কুকুৰ আৰু কাউৰী
অতি পুৰণি কালৰ কথা। এখন দেশত এজন বৰ ধাৰ্মিক ব্ৰাহ্মণ আছিল। তেওঁ সৎ আৰু দয়ালু আছিল। পুৰণি কালত ব্ৰাহ্মণ সকলৰ দৈৱশক্তি থকা বাবে তেওঁলোকে যি শাও দিছিল তাকে ফলিয়াইছিল। মানুহৰ ভাগ্যৰ কথাও তেওঁলোকে গণনা কৰি কৈ দিব পাৰিছিল। এই ব্ৰাহ্মণজনৰ ওচৰলৈ বহু দূৰ দূৰণিৰপৰা বহু মানুহ ভাগ্য গণনা কৰাবলৈ আহিছিল। ভাগ্য গণনা কৰি তেওঁ যি দান দক্ষিণা পাইছিল তাকে লৈ পৰম সুখত দিনবোৰ কটাইছিল।
এদিন কাশীনাথ নামেৰে এজন মানুহ বামুণজনৰ ওচৰলৈ আহিল। মানুহজন বৰ দুখীয়া আছিল। নিজৰ দুখৰ কথা কৈ বামুণজনক তেওঁক লগুৱা কৰি ৰাখিবলৈ বৰকৈ খাটনি ধৰিলে। দয়া লাগি বামুণজনে কাশীনাথক নিজৰ ঘৰতে আশ্ৰয় দি ৰাখিলে। ঘৰুৱা কামবন কৰি কাশীনাথ সুখেৰে থাকিবলৈ ল’লে। অতি সোনকালেই কাশীনাথ বামুণজনৰ বিশ্বাসী হৈ পৰিল।
কাশীনাথৰ কামবনত সন্তোষ পাই বামুণজনে ভাবিলে, মই যদি তাক ভাগ্য গননা বিদ্যাটো শিকাই দিও তেনেহ’লে সি জীৱিকাৰ বাট এটাকে উলিয়াই ল’ব পাৰিব।' সেয়েহে এদিন কাশীনাথক ওচৰলৈ মাতি আনি ক'লে—
“তোক মই ভাগ্য গণনা বিদ্যাটো শিকাই দিওঁ, তই শিকি বুজি নিজৰ জীৱিকা নিজেই মুকলি কৰি ল’ব পাৰিবি।” কশীনাথে ব্ৰাহ্মণৰ কথা শুনি ভালেই পালে। কাৰণ মনে মনে কথাটো সি ভাবিয়ে আছিল। পিছে কবলৈহে সাহস কৰিব পৰা নাছিল। কাশীনাথ তৎক্ষণাত মান্তি হ’ল।
কাশীনাথ টেঙৰ আছিল। অতি সোনকালেই গননা বিদ্যাটো শিকি পেলালে। তাকে দেখি বামুণে ক’লৈ—“শুন, তোৰ গননা বিদ্যা শিকা সম্পূৰ্ণ হ’ল। আজিৰপৰা তই কাশী লগুৱাৰ সলনি কাশীনাথ পণ্ডিত নামেৰে জনাজাত হবি। কাইলৈ পুৱাতেই তই পূৱ দিশে ৰাওনা হবি। যিখন ঠাইতে গধূলি হ’ব