চৰাইয়ে ক'লে—
“সভাপতি ডাঙৰীয়া, আমাক এটা উপায় দিয়ক।”
চকুটোপনিয়াই ঘাঁহ পাগুলি থকা বলদে চকু মেলিলে সি ভাবিলে সিনো কি উপায় দিব? সকলোৱে যি কয় সেয়ে হ'ব।
অৱশেষত সভাত ঠিক হ’ল যে সিহঁত আৰু মানুহৰ সমাজলৈ উভটি নেযায়। এনেকৈ কথা পাতি থাকোতেই হঠাৎ মেঘে আকাশ ক’লা কৰি পেলালে । বতাহো আহিল, আৰু গাজনিয়ে ঢেৰেকনিয়ে হৰ্হৰাই বৰষুণ পৰিবলৈ ধৰিলে।
গোটেই মখা তিতি বুৰি জুৰুলি জুপৰি হ’ল। গধূলিও হৈ আহিল ৷ ভোকে পিয়াহে জুলা হ’ল। গিৰিহঁতে গধূলি যতনাই থোৱা সিহঁতৰ দানা-পানীলৈ সকলোৰে মনত পৰিল।
মেকুৰীয়ে মনতে ভাবিলে মানুহ নহ’লৈ ঘৰ নাই, ঘৰ নেথাকিলে এন্দুৰ নিগনি নাই, গতিকে কি খাই জীয়াই থাকিব? হাঁহ কুকুৰাৰো বিলৈ নোহোৱা হ’ল। শিয়াল হেঁপাই ধৰেহি বুলিও ভয় খালে।
কুকুৰ বহাৰপৰা উঠিল। ক’লে—“তোমালোক থাকাহ’ক, মই যাওঁ৷” এইবুলি কুকুৰ ঘৰলৈ দৌৰ মাৰিলে। তাকে দেখি বাকীমখাও ঘৰলৈ ঢাপলি মেলিলে।