পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪

 মাছটোৱে চাৰিওফালে পানী বিচাৰি চাবলৈ ধৰিলে। অৱশেষত কোনোমতে গৈ সি সৰু খাল এটা পালে। খালটোত কোনো মাছ-কাছ নাছিল। মাথোন দুটামান বেং আৰু লালুকীহে সাতুৰি ফুৰিছিল। সিহঁতে মাছটো দেখি অকনো ভাল নেপালে।

 লগৰীয়াহঁতক হেৰুৱাই মাছটোৰ বৰ বেজাৰ লাগিল। সি ভাবিলে বুঢ়া কাছটোৰ কথা শুনা হ’লে এনে বিপদ নহ'লহেতেঁন। গিয়ানী লোকৰ উপদেশ শুনাটো যে ভাল সি এতিয়াহে বুজিব পাৰিলে।