পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লুভীয়াৰ বিলৈ

 এখন বৰ ডাঙৰ জয়াল হাবি আছিল। তাত অনেক জীৱ-জন্তুৱে বাস কৰিছিল। হাবিখনৰ মুখিয়াল আছিল এটা দঁতাল হাতী। বিপদে আপদে জন্তুবোৰক হাতীটোৱে ৰক্ষা কৰি ফুৰিছিল। অনাটনৰ দিনত দূৰ দূৰণিৰপৰা আহাৰ কঢ়িয়াই আনি দিছিল।

 দঁতাল হাতীটোৱে এটা নিয়ম বান্ধি দিছিল যে হাবিখনৰ কোনো জীৱ- জন্তুৱে কাকো বধ কৰি খাব নোৱাৰিব। সেইবাবে সকলো জীৱ জন্তুৱেই শান্তিৰে বাস কৰিব পাৰিছিল।

 পিছে, বনকুকুৰা, শহা, গাহৰি পোৱালি আদি দেখি শিয়ালবোৰৰ জিভাৰ পানী পৰে। ধৰি খাবলৈও ভয়। হাতীয়ে গছকত পেটু উলিয়াব। কি উপায়েৰেনো কোমল মঙহৰ জুতি ল’ব পাৰি তাৰে চিন্তাত শিয়ালবোৰৰ চকুৰ টোপনি নোহোৱা