পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯

পৃথিৱী এৰি লক্ষ্মীদেৱীক লৈ পুনৰ স্বৰ্গলৈ গুছি গ'ল।

 ভগাবান বিষ্ণু পৃথিৱী এৰি গুছি যোৱাত মানুহবোৰে বৰ দুখ পালে৷ মূৰ্খ জীৱবোৰৰ বাবেই এনে হোৱাত ভীষণ খঙ উঠিল। জীৱ-জন্তুবোৰক নিজৰ লগৰপৰা বাহিৰ কৰি দিলে। উপায় নেপাই জীৱবোৰে হাবিবননি জান-জুৰি আদিত গৈ থাকিবলৈ ল'লে।

 ভগৱান বিষ্ণুয়ে পৃথিৱী এৰি গ'লেও তেওঁক মানুহবোৰে পাহৰিব নোৱাৰিলে। পূজা-অৰ্চনা কৰি তেওঁৰ গুণ-গান গাই থাকিল, আনহাতে নিজৰ মূৰ্খামিৰ কথা বুজিব পাৰি জীৱবোৰৰ অনুশোচনা হ’ল। বিষ্ণুৰপৰা আহাৰৰ উপায় ল’ব নোৱাৰি ভোকত কল্‌মলাবলৈ ধৰিলে। উপায় নেপাই কিছুমানে ঘাঁহবনকে খাবলৈ অভ্যাস কৰিলে। কিছুমানে আক’ অসহায় জীৱবোৰকে ধৰি ধৰি খাই পেটৰ পোৰণি মাৰিবলৈ বাধ্য হ’ল।