বিলোপন আতৈ
শীতকালৰ এটা ৰাতিপুৱা। কোমল ৰ'দটো লাহে-লাহে চোকা হৈ আহিল। দুবৰিত চিক্মিকাই থকা নিয়ঁৰবোৰ শুকাবলৈ ধৰিলে। বৰ পৰুৱা বিলোপন আতৈ কামলৈ ওলাই আহিল। শীতকালি পিছে তেনেকৈ কাম নেথাকেই। দিনৰ আহাৰ দিনে বিচাৰি পেটৰ ভোক গুচাব পাৰি। জহকালিৰ দিন কেইটাহে বৰ অসুবিধা। কেতিয়া দোপালপিটা বৰষুণজাক আহি পৃথিৱীখন বুৰাই পেলাইহি তাৰ একো ঠিক নাই। খোৱা আহাৰকণৰে বৰ মস্কিল হৈ পৰে। সেয়েহে দিনে ৰাতিয়ে আগতীয়াকৈ আহাৰ বিচাৰি গোটাওতেই সময় যায়।
দাঁত খৰকিয়াই খৰকিয়াই আহি থকা আতৈয়ে যাকে যতে পালে মাত এষাৰ লগাই গ’ল। গছ এজোপাৰ তলত উই চিৰিঙা এটা মৰি আছিল। পৰুৱা দুটামানে তাকে খাই আছিল। আতৈক দেখি সিহঁতে বাট এৰি দিলে। আতৈয়ে তাৰে পৰুৱা এটাক লগৰীয়াহঁতকো খবৰ দিবলৈ পঠিয়াই-দিলে।
আতৈয়ে পেট পুৰাই খাই বৈ জুৰিৰ পানী এটুপি পি সাঁতুৰি সিপাৰ হ’ল। মিতিৰ দুঘৰমানক মাত লগাই উভতিবলৈ ধৰোতেই দেখিলে— শহা এহালে জোপোহা এটাৰ তলত বহি কান্দি আছে। কাষচাপি আতৈয়ে সুধিলে—
“কিনো বিপদে পালে? ৰাউচি জুৰিছা দেখোন?”
শহানীয়ে ক'লে—
“এহ্ গেলাতে টেঙা নিদিবাছোন। আমাৰ দুখ দূৰ কৰোতা কোনোৱে নাই।” তাই আকৌ কান্দিবলৈ ধৰিলে।
আতৈয়ে ক’লে—
“ৰবা ৰ'বা, আগতে কোৱাছোন কথাটো কি?”
শহাই ক’লে—
“তুমি এধানি জীৱ। শুনিনো কি সহায় কৰিবা? তথাপি তোমাক ধন্যবাদ,