পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫

 “তই এইবোৰ কথাত মাত মাতিবলৈ কোন অ? তইনো ধনৰ কি মোল বুজ?”

 লগুৱা মনে মনে থাকিল। মনতে ভাবিলে—“যাৰ লোণ খাইছো তাৰ গুণ গোৱাই ভাল।”

 কাশীনাথ পণ্ডিত হৈ গনকৰ কামনো কেনেদৰে কৰিছে তাকে চাবলৈ এদিন বামুণজন আহি সেই গাঁও পালেহি। কাশীনাথৰ নদন-বদন অৱস্থা দেখি তেওঁ বৰ সন্তোষ পালে। আলেখ-লেখ চাবলৈ সেই গাঁৱৰে মানুহ এঘৰত অতিথি হৈ থাকিল। গাঁৱৰ মানুহবিলাকক কাশীনাথৰ কথা সুধিলে। মানুহবোৰে কাশী পণ্ডিতৰ সকলো কথা বিৱৰি কলে। কথা শুনি বামুণজনৰ বৰ খঙ উঠিল। তেওঁ গৈ কাশীনাথৰ ঘৰ পালেগৈ। পিৰালিতে লগুৱা বহিয়ে আছিল। ভিক্ষাৰী যেনহৈ অহা বামুণক ‘গুচ গুচ’ সি বুলি খেদি আহিল। লগুৱাৰ অতপালি দেখি বামুণে তাক ‘চাৰিঠেঙীয়া জন্তু হ’ বুলি শাও দিলে। লগুৱা তৎক্ষণাত জন্তু হৈ পৰিল। বামুণে তাক ‘গুচ গুচ’ মাতষাৰকে মুখত অনবৰত থাকক বুলি কৈ কাশীনাথৰ ওচৰ পালেহি। কাশীনাথে সোনৰ মোহৰ কিছুমান গন্তি কৰি আছিল। ব্ৰাহ্মণক দেখি মুখলৈ নোচোৱাকৈ ভাবিলে কোনোবা দাল দৰিদ্ৰহে আহিছে। গতিয়াই উলিয়াই দিবলৈ লগুৱাক চিঞৰিলে।

 ব্ৰাহ্মণ খঙত অগ্নিশৰ্মা হৈ পৰিল। তেওঁ শাও দি ক'লে— লোভত পৰি তোৰ মনটো ক'লা হৈ পৰিছে। ক'লা মনটোৰ দৰেই তই এটা ক’লা আপচু চৰাই হৈ পৰ। এতিয়া চিঞৰাৰ দৰেই তোৰ মাতটোও কৰ্কশ হৈ পৰক। তাকে শুনি তোক মানুহে সাত ঢাপৰ বাহিৰ কৰিব।”

 ব্ৰাহ্মণৰ শাওপাত পৰি কাশীনাথ নিমিষতে এটা ক’লা চৰাই হৈ পৰিল। পিছত ব্ৰাহ্মণক দেখি নিজৰ ভুল বুজিব পাৰি চৰাইৰূপী কাশীনাথে ব্ৰাহ্মণৰ ভৰিত দীঘল দি পৰিল। ব্ৰাহ্মণে ক'লে—

 “মই তোক যিখিনি জ্ঞান দিলো তাক পুনৰ ঘূৰাই ল'ব নোৱাৰো। এই জ্ঞানেৰে তই মানুহৰ ঘৰে ঘৰে গৈ কুশল মঙ্গলৰ বতৰা দি ফুৰিবি। তথাপি তই