পাৰাক্কৈ চাৰিওফালে চালে। তাই দেখিলে নিচেই কাষতে মৌ-মাখি এটা পৰি আছে। তাই কাষচাপি গ'ল। পখিলাটিয়ে দেখিলে – মৌ মাখিটো একেবাৰেই লেবেজান হৈ পৰিছে। তাৰ পাখি এখনতো বেয়াকৈ আঘাট পাইছে। আনকি হাত দুখনিও নিথৰ হৈ পৰিছে।
পখিলাটিয়ে কোমল পাখি দুখনিৰে বা দিলে। অকল সেয়ে নহয় নিয়ৰ দুটোপালমানো আনি চকুৱে-মুখে ছটিয়াই দিলেহি।
মৌ-মাখিটোৱে চকু মেলিলে। তাৰ শুকান মুখখন দেখি পখিলাটিৰ বৰ দুখ লাগিল । লৰা লৰিকৈ গৈ ফুলৰ ৰেণু অকণ আনি ওঁঠত দিলেহি। মৌ মাখিটোৰ গালৈ কিছু তত্ আহিল।
পখিলাটিয়ে ক’লে—“তুমিনো চেঁচাখনত কিয় আছিলা?”
সেঁহাই সেঁহাই মৌমাখিটোৱে ক'লে— “মোৰ কোনো উপায় নাছিল।”
“তুমি ছাগৈ বাৰুকৈয়ে জ্বৰত পৰিছিলা?” পখিলাটিয়ে ক’লে।
“মোৰ জ্বৰ উঠা নাছিল। শেষ নিশালৈ হ'লে জ্বৰটো উঠা যেন লাগিছিল।”
“বাট ভুল কৰি নিশাটো ইয়াতে কটালা নেকি?”, পখিলাটিয়ে পুনৰ সুধিলে।
উঠিবলৈ চেষ্টা কৰি মৌ-মাখিয়ে ক’লে— “আমি কেতিয়াও বাট ভুল নকৰো৷
পখিলাটিয়ে মৌ-মাখিক সহায় কৰি দিলে। তাই ক'লে—“নিশা হোৱাৰ আগতেই তুমি ঘৰলৈ উভটিব লাগিছিল” পখিলাটিয়ে ভাবিলে পলম হৈ যোৱাৰ কাৰণে বেচেৰা ফুলনিতে থাকিব লগা হ’ল, আৰু চেঁচা বতাহজাকে তাক এই দশা কৰিলে।
মৌ-মাখিটোৱে আক্ষেপেৰে ক'লে— “তুমি কথাটো অকণো বুজা নাই। মোৰ এই গতি কোনে কৰিলে জানানে?”
“কোনেনো?” পখিলাটিয়ে আগ্ৰহেৰে সুধিলে।
“দুষ্ট ল’ৰাটিয়ে ৷ আপোন মনে মই মৌ গোটাই আছিলো। মই ডাঠি ক’ব