পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এধানি ৰঙিলী

 তাইৰ নাম ৰঙিলী। ৰঙিলী তেনেই ৰাঙলীয়েই। কণমানি দেহাটোত সাতোৰঙৰ চিক্‌মিকনি। ধুনীয়া। মৰমলগা তাই তেনেই এধানি এটি খলিহনা মাছ।

 মাকৰ লগে-লগে তাই নাচি বাগি ফুৰিছিল। কেনেকৈ যে আহি এই পুখুৰীটোত সোমালহি— তাই গমকে নেপালে। মাকে সদায় সিহঁতক লগে

লগে লৈ ফুৰে— নহ’লে কাৰ পেটত কেতিয়া সোমাব লগা হয় তাৰ ঠিক নাই। লগ নেৰিবলৈ সিহঁতকো সকিয়াই থাকে। পিছে মনৰ উলাহত সাতুৰি নাদুৰি ফুৰোতে তাই মাকৰ লগ এৰা দিলে। তেনে অৱস্থাতে জালোৱা এটাৰ জালত তাই লাগি আহিল। পিছত জালোৱাটোৱে এই পুখুৰীটোত জল পেলোৱাত তাই ইয়াতে সৰকি পৰিল।

 পুখুৰীটোত তাইৰ সমনীয়া কোনোৱে নাই। ডাঙৰ ডাঙৰ মাছবোৰে টহল