সেইখন ঠাইতে তই নিগাজীকৈ থাকিবলৈ লবি আৰু ভাগ্য গননা কৰি মানুহৰ সেৱা কৰিবি।”
পিছদিনা কাশীনাথ শোৱাপাটীৰপৰা সোনকালেই উঠিল। গা-পা ধূুই এমুঠি খাই বৈ ল’লে। কলপাতেৰে মেৰিয়াই এমুঠি গামোচাতো বান্ধি ল'লে। বামুণক সেৱা এটি জনাই যাবলৈ ওলোৱাত কাশীনাথক বামুণে উপদেশ দি ক’লে— “এটা কথা সদায় মনত ৰাখিবি, লোভেই পাপ।”
গৈ গৈ কাশীনাথ বহু দূৰ পালেগৈ। বেলি গৈ মূৰৰ ওপৰ পালে ভোক আৰু ভাগৰ লগাত সি গছ এজোপাৰ তলতে জিৰাবলৈ বহিল। কিছু আঁতৰত পুখুৰী এটা দেখা পাই কাশীনাথ পানী খাবলৈ উঠি গ'ল।
উভটি আহি সি দেখিলে বাটত খাবলৈ অনা জলপানখিনি কোনোবা এটাই খকামকাকৈ খাবলৈ ধৰিছে। তাকে দেখি কাশীনাথে ক'লে—
—“হেৰ’ নিধক, তোৰ কাণ্ডজ্ঞান অকণো নাইনে? পৰৰ আহাৰ এনেকৈ গিলনে?”
ভয়তে মানুহটো থৰ্থৰকৈ কঁপিবলৈ ধৰিলে। সি ক’লে— “প্ৰভু, আজি সাতোদিনে পেটত খুদকণ এটাও পৰা নাই। ভোকতে ৰ'ব নোৱাৰিলো।”
মানুহটোৰ অৱস্থা দেখি কাশীনাথে একো নক’লৈ। ক্ষন্তেক জিৰাই লৈ