ভেকুলী বাই
ৰাতিপুৱাতে গা-পা ধুই ভেকুলী বাই সাজি কাচি ওলাল। আজি তাইৰ ভতিজা জী জনীৰ বিয়া। কঁকালত ৰিহা, কপালত সেন্দুৰৰ ফোঁটটিৰে ভেকুলী বাই ৰচকীজনী হৈ পৰিল। মুখত তামোল এখন সুমুৱাই হাতত ছাতিটো লৈ ভেকুলীবাই বিয়া ঘৰলৈ বুলি খোজ দিলে।
কিছু দূৰ গৈ ভেকুলীবায়ে দেখিলে কচু জোপাৰ তলতে গুঁই ভকত শুই আছে। তাৰ শনিবাৰে শনিবাৰে আক’ জ্বৰটো উঠে। কেঁকাই গেঁঠাই শুই থকা গুঁইৰ ওচৰলৈ গৈ ভেকুলীবায়ে মাত লগালে—
—“গুঁই ককাই গুঁই ককাই? দেখোন কেকাই গেঁঠাই? হ’লনো কি?”
গুঁইয়ে ক'লে—
“পুৱাৰেপৰা উঠিছে জ্বৰ
কৰিব নোৱাৰো লৰচৰ।”
গুঁইৰ কপালত হাত দি চাই ভেকুলীবাই জাপমাৰি উঠিল, আওঁ— মূৰত দেখোন শনিপাত জ্বৰ পানী এলোটা ঢালো ৰ লৰচৰ নকৰ।
মূৰত পানী একলহ ঢালি জ্বৰটো কমাই গাত কাপোৰ কানি এসাপা জাঁপি
দি ভেকুলীবায়ে পুনৰ খোজ ল'লে।
“ভেকুলী বাই ভেকুলী বাই
সাজি কাচিনো ক’লৈ যায়?”
ক্ষীণ মাতটি শুনি ভেকুলী বায়ে চাৰিওফালে চালে। পিছে কাকো দেখা
হলে নাপালে। ভেকুলীবাইৰ কানত পুণৰ পৰিল—
“ভেকুলী বাই ভেকুলী বাই বোলো কোনফালে যায়?”
ভেকুলী বায়ে দেখিলে ওচৰতে গুৱৰুৱা ভাইটি।