পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯

হাঁহ, কুকুৰা গাহবিবোবে প্ৰাণৰ ভয়ত মানুহৰ ঘৰত আশ্রয় লালেহি।

 দৈৱক্রমে এদিন এটা বান্দৰ সেইফালে যাওঁতে কেঁকনি শুনিবলৈ পালে। বান্দৰ খালটোৰ ওচৰ চাপি গ'ল। সি গৈ হাতীক দেখা পালে। হাতীয়ে কেঁকাই কেঁকাই সকলো কথা বিৱৰি ক'লে।

 বান্দৰে লবা লৰিকৈ আহি হাবিৰ সকলোকে কথাবোৰ ক'লেহি। সকলো গৈ হাতীৰ কাষ পালেগৈ। হাতীৰ অৱস্থা শোচনীয় হৈ পৰিছিল। কোটোহা বাঁহৰ কাঁইটে বিন্ধি গোটেই শৰীৰ থকা-সৰকা কৰি পেলাইছিল। বিষ আৰু ভোকত প্রাণ যাও যাও অৱস্থা। তাকে দেখি সকলোৱে চকুপানী টুকিবলৈ ধৰিলে। সেহাই সেহাই হাতীয়ে ক'লে—

 “মই আৰু সৰহ সময় নেবাচো। এটা কথা কৈ যাওঁ, “কোনেও যেন শিয়ালক কেতিয়াও বিশ্বাস নকৰে।” এই বুলি হাতীয়ে চিৰ বিদায় ল'লে।

 খঙতে গুজৰি গুমৰি হাতী ঘোঁৰা বান্দৰ সকলোৱে শিয়ালক বিচাৰি আহিল৷ কথা বিষম দেখি শিয়ালবোৰে গাঁত খান্দি তাৰ ভিতৰত সোমাই থাকিল।

 তেতিয়াৰপৰাই ভয়তে শিয়াল গাঁতত সোমাই থকা হ’ল। নিশা সকলো শুই নিঃপালি দিলেহে সাৰসুৰ নোহোৱাকৈ বাহিৰলৈ ওলাই আহে।