে। [ ৩৬ ]  ছল চাই ছাগলীজনীয়ে শিঙেৰে খুচি কুকুৰটোৰ চকুদুটা কনাই কৰি পেলালে।

 এই সকলোবোৰ কাণ্ড শিয়ালটোৱে চাই আছিল। কুকুৰটোৱে চকুৱে নেদেখা হোৱা দেখি সি বৰ ৰঙ পালে। এদিন নিশা ছেগবুজি সি গোহালিত সোমাল আৰু ছাগলী পোৱালি এটাৰ ডিঙিত ধৰি চোচৰাই লৈ গ'ল।

 ছাগলী মঙহ খাবলৈ পোৱাৰ আনন্দত সি নাচিবলৈ ধৰিলে। ইফালে ছাগলী জনীয়ে শিয়ালে তাইৰ পোৱালি নিয়া দেখি চিঞৰত গছৰ পাত সৰুৱালে । পিছে হব কি? ভাগৰত শুই থকা গৃহস্থই সাৰকে নেপালে। কুকুৰটোৱেও একো সহায় কৰিব নোৱাৰিলে।

 ছাগলীজনীয়ে ভাবিলে –মই মহা মূৰ্খই শিয়ালৰ ছলাহী কথাত ভোল গৈ বিশ্বাসী কুকুটোৰ এই দশা কৰিলো। সি ভালে থাকোতে জপনা পাৰ হবলৈকে কোনেও সাহস কৰা নাছিল৷.......সি খেদি নি সাত ঢাপৰ বাহিৰ কৰি থয়গৈ।

আজি সি ভালে থকা হ’লে মোৰ কেতিয়াও এনে দশা নহ'লহেতেঁন। [ ৩৭ ]

বগলীৰ বিয়া

 জেঠমাহৰ দুপৰীয়া ৷ গছৰ ছাঁলৈ পশুপখী সকলোবোৰে ক্ষন্তেক জিৰাইছে তেনে সময়তে ‘কা’ ‘কা’ কৈ কাউৰী এজনীয়ে উৰি উৰি কৈ গ’ল –“অহাকালিলৈ বগলী বাইটিৰ বিয়া সকলো যাবাহ’ক।” সেই সময়ত আক’ বৰ ভোকোলাই ফস্তি মাৰি নাক বজাই শুই আছিল। বিয়াৰ কথা সি গমকে নেপালে।

 কাউৰীজনী ৰৈ নেথাকিল। এতিয়াও তাইৰ বহুতো কাম বাকী আছে। শিয়াল পুৰোহিতক শৰাই যাচি মাতিবলৈ আছেই। ফেঁচুমাহীক উৰুলি দিবলৈ কৈ থব লাগিব। পাতসিয়াক আক’ দৰাৰ চোলা সিঁবলৈ দিয়াই হোৱা নাই।

 পিছদিনা বিয়াঘৰ উদুলি মুদুলি৷ লগুণ পিন্ধি শগুণে ভোজ ৰন্ধাত লাগিছে। চিলনীয়ে পুঁৱাতে মাছ এগাল গৈছে হি।

 মেকুৰীয়ে বিয়া-নাম জুৰিলে। বাঢ়েটোকাই টবলাকে বজালে। ঘৰচিৰিকাৰ তত্‌ নাই। কোন আহিছে ক’ত বহিছে তাৰ খবৰ লৈ ফুৰিছে। বালিমাহীয়ে লাহি গা ভাঙি সকলোকে তামোল যাচিছে। বাকীবোৰে দৰা কইনাক নোওৱাত লাগিছে।

 পদুলিয়েদি জাকে জাকে সকলোকে যোৱা দেখি বৰভেকোলাই ‘কথাটোনো কি’ বুলি গম ল’লে। পিছত বগলীৰ বিয়া বুলি জানিব পাৰি খঙত টিক্‌ছি-বিক্‌ছি উঠিল— আও, ইমান অপমান! বিয়ালৈ মোক নেমাতে—ময়ো মজা দেখুৱাম বাপেকে, মেঘ মোমাইক মাতি সকলো ওলট-পালট কৰি দিম।' যেনে কথা তেনে কাম। ভেকোলাই টোৰ্‌টোৰাবলৈ ধৰিলে। মেঘমামাই ভেকোলাৰ মাত শুনি ৰ'ব নোৱাৰিলে। নিমিষতে তেওঁ আকাশ ছাটি ধৰিলে আৰু আৰু ক্ষন্তেক পিছতে হৰ্‌হৰ্‌কৈ বৰষুণ হৈ তললৈ নামি আহিল।

 বিয়া ঘৰৰ ৰং তামাচা জঁই পৰিল গ'ল। লৰা ঢপৰা কৰি যিয়ে য’তে আছিল নিজ নিজ ঘৰলৈ ঢাপলি মেলিলে। পৰুৱাই বৰ ভেকোলাৰ সকলো কাণ্ড কাৰখানা চাই আছিল।

 ভেকোলাৰ সকলো কথা পৰুৱাই গৈ সকলোকে কৈ দিলেগৈ। কথা [ ৩৮ ]

শুনি পশু-পক্ষী সকলোৰে খঙে মূৰৰ চুলি চুলে। ভেকোলাক এপালি দিবলৈ সকলোবোৰ ল'ৰি আহিল। ভয়তে ভেকোলা চুকত সোমালগৈ। ভেকোলাৰ পৰুৱালৈ বৰ খঙ উঠিল। পৰুৱাক পালেই গোটে গোটে গিলি থবলৈ মনতে পাঙি থ’লে। পৰুৱা ভেকুলীৰ ঘোৰ শত্ৰু হৈ পৰিল৷

 ভেকোলাৰ ভয় আজিও আতঁৰা নাই। সেয়েহে চুকেকোণে সোমাই ফুৰে

৷ আৰু পৰুৱাক দেখিলেই ল'ৰি আহি গোটে গোটে গিলি থয়। [ ৩৯ ]

সিহঁতৰ সভা

 ভাদ মাহৰ এদিন দুপৰীয়া। এজোপা গছৰ তলত সকলো পোহনীয়া জীৱজন্তু গোট খালেহি৷ কিয়নো, সিহঁতে মানুহৰ ঘৰত থাকি সিহঁতৰ দুখৰ সীমা নোহোৱা হৈছে বুলি ভাবিছিল। সেয়েহে সিহঁতে এখন সভা পাতিলে।

 সভাত বলদ গৰুক সভাপতি পাতিলে। বলদে সকলোকে মনৰ কথা ক’বলৈ অনুমতি দিলে। প্রথমে পাতিহাঁহ জনীয়ে ক’বলৈ ধৰিলে যে তাইৰ দুখৰ অন্ত নাই। নিজৰ কণীসোপাত উমনি দিবলৈ নেপায়। গিৰিহঁতে সোপাকে লৈ গুছি যায়। মন গ'লেই সিহঁতক মাৰি খাই থয়। কুকুৰাজনীয়ে পাতিহাঁহৰ কথা শলাগি ক’লে—

 “এৰা, মানুহবোৰৰ অকণো দয়া মৰম নাই। এবাৰ মোৰ তিনিটা পোৱালি নি চুৰুহা কৰি খালে। কণী দিবলৈহে পাওঁ, লৈ গুছি যায়।”

 ছাগলী জনীয়েও একেটা দুখৰ কথাকে ক’লে যে, পোৱালি কেইটাক তাই পেট পুৰাই গাখীৰ কণ খুৱাবলৈ নেপায়। গিৰিহঁতে খীৰাই নিয়ে। তাৰ পিছত আক’ পোৱালি নি কচাইক বেচেগৈ। তাই চকুপানী টুকিলে। কাষতে থকা কুকুৰক ঠেলা এটা মাৰি ছাগলীজনীয়ে ক'লে—

 –“নেমাত কিয়, মনে মনে আছ দেখোন?”

 কুকুৰে গিৰিহঁতৰ বদ্‌নাম গাবলৈ ভাল নেপায়। তথাপি ক’লে—

 “মই দিনে নিশাই গিৰিহঁতক পহৰা দিও। তথাপি মোক লেই লেই ছেই ছেই কৰি ফুৰে।”

 ফটাঢোল যেন মাতটোৰে গাধই কেনেকৈ সি গধূৰ বোজাবোৰ কঢ়িয়াব লাগে বৰ বেজাৰেৰে ক'লে। ঘোঁৰাইও দিনে নিশাই গাড়ী টনা, বোজা কঢ়িওৱাৰ কথা ক'লে।

 মেকুৰীয়ে টপৰ্‌কৈ মাত লগালে— [ ৪০ ]

 “মানুহবোৰ বৰ চকুচৰহা। অকণমানো শুই বহি থকা দেখিব নোৱাৰে। ঢাকোন ডাঙি কেতিয়াবা কিবা অকণ খালেই মাৰিবলৈ খেদি আহে।”

 এইদৰেই প্রত্যেকেই নিজৰ নিজৰ কথা বিবৰি কৈ গ'ল। শেষত পাৰ [ ৪১ ] চৰাইয়ে ক'লে—

 “সভাপতি ডাঙৰীয়া, আমাক এটা উপায় দিয়ক।”

 চকুটোপনিয়াই ঘাঁহ পাগুলি থকা বলদে চকু মেলিলে সি ভাবিলে সিনো কি উপায় দিব? সকলোৱে যি কয় সেয়ে হ'ব।

 অৱশেষত সভাত ঠিক হ’ল যে সিহঁত আৰু মানুহৰ সমাজলৈ উভটি নেযায়। এনেকৈ কথা পাতি থাকোতেই হঠাৎ মেঘে আকাশ ক’লা কৰি পেলালে । বতাহো আহিল, আৰু গাজনিয়ে ঢেৰেকনিয়ে হৰ্‌হৰাই বৰষুণ পৰিবলৈ ধৰিলে।

 গোটেই মখা তিতি বুৰি জুৰুলি জুপৰি হ’ল। গধূলিও হৈ আহিল ৷ ভোকে পিয়াহে জুলা হ’ল। গিৰিহঁতে গধূলি যতনাই থোৱা সিহঁতৰ দানা-পানীলৈ সকলোৰে মনত পৰিল।

 মেকুৰীয়ে মনতে ভাবিলে মানুহ নহ’লৈ ঘৰ নাই, ঘৰ নেথাকিলে এন্দুৰ নিগনি নাই, গতিকে কি খাই জীয়াই থাকিব? হাঁহ কুকুৰাৰো বিলৈ নোহোৱা হ’ল। শিয়াল হেঁপাই ধৰেহি বুলিও ভয় খালে।

 কুকুৰ বহাৰপৰা উঠিল। ক’লে—“তোমালোক থাকাহ’ক, মই যাওঁ৷” এইবুলি কুকুৰ ঘৰলৈ দৌৰ মাৰিলে। তাকে দেখি বাকীমখাও ঘৰলৈ ঢাপলি মেলিলে। [ ৪২ ]

লুভীয়াৰ বিলৈ

 এখন বৰ ডাঙৰ জয়াল হাবি আছিল। তাত অনেক জীৱ-জন্তুৱে বাস কৰিছিল। হাবিখনৰ মুখিয়াল আছিল এটা দঁতাল হাতী। বিপদে আপদে জন্তুবোৰক হাতীটোৱে ৰক্ষা কৰি ফুৰিছিল। অনাটনৰ দিনত দূৰ দূৰণিৰপৰা আহাৰ কঢ়িয়াই আনি দিছিল।

 দঁতাল হাতীটোৱে এটা নিয়ম বান্ধি দিছিল যে হাবিখনৰ কোনো জীৱ- জন্তুৱে কাকো বধ কৰি খাব নোৱাৰিব। সেইবাবে সকলো জীৱ জন্তুৱেই শান্তিৰে বাস কৰিব পাৰিছিল।

 পিছে, বনকুকুৰা, শহা, গাহৰি পোৱালি আদি দেখি শিয়ালবোৰৰ জিভাৰ পানী পৰে। ধৰি খাবলৈও ভয়। হাতীয়ে গছকত পেটু উলিয়াব। কি উপায়েৰেনো কোমল মঙহৰ জুতি ল’ব পাৰি তাৰে চিন্তাত শিয়ালবোৰৰ চকুৰ টোপনি নোহোৱা [ ৪৩ ] হ’ল।

 এদিন শিয়াল এটাই ঘূৰি ফুৰোতে হাবিৰ মাজত এটা খাল দেখা পালে। সি নামি গৈ খালটো কিমান দ তাৰ উমান ল’লে। খালটো দ বুলি গম পাই তাৰ মনলৈ এটা কুবুদ্ধি আহিল। সি লৰালৰিকৈ আহি লগৰবিলাকক গোট খুৱাই এখন গোপন সভা পাতিলে। সভাত সিহঁতে থিৰাং কৰিলে যে সেই খালটোত পেলাই সিহঁতে হাতীক বধ কৰিব।

 শিয়াল মখাই খালটোত কোটোহা বাঁহৰ কাঁইট এসোপামান পাৰি দিলেহি। বাঁহডাল নেদেখা কৰিবলৈ তাৰ ওপৰত শুকান ডাল-পাত এসোপামানো আনি পাৰি থলে। খালটো চকুত নপৰা হৈ পৰিল।

 পিছদিনা শিয়াল গৈ দঁতাল হাতীৰ ওচৰ পালেগৈ। অতি নম্ৰভাৱে সি মূৰ দোঁৱাই ক’লে—

 “ডাঙৰীয়া গণনা কৰি পোৱা গৈছে এইবাৰ ঘোৰ আকাল হ’ব। মই এখন বৰ ডাঙৰ হাবিৰ সন্ধান পাইছো৷ তাত খোৱা বস্তুৰে ঠাহ খাই আছে। আপুনি যদি ইচ্ছা কৰে, মই হাবিখন দেখুৱাই আনিবগৈ পাৰোঁ।”

 শিয়ালৰ মিঠা কথাত হাতী মোহগ’ল। শিয়ালৰ লগত হাতী যাবলৈ ওলাল।

 আগে আগে শিয়াল পিছে পিছে হাতী গৈ থাকিল। শিয়ালে শুকান বাঁহৰ ওপৰেদি পাৰ হৈ গুছি গ’ল। হাতীয়েও খোজ ল’লে। কিন্তু হাতীৰ ভৰ শুকান বাঁহ কেইডালে ৰাখে কেনেকৈ? হাতী গৈ তলত পৰিল। বহুচেষ্টা কৰিও হাতী ঠেক খালটোৰ পৰা উঠি আহিব নোৱাৰিলে। হাঁহি হাঁহি শিয়ালে ক'লে—

 “গজৰাজ, তুমি গজমূৰ্খ৷ ইয়াতে মৰণলৈ বাট চাই থাকা, মই আহিলো।”

 শিয়ালে আহি হাবিত ঘোষণা কৰিলেহি যে হাতী তীর্থ ভ্রমণলৈ গ'ল৷ মুখিয়ালৰ বাবটো তাকে গতাই থৈ গৈছে। হাতীয়ে কোৱা বুলি বিশ্বাস কৰি জীৱ-জন্তবোৰে শিয়ালক মুখিয়াল মানিবলৈ বাধ্য হ’ল।

 সকলো জীৱ-জন্তু এক গোট হৈ শিয়ালৰ যাতে অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে ইটোৰ কথা সিটোক কৈ শিয়ালবোৰে সিহঁতৰ মাজত দনহাই লগাবলৈ ধৰিলে। আনহাতে ছল পালেই হাঁহ, শহা আদি এফালৰপৰা খাই যাবলৈ ধৰিলে। [ ৪৪ ] হাঁহ, কুকুৰা গাহবিবোবে প্ৰাণৰ ভয়ত মানুহৰ ঘৰত আশ্রয় লালেহি।

 দৈৱক্রমে এদিন এটা বান্দৰ সেইফালে যাওঁতে কেঁকনি শুনিবলৈ পালে। বান্দৰ খালটোৰ ওচৰ চাপি গ'ল। সি গৈ হাতীক দেখা পালে। হাতীয়ে কেঁকাই কেঁকাই সকলো কথা বিৱৰি ক'লে।

 বান্দৰে লবা লৰিকৈ আহি হাবিৰ সকলোকে কথাবোৰ ক'লেহি। সকলো গৈ হাতীৰ কাষ পালেগৈ। হাতীৰ অৱস্থা শোচনীয় হৈ পৰিছিল। কোটোহা বাঁহৰ কাঁইটে বিন্ধি গোটেই শৰীৰ থকা-সৰকা কৰি পেলাইছিল। বিষ আৰু ভোকত প্রাণ যাও যাও অৱস্থা। তাকে দেখি সকলোৱে চকুপানী টুকিবলৈ ধৰিলে। সেহাই সেহাই হাতীয়ে ক'লে—

 “মই আৰু সৰহ সময় নেবাচো। এটা কথা কৈ যাওঁ, “কোনেও যেন শিয়ালক কেতিয়াও বিশ্বাস নকৰে।” এই বুলি হাতীয়ে চিৰ বিদায় ল'লে।

 খঙতে গুজৰি গুমৰি হাতী ঘোঁৰা বান্দৰ সকলোৱে শিয়ালক বিচাৰি আহিল৷ কথা বিষম দেখি শিয়ালবোৰে গাঁত খান্দি তাৰ ভিতৰত সোমাই থাকিল।

 তেতিয়াৰপৰাই ভয়তে শিয়াল গাঁতত সোমাই থকা হ’ল। নিশা সকলো শুই নিঃপালি দিলেহে সাৰসুৰ নোহোৱাকৈ বাহিৰলৈ ওলাই আহে। [ ৪৫ ]

বেচাৰী কাউৰীজনী

 শীত গৈ বসন্ত আহিল। শীতৰ শেষৰ বৰষুণ জাকে গছ-গছনি বিলাকক গা-পা ধুৱাই দিয়াত ন কুঁহিপাত ওলাল৷ বহাগৰ বতৰত মদাৰ, কপৌ আদি ফুলবোৰে সাজি-কাচি ওলালহি। বনৰ কিছুমান চৰায়ে আক’ পুৰণা পাখিবোৰ সলাই নতুন পাখি গজাই ৰূপহীজনী হৈ ল’লৈ।

 নৈ এখনৰ কাষতে হাবি এডৰা আছিল। তাতে কাউৰী এযোৰা আহি

নতুনকৈ ঘৰ পাতিছিলহি । দূৰণিৰপৰা অহা কুলি চৰাই দুটামানেও সেই হাবিতে থাকিবলৈ ল'লেহি। সিহঁতে পিছে বাঁহ নেসাজিলে। সাজেনো কোন সময়ত? দিনে নিশাই গীত গাই থাকোতেই সময়বোৰ যায়।

 কুলি চৰাইৰ গীত শুনি কাউৰীজনী আপোন পাহৰা হয়। তাইৰ ডিঙিতহে [ ৪৬ ] দেখোন সুৰবোৰ খহটা হৈ ওলায়। গীত শুনি শুনিয়েই তেওঁৰ টোপনি যায়।

 এদিন বেলিটো মূৰৰ পোন হ’বলৈ তেতিয়াও বহুত বাকী। সোণাৰু জোপাত বুঢ় বাঢ়েটোকাটোৱে পোক-পৰুৱা দুটামান পায়নেকি টুকুৰিয়াই চাই আছিল। চেক্‌চেকীজনীৰ আক’ গাটো ভাল নহয়। তাই জুপুকামাৰি ডালতে বহি আছে। সখিয়তি কেইজনীয়ে পাতৰ মাজত লুকাভাকু খেলিছে। তেনেতে ন-কৈ ঘৰ পতা কাউৰীজনীয়ে হায়ৈ বিয়েকৈ কান্দিবলৈ ধৰিলে। তাইৰ কান্দোন সকলো ল’ৰি আহিল। তাইৰনো কি হ'ল চৰাইজাকে বেৰি ধৰি সুধিবলৈ ধৰিলে।

 চকুপানী নাকৰ পানী একাকাৰ কৰি কাউৰীজনীয়ে ক'লে—

 “মোৰ তিনিটা পোৱালিৰ দুটা পৰৰহে তুলিলো। টোপলৈ আহি দেখো সৌডালটোতে পোৱালি দুটা বহি আছে। মাতোহে মাতো, সিহঁত নাহে। ওচৰ চাপি যাওঁতেই “কুউ”“কুউ” বুলি ভুকং কৰে দুয়োটা উৰামাৰি গুছি গ'ল । কুলি মতীজনীয়ে তাইৰ কণী মোৰ বাঁহটোত থৈ এনকৈয়ে বুকুত কামোৰ মাৰিব লাগেনে? উঁ....উঁ.....উঁ....।” তাই আকৌ কান্দিবলৈ ধৰিলে। বাকীমখা চৰাইয়েও উস্‌, উস্‌, আস্‌, আস্ কৰিবলৈ ধৰিলে।

 বুঢ়া শগুনটোৱে কাষৰ গছজোপাতে বহি আছিল। সি সকলো কথা শুনি আছিল। লাহেকৈ উৰামাৰি আহি কাউৰীজনীৰ ওচৰতে বহিলহি। শগুনে গহীন মাতেৰে ক'লে—

 “জনালোকে কয়—অচিনাকি জনৰপৰা সাৱধানে থাকিব লাগে। অচিনাকি জনক আসৈ দিয়াটো বেয়া।”

 সকলোৱে শলাগিলে—“হয়, হয়”।

 চেক্‌চেকী জনীয়ে ক'লে—“অ’ সেয়েহে হ’বলা তাই তোমাৰ বাঁহটোৰ ওচৰতে ইফাল সিফালকৈ লচপচাই ঘূৰি ফুৰিছিল।”

 বুঢ়া শগুনটো উৰামাৰি গুছি গ'ল। বাকীমখা চৰাইও কামে কামে গ'ল। বাকী থকা পোৱালিটো বুকুতলৈ কাউৰীজনী জুপুকামাৰি বহি থাকিল। [ ৪৭ ]

বেচাৰা মাছটো

 এখন বৰ ডাঙৰ বিল আছিল। বিলখনৰ পানী কেতিয়াও নুশুকাইছিল। তাত বহুতো মাছ কাছই বাস কৰিছিল৷

 জহ কালি বিলখনলৈ বহুদূৰণিৰ পৰা অসংখ্য চৰাই চিৰিকতি আহিছিল

আৰু ওচৰৰ হাবিখনতে বাস কৰিছিল। সেই বিলখনতে ‘পানী খাইছিল আৰু গা ধুইছিল।

 সেই বিলখনতে বাস কৰা মাছ এটিয়ে দূৰণিৰপৰা আহি থাকিবলৈ লোৱা চৰাই এটিৰ লগত সখি পাতি ল’লে। দিনৰ দিনটো দুয়োটাই হাঁহি ধেমালি কৰি সুখ-দুখৰ কথা পাতি কটায়। চৰাইটে৷ বহু দূৰণিৰ পৰা অহা, সেয়েহে নানা ঠাইৰ নানা কথা সি মাছটোক সদৰি কৰি কৈ শুনায়। [ ৪৮ ]  এদিন চৰাইটোৱে মাছটোক ক’লেহি— “চকুৰ পচাৰতে জহকালিটো পাৰহৈ গৈ শীত পালেহি। চেঁচা বতাহজাকো ঘনাই আহিবলৈ লৈছে। সেয়েহে অহা কালিলৈকে মই আই পিতাইৰ লগত এই ঠাই এৰি গুছি যামগৈ।”

 মাছটোৱে ক’লে— “তোমাৰেই ভাল দিয়া, গোটেই পৃথিৱীখনতে ঘূৰি ফুৰিব পাৰা। মোক তোমাৰ লগত লৈ যাবানে? মোৰো আকাশত উৰিবলৈ বৰকৈ মন গৈছে।”

 চৰাইটোৱে মাছটোৰ কথা শলাগি পিছদিনা তাক ওলাই থাকিবলৈ কৈ গুছি গ'ল।

 সিহঁতৰ কথাবোৰ বুঢ়া কাছ এটাই শুনি আছিল। সি ক'লে— “ভগবানে যাক য’ত থকাৰ দিহা দিছে তাত থকাই ভাল। নহ’লে বিপদহে হ’ব।”

 পিছে, মনৰ উলাহত মাছটোৱে কাছটোৰ কথা কাণেই নিদিলে।

 পিছদিনা চৰাইটো আহিল আৰু মাছটোক পিঠিত তুলি লৈ আকাশৰ পিনে উৰা মাৰিলে। যিমানে চৰাইটো ওপৰলৈ গ'ল সিমানে বেচাৰা মাছটোৰ বিলৈ নোহোৱা হৈ পৰিল। তাৰ মূৰৰ ঘূৰণি উঠিল। উশাহবোৰ ছুটি হৈ আহিল। সি ক’বলৈ ধৰিলে।—

 “হেৰা চৰাইটো, ৰ’বা, ৰ’বা। মোৰ জীৱটো ওলায়হে এতিয়া৷ মোক তলত নমাই দিয়া।”

 চৰাইটোৱে তাৰ কথালৈ কাণসাৰকে নকৰিলে। কাৰণ তাৰ মাক-পিতাক ইতিমধ্যে চৰাইবোৰৰ লগত উৰি বহু দূৰ পাইছিলগৈ।

 বেচেৰা মাছটোৱে কাবৌ কোকালি কৰিবলৈ ধৰিলে, চৰাইটোৰ খং উঠিল। ক’লে—

 “নলগা কামত লাগি নিজেও মৰিবলৈ ওলাইছা, আৰু মোৰো সময় নষ্ট কৰিছা কিয়?’’

 চট্‌ফটাই থকা মাছটোৰ অৱস্থা দেখি চৰাইটোৱে তাক তলত নমাই থৈ

গুছি গ'ল।

[ ৪৯ ]  মাছটোৱে চাৰিওফালে পানী বিচাৰি চাবলৈ ধৰিলে। অৱশেষত কোনোমতে গৈ সি সৰু খাল এটা পালে। খালটোত কোনো মাছ-কাছ নাছিল। মাথোন দুটামান বেং আৰু লালুকীহে সাতুৰি ফুৰিছিল। সিহঁতে মাছটো দেখি অকনো ভাল নেপালে।

 লগৰীয়াহঁতক হেৰুৱাই মাছটোৰ বৰ বেজাৰ লাগিল। সি ভাবিলে বুঢ়া কাছটোৰ কথা শুনা হ’লে এনে বিপদ নহ'লহেতেঁন। গিয়ানী লোকৰ উপদেশ

শুনাটো যে ভাল সি এতিয়াহে বুজিব পাৰিলে। [ ৫০ ]

ভেকুলী বাই

 ৰাতিপুৱাতে গা-পা ধুই ভেকুলী বাই সাজি কাচি ওলাল। আজি তাইৰ ভতিজা জী জনীৰ বিয়া। কঁকালত ৰিহা, কপালত সেন্দুৰৰ ফোঁটটিৰে ভেকুলী বাই ৰচকীজনী হৈ পৰিল। মুখত তামোল এখন সুমুৱাই হাতত ছাতিটো লৈ ভেকুলীবাই বিয়া ঘৰলৈ বুলি খোজ দিলে।

 কিছু দূৰ গৈ ভেকুলীবায়ে দেখিলে কচু জোপাৰ তলতে গুঁই ভকত শুই আছে। তাৰ শনিবাৰে শনিবাৰে আক’ জ্বৰটো উঠে। কেঁকাই গেঁঠাই শুই থকা গুঁইৰ ওচৰলৈ গৈ ভেকুলীবায়ে মাত লগালে—

 —“গুঁই ককাই গুঁই ককাই? দেখোন কেকাই গেঁঠাই? হ’লনো কি?”

 গুঁইয়ে ক'লে—

 “পুৱাৰেপৰা উঠিছে জ্বৰ
 কৰিব নোৱাৰো লৰচৰ।”

 গুঁইৰ কপালত হাত দি চাই ভেকুলীবাই জাপমাৰি উঠিল, আওঁ— মূৰত দেখোন শনিপাত জ্বৰ পানী এলোটা ঢালো ৰ লৰচৰ নকৰ।

 মূৰত পানী একলহ ঢালি জ্বৰটো কমাই গাত কাপোৰ কানি এসাপা জাঁপি দি ভেকুলীবায়ে পুনৰ খোজ ল'লে।

 “ভেকুলী বাই ভেকুলী বাই
 সাজি কাচিনো ক’লৈ যায়?”

 ক্ষীণ মাতটি শুনি ভেকুলী বায়ে চাৰিওফালে চালে। পিছে কাকো দেখা হলে নাপালে। ভেকুলীবাইৰ কানত পুণৰ পৰিল—
 “ভেকুলী বাই ভেকুলী বাই বোলো কোনফালে যায়?”

 ভেকুলী বায়ে দেখিলে ওচৰতে গুৱৰুৱা ভাইটি। [ ৫১ ]

 ভেকুলী বায়ে ক'লে—

 “ভতিজা জীৰ পাতিছে বিয়া
 পিছে তোমাৰ দেখোন মাতেই নাইকিয়া?”

 কেঁকনি এটা মাৰি গুৱৰুৱাই ক'লে—
[ ৫২ ]

 “তিনি ৰাতি তিনি পৰ
 খুদকণ নাই উদং ঘৰ
 ভোকতে উঠিছে জ্বৰ
 ক’ত মৰ মৰ।”

 “উস্ উস্ উস্—!!” ভেকুলী বায়ে শুনি দুখ পালে।

 গুৱৰুৱাই ক’লে—

 “পাৰা যদি আনিবা
 লাড়ু পিঠা কিবা
 নহ'লে ভায়েৰা
 মৰিব জানিবা।”

 ভেকুলী বায়ে মুখতে ধৰিলে—

 “এনে কথা নানিবা মুখত
 মই নহয় এৰা ভকত
 লাডু আনিম চাই শকত
 দুয়োহাতেৰে ভৰাবা পেটত।”

 —এইবুলি গুৱৰুৱাক শান্তনা দি ভেকুলীবায়ে খৰকৈ খোজ ল’লে।

 বিয়া ঘৰ পাওঁ পাওঁ হওঁতেই ভেকুলী বাইৰ চকুত পৰিল নেউলে চিঞৰত গছৰ পাত সৰুৱাইছে।

 —“পেটৰ কামোৰে মোৰ জীউটো নিয়েহে এতিয়া।”

 ভেকুলীবাই দৰক্ মাৰি ৰ’ল। তাৰ পিছত দোৰোণৰ পাত দুটামান আনি মোহাৰি ৰস অকণ উলিয়াই খুৱাই দিলে। নেউলক মনে মনে শুই থাকিবলৈ কৈ ভেকুলীবাই গুছি আহিল।

 ভেকুলী বাই বিয়াঘৰ পালেহি৷ বিয়া খাই গুৱৰুৱালৈ লাড়ু পিঠাৰ টোপোলা এটা বান্ধি ভেকুলী বাই ঘৰলৈ উলটিল।

 বাটতে নেউলে পাই বোলে—

[ ৫৩ ]  “বাইটি, তোমাৰ মূৰৰ চুলিৰ সমান আয়ুস হ’ক। তুমি দৰৱ পালি দি মোক ভাল ৰক্ষা কৰিলা।”

 ভেকুলীবায়ে হাঁহি এটা মাৰি নেউলক লাডু এটা দি ক’লে—“বিপদত ইজনে সিজনক সহায় নকৰিলে ভগবানে দায় নধৰিব জানো?”

 গুৱৰুৱাই বাট চায়ে আছিল। ভেকুলীবায়ে তাক লাড়ু পিঠাৰ টোপোলাটো দিলে। হেপাঁহ পলুৱাই খাই তিনি দিন তিনি ৰাতি লঘোণে থকা গুৱৰুৱাৰ দেহলৈ তত্‌ আহিল। ভেকুলীবাইক ক’লে ‘তোমাক গোঁসায়ে মঙ্গল কৰক’।

 ঘৰমুৱা হৈ, ভেকুলীবায়ে গুঁইক ৰৈ থকা দৈখা পালে। ওচৰ পোৱাত গুঁয়ে ক'লে—

 “বিপদৰ বেলিকা বৰ উপকাৰ কৰিলা দিয়া।”

 ভেকুলীবায়ে ক’লে— “ইজনৰ দুখ সিজনে নুবুজিলে হবজানো?”

 গুইয়ে ক'লে—

 “সজলোকৰ সজ কথা।”

 এদিনাখন দুপৰীয়া। ভেকুলীবায়ে পুখুৰীটোত জোবোৰা দুটামান মাৰি পাৰলৈ উঠিছিলহে। ফেঁটী সাপ এটা বাট ভেঁটি ধৰিলে।

 ভেকুলী বাইৰ চুলিৰ আগে জীৱ উৰি গ'ল। মনতে ভাবিলে— এই কালটোৱে মোক এতিয়া গোটে গোটে গিলি থব। কিন্তু হঠাতে ক’ৰপৰা নেউল আহি সাপটোক থাপ্‌মাৰি ধৰিলেহি। দুয়োটাৰে মাজত তয়াময়া যুঁজ লাগিল। ভয়তে ভেকুলীবায়ে কচু এজোপাৰ আঁৰ লৈ চাই থাকিল। নেউলে ফেঁটী সাপটোক দোখৰ ডোখৰ কৰি পেলালে।

 ভেকুলী বাই নেউলৰ ওচৰ চাপি ক’লে—“আজি তুমি মোক ভাল ৰক্ষা কৰিলা দেই।”

 হাঁহি মাৰি নেউলে ক’লে--

 উপকাৰীক উপকাৰ নকৰিলে ভগবানে দায় নধৰিব জানো??’’—এই বুলি সাপৰ বিষ লগা তাৰ গাটোত সানিবলৈ বনদৰৱ বিচাৰি সি কাষৰ হাবিখনলৈ

দৌৰ মাৰিলে। ভেকুলী বায়েও সন্তোষৰ হাঁহি এটা মাৰি ঘৰলৈ উভটিল।
[ ৫৪ ]

জিল মিল

 এজনী ভালুকৰ পাঁচজনী জীয়েক আছিল। সিহঁতৰ নাম আছিল— জোনাকী, বিজুলী, জিলমিল, পাহি আৰু অকণি। ভালুক জনীয়ে সিহঁতক বৰ যতনেৰে ডাঙৰ-দীঘল কৰিছিল। জিলমিলজনী আৰু বৰ আপোনপেটীয়া আছিল। তাইৰ স্বভাৱটোও খিট্‌খিটীয়া আছিল। মাকে সমানে আটাইকেউজনীক আহাৰকণ ভগাই দিয়াৰ পিছতো তাই ইজনীৰপৰা থপিয়াই সিজনীৰপৰা থপিয়াই দন হাই

এখন লগাবই। তাৰবাবে তাই মাকৰপৰা গালি-শপনিও খাই থাকিব লগা হয়।

 বাৰিষা কাল আহিল। নেৰা নেপেৰা বৰষুণত বিলৰ পানী বাঢ়ি আহি হাবি সোমালহি। হাবিৰ জীৱ-জন্তুবোৰে ওখ ঠাই বিচাৰি ল'লে। ভালুক জনীয়েও পোৱালিকেইটা লৈ এটুকুৰা ওখ ঠাই পালেগৈ। ঠাইকণ গছ-গছনিৰে ভৰা আৰু [ ৫৫ ] ধুনীয়া আছিল। নতুন ঠাইকণ সিহঁতে ভালেই পালে।

 ভালুকজনীয়ে এদিন জীয়েকহঁতক ক’লৈ—“আইহঁত, মই তহঁতলৈ আজি ৰসাল ফল বিচাৰি যাওঁ। তহঁত ঘৰতে থাকিবি। নতুন ঠাই, কলৈকো নেযাবিহঁক, বিপদত পৰিবি।”

 —এই বুলি দঢ়াই দঢ়াই ঘৰতে থাকিবলৈ কৈ ভালুকজনী আহাৰ বিচাৰি গ'ল।

 মাক ওলাই যোৱাৰ পিছত আটাই কেইজনীয়ে চোতালতে খেলিবলৈ ধৰিলে। পিছে জিলমিলে মাকৰ কথা ক’ত শুনে? ছল চাই তাই গৈ কোনোবা খিনি পালেগৈ। মিহি ঘাঁহনি ডৰাতে তাই তিনি বাগৰমান মাৰিলে। গছৰ কেঁচা পাতবোৰ চেলেকি চালে। মিঠা মৌচাকখন পায়নেকি জুমি জুমি চাবলৈ ধৰিলে। জিলমিল গৈ এজোপা মধুৰিআম গছৰ তল পালেগৈ৷ গছত পকি থকা মধুৰিআম সোপা দেখি তাইৰ বৰ লোভ লাগিল। এটা এটাকৈ গছৰ সোপাকে মধুৰি আম খাই পেলাবলৈ মন গ'ল। কেনেকৈনো খাব পাৰি তাকে ভাবিবলৈ ধৰিলে। মাকে সিহঁতক গছত উঠিবলৈ শিকোৱাই নাই। তথাপি তাই গছত উঠিল। ফেৰেঙণি এটাত ভৰি থৈ মধুৰি আম এটালৈ হাত মেলিলে। কিন্তু ধুপুচ্‌কৈ তাই তলত পৰি থাকিল। তলত আক’ এটা নৰ্দমা আছিল। তাত জেং জাবৰে ঠাঁহ খাই আছিল। বহু চেষ্টা কৰাৰ পিছতো জিলমিল উঠি আহিব নোৱাৰিলে। কিয়নো নৰ্দমাটো দ আছিল। ভয়তে তাই ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে।

 কোমল আলু আৰু পকা জামু অলপ লৈ ভালুকজনী উভটি আহিল। মাকক দেখি জোনাকী, বিজুলীহঁত ঢপলিয়াই গ'ল। মাটিতে বস্তু সোপা থৈ ভালুকজনীয়ে গন্তি কৰিলে—

 “জোনাকী, বিজুলী, পাহি, অকণি... আৰু এইজনী? জিলমিল? জিলমিল কলৈ গ'ল?”

 ইজনীয়ে সিজনীয়ে চালে। অকণিয়ে চিঞৰিলে—“বাইটি এইফালে লৰমৰা দেখিছিলো।”

 “কোনফালে? কোনফালে?” বস্তুসোপা ভিতৰত থৈ ভালুকজনী [ ৫৬ ] খৰখেদাকৈ জিলমিলক বিচাৰি গ'ল।

 ভালুকজনীয়ে গোটেইখনতে বিচাৰি চলাথ কৰিলে। ইফালে গধূলি হবৰ হ’ল। হঠাতে তাইৰ মধুৰি আমাজোপাত চকু পৰিল। পকি থকা মধুৰি আম সোপা দেখি মনত ৰঙ লাগিল যদিও জীয়েকৰ চিন্তাত হাঁহি এটাও মাৰিব নোৱাৰিলে।

 “মৰতীজনী”— তাই মুখৰ ভিতৰতে ভোৰ্‌ভোৰালে। এনেকে কুঁ কুঁৱাই কোনোবাই কন্দা যেন শুনি ভালুকজনী নৰ্দমাটোৰ ওচৰ পালেগৈ। তাই বিচুৰ্তি খালে— জীয়েকজনী তাতে সোমাই আছে।

 ভালুকজনী গছত উঠিল। তাই টনা ডাল এটাতে চাই খামুছি ধৰিলে। তাৰ পিছত তললৈ দোঁ দিবলৈ ধৰিলে। ছিল্‌মিলক তাইৰ ভৰিত খামুছি ধৰিবলৈ ক’লে। জিলমিলে তাকে কৰিলে। বৰ সাৱধানেৰে ভালুকজনীয়ে জিলমিলক আনি মাটিত থ’লেহি। তাৰ পিছত ঢেঁটুত ধৰি চোঁচৰাই আনি থেকেচামাৰি ঘৰৰ মজিয়াতে পেলাই দিলেহি। বাঘঢকা দুটামান দি ক'লে—“মাৰৰ কথা নুশুনা এতিয়াটো মজা পাইছনে? মই-মতালিখন কৰি নিজেও মৰিবি আৰু আমাকো মাৰিবি।”

 মাকৰ খঙ দেখি বাকীকেইজনী জীয়েক পেঁপুৱা লাগি চুক এটাত বহি থাকিল।

 ভালুকজনীয়ে বনদৰৱ এসোপা বিচাৰি আনিলেগৈ আৰু মজিয়াত বহি লৈ কাঁইটে আচুৰি থকা সৰকা কৰা জিলমিলৰ গাত সানি দিবলৈ ধৰিলে।
 

[ ৫৮ ]

সাহিত্য আৰু চিত্ৰৰ মাজত গতিশীলতা বিচাৰি পোৱা আৰু সাহিত্য চৰ্চাৰ প্ৰতি আজন্ম হেপাঁহ থকা শ্ৰীমতী নীলিমা বৰা সাম্প্ৰতিক যুগত সাহিত্য জগতৰ এটি খ্যাত নাম। তেখেতৰ জন্মস্থান নগাঁৱত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ অসমীয়া সাহিত্যত এম.এ. ডিগ্ৰী লয়। বাল্য কালতে কবিতা লিখি তেওঁ অসমীয়া সাহিত্য জগতত প্ৰৱেশ কৰে। এসময়ৰ গৌৰীকান্ত তালুকদাৰৰ দ্বাৰা সম্পাদিত ‘দীপক’ নামৰ চেমনীয়া আলোচনীখনিৰ শ্ৰীমতী বৰা আছিল নিয়মিত শিশু লেখিকা। অসমৰ বিভিন্ন বাতৰি কাকত, আলোচনীত কবিতা গল্প, প্ৰবন্ধ, উপন্যাস আৰু শিশু সাহিত্য আদি লিখি অহাৰ উপৰিও ১৯৭২ চনৰে পৰা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত প্ৰচাৰ হৈ অহা কবিতা, গল্প, কথিকা, নাটক আদিৰ জৰিয়তে তেওঁ অসমীয়া সাহিত্যৰ জগতত এখনি সুকীয়া আসন দখল কৰি আহিছে। শৈশৱৰ কালছোৱা তেওঁ নগাঁৱৰ আমলখি চাহবাগিছাত দেউতাকৰ লগত কটায় আৰু তাতেই চাওতাল, উড়িয়া আদি সম্প্ৰদায়ৰ শ্ৰমিকসকলৰ সংস্পৰ্শলৈ অহাৰ সুযোগ পায়। তেওঁলোকৰ জীৱনৰ সংঘাত সমস্যাৰ ভিত্তিত সৃষ্ট তেওঁৰ পুৰস্কৃত উপন্যাস ‘অমৃত অনুভৱ’ শ্ৰমিক সমাজৰ এক পৰিস্ফুট স্বাক্ষৰ। সেইদৰে তেওঁৰ সুক্ষ্মানুভূতিৰে ৰচিত পুৰস্কৃত উপন্যাস ‘প্ৰত্যাশা’ত ফুটি উঠিছে অসমৰ আন্দোলনক এটি চেতনালব্ধ ঐতিহাসিক মৰ্যদা দিয়াৰ বিনম্ৰ প্ৰচেষ্টা। লগতে সাঙুৰি আছে মানৱীয় অনুভূতি আৰু সামাজিক দায়বদ্ধতা। সৃষ্টিশীল আবেগ আৰু সচেতন দূৰদৃষ্টিৰে সমৃদ্ধ তেখেতৰ লেখা ক্ষণভংগুৰ জীৱন আৰু ক্ষয়িষ্ণু সমাজৰ এক স্বচ্ছ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়।

 সদৌ অসম ভিত্তিত সাহিত্য সভা আৰু অনুষ্ঠানৰ পৰা শ্ৰীমতী বৰাৰ বহু গল্প, কবিতা পুৰস্কৃত হৈছে। ইতিমধ্যে তেখেতৰ পাঁচখন উপন্যাস, এখন শিশু উপন্যাস, এখনি শিশু জীৱনী সাহিত্য আৰু এখনি শিশু গল্পপুথিয়ে সদৌ অসম ভিত্তিত পুৰস্কৃত হৈ সুনাম অৰ্জন কৰিছে।

 শিশু সাহিত্যত ৰাষ্ট্ৰীয় পুৰস্কাৰৰ সন্মান কঢ়িয়াই অনা শ্ৰীমতী নীলিমা বৰাৰ ‘মৰমিয়াল পখিলাটি’ শিশু সকলৰ বাবে কেৱল আনন্দ প্ৰদান কৰাই নহয়, মানসিক পুষ্টি আৰু জ্ঞান বিকাশৰ এক অমূল্য পাঠ।....


এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।