পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬

মানুহৰ আদৰ নেপাবি। মানুহে খাবলৈ তোক খুদকণো দলিয়াই নিদিব চুৱাপাতনিত তই আৰু তোৰ লগুৱাই আহাৰ বিচাৰি ফুৰিব লাগিব। তাকে শুনি জন্তুৰূপী লগুৱাই কুকুঁৱাই কান্দিবলৈ ধৰিলে। ব্ৰাহ্মণে তাক ক'লে—

 “তই নিস্বাৰ্থভাৱে গিৰিহঁতৰ সেৱা কৰিলি। এইগুণ তোৰ সদায় থাকিব৷ তোক মানুহে আদৰো কৰিব আৰু খোৱা ভাগৰে এমুঠি খাবলৈ দিব। তই সদায় মানুহৰ লগতে থাকিবি। মানুহৰ মাজত তই কুকুৰ নামে জনাজাত হবি। তাৰ পাছত কাশীনাথলৈ চাই ক'লে—

 “তোক কাউৰী নামেৰে মানুহে চিনি পাব।” এইবুলি ব্ৰাহ্মণ গুছি গ'ল।

 কাশীনাথ কাউৰীহৈ ঘৰৰ মূধচত পৰিলগৈ৷ নিজকে কাশীনাথ বুলি চিনাকি দিবলৈ আপ্ৰাণ চেষ্টা কৰিলে। কিন্তু “কাঁ কাঁ” কৰ্কশ মাত ষাৰৰ বাহিৰে তাৰ মুখৰপৰা এটা শব্দও নোলাল।

 কুকুৰৰূপী লগুৱাই কাউৰীলৈ চাই খঙতে আৰু খেদি গ’ল। কিন্তু ওপৰত থকা কাউৰীক একো কৰিব নোৱাৰি নেজডালতে মুখখন লুকুৱাই কুকুঁৱাই কান্দিবলৈ ধৰিলে। অসৎ লোকৰ লগত থকাটো যে মুৰ্খামি লগুৱাই ভালকৈ বুজিব পাৰিলে। তেতিয়াৰপৰা কাউৰী কুকুৰৰ ঘোৰ শত্ৰু হৈ পৰিল।

 চুৱাপাত পেলোৱা শুনিলে আজিও কাউৰী আৰু কুকুৰ দৌৰি আহি ওলায়হি। পুৰণি কথা মনতপৰি কাউৰীক এপালি দিবলৈ কুকুৰে খেদি যায়।

 কাউৰীয়ে আজিও কা কা কৰি নিজৰ পৰিচয় দিবলৈ চিঞৰি ফুৰা আমি দেখিবলৈ পাওঁ৷ অকল সেয়ে নহয়, ঘৰে ঘৰে আহি মঙ্গলা-মঙ্গলৰ বাতৰি ও দি ফুৰা আমাৰ চকুত পৰে।