পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কামতে জয়ী হ’ব পাৰি৷’ ভনীয়েকক মিনিয়ে গছে-গছে জঁপিওৱা, আহাৰ বিচৰা, শতৰু আহিলে তৎক্ষণাত পাতৰ আঁৰত লুকোৱা, আদি কামবোৰ সদায় শিকাই ফুৰে।

 ডাঙৰ হিচাপে মিনিৰ কামো বেছি। ভনীয়েকৰ প্ৰতি চকু ৰখা, মাকৰ আলপৈচান ধৰা, আহাৰ গোটোৱা আদি অনেক কাম। পিছে তাইৰ কামলৈ মুঠেই এলাহ নাই। গুণ-গুণাই গীত গাই গাই তাই যেতিয়া টান ফলবোৰৰ বাকলি এৰুৱায়, ভনীয়েকৰ বাবে নোমাল চুৱেটাৰ গোঁঠে তেতিয়া সময়বোৰনো কেতিয়া পাৰ হৈ যায়— মিনিয়ে উমানকে নেপায়।

-  এদিন মিনি ভনীয়েকক লৈ আহাৰ বিচাৰি গ'ল। সিহঁত গৈ গৈ বহুদূৰ পালেগৈ। সিহঁত এখন তামোলৰ বাৰীত সোমাল গৈ। কুমলীয়া তামোলবোৰ দেখা পাই দুয়োজনীৰে বৰ আনন্দ লাগিল। ধুনীয়া নেজদাল নচুৱাই নচুৱাই দুয়োজনীয়ে কুমলীয়া তামোলৰ ৰসবোৰ খাবলৈ ধৰিলে।

 নিনিয়ে তাই এতিয়া কামত কিমান পাৰ্গত হৈ উঠিছে তাকে দেখুৱাবলৈ বায়েকৰ ওচৰ পালেগৈ। আৰু ইজোপা গছৰপৰা সিজোপা গছলৈ জঁপিয়াবলৈ ধৰিলে। কিন্তু এপাকত তাই তললৈ সৰি পৰিল। তলত আক’ শিয়ালী এজনীয়ে ৰ’দলৈ শুই আছিল, মুখৰ আগতে নিনি পৰাত তাই ভালেই পালে। নিনিক থাপমাৰি ধৰি তাই দৌৰ মাৰিলে। মিনিয়ে বেগা-বেগিকৈ আহি যিমান দূৰলৈকে পাৰি ভনীয়েকক চাই থাকিল। তাইক শোকে খুন্দামাৰি ধৰিলে। নিনিয়ে অসহায় হৈ কান্দিবলৈ লোৱা দেখি তাইৰ চকুলো বৈ আহিল।

 বহু পৰলৈকে মিনিয়ে উচুপি উচুপি বহি থাকিল। সদায় সতৰ্ক হৈ থকাটো ভাল বুলি তাই ভনীয়েকক কৈ আহিছিল৷ পিছে আজলী ভনীয়েকে কথাটো মুঠেই মনত নেৰাখিলে।

 যেতিয়া বেলি লহিয়ালে মিনি অকলশৰে গৈ ঘৰ পালেগৈ। তাই আমন জিমনকৈ জুপুকামাৰি বহি থাকিল।

 দুদিনমানৰ পিছত এদিন নিচেই ৰাতিপুৱাতে দুৱাৰত কোনোবাই