পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১

 ছল চাই ছাগলীজনীয়ে শিঙেৰে খুচি কুকুৰটোৰ চকুদুটা কনাই কৰি পেলালে।

 এই সকলোবোৰ কাণ্ড শিয়ালটোৱে চাই আছিল। কুকুৰটোৱে চকুৱে নেদেখা হোৱা দেখি সি বৰ ৰঙ পালে। এদিন নিশা ছেগবুজি সি গোহালিত সোমাল আৰু ছাগলী পোৱালি এটাৰ ডিঙিত ধৰি চোচৰাই লৈ গ'ল।

 ছাগলী মঙহ খাবলৈ পোৱাৰ আনন্দত সি নাচিবলৈ ধৰিলে। ইফালে ছাগলী জনীয়ে শিয়ালে তাইৰ পোৱালি নিয়া দেখি চিঞৰত গছৰ পাত সৰুৱালে । পিছে হব কি? ভাগৰত শুই থকা গৃহস্থই সাৰকে নেপালে। কুকুৰটোৱেও একো সহায় কৰিব নোৱাৰিলে।

 ছাগলীজনীয়ে ভাবিলে –মই মহা মূৰ্খই শিয়ালৰ ছলাহী কথাত ভোল গৈ বিশ্বাসী কুকুটোৰ এই দশা কৰিলো। সি ভালে থাকোতে জপনা পাৰ হবলৈকে কোনেও সাহস কৰা নাছিল৷.......সি খেদি নি সাত ঢাপৰ বাহিৰ কৰি থয়গৈ। আজি সি ভালে থকা হ’লে মোৰ কেতিয়াও এনে দশা নহ'লহেতেঁন।