পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১

আমাৰ বাতৰিকে লৈছা।”

 আতৈয়ে আঁঠুত ভেঁজা দি বহি ল’লে। তাৰ পিছত ক’লে—“এধানি বুলি নেৰিবা। কিজানি বুধি ভৰসা দিবই পাৰো।”

 শহানীয়ে হুমুনিয়াহ কাঢ়ি ক'লে—

 “তেনেহ’লে শুনা, মোৰ পোৱালিকেইটাৰ ওপৰত খকুৱা শিয়ালটোৰ চকু পৰিছে। আজি পুৱাতে আহি কৈ গৈছেহি গধূলিকৈ পোৱালি এটা নিদিলে হোনো আমাৰ দুয়োটাক গোটে গোটে গিলি থব।”

 বিলোপন আতৈ ক্ষন্তেক টলকা মাৰি ৰ’ল। তাৰ পিছত ক'লে— “ভয় নাই। সকলো ঠিক হৈ যাব।”

 —“কি ঠিক হ’ব? কি ঠিক হ'ব??” শহাহাল আতৈৰ কাষচাপি আহিল।

 আতৈয়ে কাণে কাণে বুধি এটা কৈ গুছি গ'ল।

 গধূলি হৈ আহিল। শিয়ালে এঙামুৰি দুটামান দি একে লৰে আহি শহাৰ ঘৰ ওলালহি। তাৰ আজি মহাস্ফুৰ্তি। শহাৰ কোমল মাংসৰে জীভাৰ জুতি ল’ব।