টকালি দুটামান পাৰি সি শহাক মাতিবলৈ ধৰিলে।
শহাই আক’ গাঁতৰ ভিতৰতহে ঘৰসাজি থাকে। গাঁতৰ ভিতৰৰপৰা শহাটোৱে মাত দিলে—
“মোৰ ঘৈণীজনীৰ মূৰত জ্বৰ উঠিছে। মই তাইক এৰিবই নোৱাৰো। তুমিয়ে ভুমুকিয়াই চাই কোনটো খোৱা নিয়া।”
শিয়ালে ভালেই পালে। সি পেটটো মাটিত পেলাই যিমানে পাৰে সিমানে মূৰটো গাঁতৰ ভিতৰলৈ সুমুৱাই দিলে। ঠিক তেনেতে বনৰ মাজত আগৰেপৰা লুকাই থকা বৰপৰুৱাৰ জাকটোৱে তাৰ পেটত কামুৰিবলৈ ধৰিলে। মূৰটো গাতত সোমাই থকাৰ কাৰণে শিয়াল উঠি আহিবও নোৱাৰা হ’ল। বিষত সি ধৰ্ফৰাবলৈ ধৰিলে। পিছত কোনোমতে মূৰটো উলিয়াই চিঞৰি মাটিত বাগৰিবলৈ ধৰিলে।
শহাই ভিতৰৰপৰা মূৰটো উলিয়াই ক’লে—“কেনে মজা? মোৰ পোৱালি কেইটাৰ ওপৰত আকৌ চকু দিবানে?”
শিয়ালে কেঁকাই কেঁকাই সুধিলে—“এয়া তোমাৰ ফাঁকতিহে আছিল নেকি?”
শহাই ক’লে—“যোৱা জুৰিৰ পানীত গাটো তিয়াই দিয়াগৈ, পিছে চাবা আৰু যেন এইফালে মুখকে নকৰা।”
তৰা নৰা চিঙি শিয়াল গৈ জুৰিৰ পানীত পৰিলগৈ। পানী পাই পৰুৱাবোৰ সাতুৰি গুছি গ'ল। ইফালে শিয়াল বপুৰা ঠেৰেঙা লগা জাৰত কঁপিবলৈ ধৰিলে। তাকে চাই আতৈয়ে ঢেক্ ঢেকাই হাঁহি ক'লে—
—“লোভেই পাপ, পাপেই মৃত্যু।”
শহানীয়ে ভালকৈ বুজিব পাৰিলে বুদ্ধিৰ বলত সৰু জীৱইও অসাধ্য সাধন কৰিব পাৰে।
বিলোপন আতৈক শহা শহানীয়ে ভালকৈ এসাজ খুৱাই ৰঙেৰে বিদায় দিলে।