পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮


বেচাৰী কাউৰীজনী

 শীত গৈ বসন্ত আহিল। শীতৰ শেষৰ বৰষুণ জাকে গছ-গছনি বিলাকক গা-পা ধুৱাই দিয়াত ন কুঁহিপাত ওলাল৷ বহাগৰ বতৰত মদাৰ, কপৌ আদি ফুলবোৰে সাজি-কাচি ওলালহি। বনৰ কিছুমান চৰায়ে আক’ পুৰণা পাখিবোৰ সলাই নতুন পাখি গজাই ৰূপহীজনী হৈ ল’লৈ।

 নৈ এখনৰ কাষতে হাবি এডৰা আছিল। তাতে কাউৰী এযোৰা আহি

নতুনকৈ ঘৰ পাতিছিলহি । দূৰণিৰপৰা অহা কুলি চৰাই দুটামানেও সেই হাবিতে থাকিবলৈ ল'লেহি। সিহঁতে পিছে বাঁহ নেসাজিলে। সাজেনো কোন সময়ত? দিনে নিশাই গীত গাই থাকোতেই সময়বোৰ যায়।

 কুলি চৰাইৰ গীত শুনি কাউৰীজনী আপোন পাহৰা হয়। তাইৰ ডিঙিতহে