বেঙ পোৱালিটোৱে কাউৰীক ক’লে—
“এৰা, তোমাৰ ৰঙটো বৰ আপচু। তাতে তুমি উৰণীয়া জীৱ। আমাৰ লগত কেনেকৈ সখি হ'বা?”
দুখমনে কাউৰীটিয়ে উৰি গুচি আহিল।
কিছুদিন পাৰ হৈ গ’ল। এদিন কাউৰীটিয়ে উদৰপূৰাই খাই বৈ আহি এঘূমুতি শুবলৈ বুলি গছৰ ডালত বহিছিলহে। এনেতে হঠাত সি দেখিলে— ক’লা ফেঁটী সাপ এটাই বেঙটোক ধৰিবলৈ খেদি ফুৰিছে। বেঙটো গৈ শহাটোৰ কাষ পালেগৈ। সি ভয়তে কঁপি কঁপি ক’লে—
"সখি, মোক বচোৱা। সৌ শেনচকুৱা ফেঁটীসাপটোৱে মোক গিলেহে এতিয়া”
শহাটোৱে উভতি চালে। ফেঁটী সাপটোক দেখি তাৰ জীৱ উৰি গ’ল। সি কলে— “মোক মাফ কৰিবা সখি। বেলি পাটত বহিবৰ হ’ল, কোমল ঘাঁহেৰে মোৰ পেটটো পূৰাবলৈ এতিয়াও বাকী। মই যাওঁহে।” এইবুলি শহা দৌৰ মাৰিলে। ভয়তে বেঙপোৱালিটো কঁপিবলৈ ধৰিলে।
তাৰ বিলৈ দেখি কাউৰীটি ৰ'ব নোৱাৰিলে। সি উৰা মাৰি, গৈ বেঙ পোৱালিটোৰ কাষতে পৰি ক’লে—
“উঠা, উঠা। সোনকালে মোৰ পিঠিত উঠা।”
বেঙটোৱে জাঁপমাৰি কাউৰী পোৱালিটোৰ পিঠিত উঠিল। সি উৰা মাৰি গৈ দূৰৈৰ পথাৰ এখনত বেঙক নমাই দিলেগৈ।
বেঙ পোৱালিটোৱে ক’লে—
“তুমি আজি মোক নতুন জীৱন দিলা। তুমিহে মোৰ আচল সখি। তোমাৰ ৰঙটোহে ক’লা, মনটো হ’লে জোনাকৰ নিচিনা ফট্ফটীয়া।”
মনৰ আনন্দতে দুয়ো হাতত ধৰা-ধৰিকৈ নাচিবলৈ ধৰিলে।
পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩