দি ফুৰিছে। ৰঙিলীৰ পেটতে হাতভৰি লুকাল। পুনী এসোপাৰ মাজত তাই কুচিমুচি সোমাই থাকিল। মাকলৈ মনত পৰি তাই উচুপিবলৈ ধৰিলে।
পুখুৰীটোত ভেকুলী পোৱালি এটাই ৰঙমনে বুৰমাৰি কছৰৎ কৰি আছিল। ৰঙিলীৰ উচুপনি শুনি পুনীবোৰৰ মাজেৰে জুমি চালে।
“হেৰা ধুনীয়া মইনাটি, কান্দিছা কিয়?” ভেকুলী পোৱালিটিয়ে গাটো লুকুৱাই সুধিলে। কাৰণ তাৰ খহটা গাটো ৰঙিলীক দেখুৱাবলৈ লাজ লাগিল।
চাৰিওফালে চাই কাকো নেদেখি ৰঙিলীয়ে বৰ ভয় খালে। তাই লুকাবলৈ চেষ্টা কৰিলে। এইবাৰ ভেকুলীটো তাইৰ সমূখলৈ ওলাই আহি মাত লগালেহি। ৰঙিলী ক্ষন্তেক দৰক্ মাৰি ৰ’ল। তাই উপজিবৰ বেছি দিন হোৱা নাই। তাই এনে জীৱ আগতে দেখা নাছিল। ৰঙিলী পিছ হুঁহকি গ'ল ভেকুলীটোৱে ক'লে—
“ভয় নকৰিবাচোন৷ মই তোমাৰ একো অপকাৰ নকৰো নহয়৷ তুমিনো কান্দিছা কেলেই?
“মই মোৰ আই হেৰুৱালো।” তাই আকৌ উচুপিলে। ৰঙিলীয়ে ভেকুলীটোক সকলো কথা ক’লে। ভেকুলীয়ে ক’লে “তুমি আয়েৰাৰ কথা নুশুনি বৰ ভুল কৰিলা।” বাৰু আহাচোন আমি অকণ লুকা-ভাকুকে খেলো।”
ৰঙিলীৰ মনটো ভাল লগাবলৈকে ভেকুলীটোৱে ক'লে।
“নিশ্চয় ডাঙৰ মাছবোৰে মোক খাই পেলাব।” ৰঙিলীয়ে ক’লে। বুকু ফিন্দাই ভেকুলী পোৱালিটোৱে ক'লে—
—“ইহ্ মই থাকোতে তোমাৰ কিহৰ ভয়?”
ভেকুলীৰ কথা শুনি ৰঙিলীৰ মনটো ভাল লাগি গ'ল। দুয়ো খেলিবলৈ ধৰিলে। নিশা হ'লত ভেকুলীয়ে ৰঙিলীক নিৰাপদ ঠাইত থৈ মাকৰ ওচৰলৈ গুছি আহিল।
নিতৌ ভেকুলী ৰঙিলীৰ ওচৰলৈ অহা হ’ল। দুয়ো ৰঙ-ধেমালি কৰি সময়বোৰ পাৰ কৰে। এইদৰে দুয়ো দুয়োৰে লগৰীয়া হৈ পৰিল৷
দুদিনমানৰ পিছত নেৰা-নেপেৰা বৰষুণ হ’বলৈ ধৰিলে।
পুখুৰীটো পানীৰে উপচি পৰিল। পুখুৰীৰ পানী আৰু বিলৰ পানী একাকাৰ