বগলীৰ বিয়া
জেঠমাহৰ দুপৰীয়া ৷ গছৰ ছাঁলৈ পশুপখী সকলোবোৰে ক্ষন্তেক জিৰাইছে তেনে সময়তে ‘কা’ ‘কা’ কৈ কাউৰী এজনীয়ে উৰি উৰি কৈ গ’ল –“অহাকালিলৈ বগলী বাইটিৰ বিয়া সকলো যাবাহ’ক।” সেই সময়ত আক’ বৰ ভোকোলাই ফস্তি মাৰি নাক বজাই শুই আছিল। বিয়াৰ কথা সি গমকে নেপালে।
কাউৰীজনী ৰৈ নেথাকিল। এতিয়াও তাইৰ বহুতো কাম বাকী আছে। শিয়াল পুৰোহিতক শৰাই যাচি মাতিবলৈ আছেই। ফেঁচুমাহীক উৰুলি দিবলৈ কৈ থব লাগিব। পাতসিয়াক আক’ দৰাৰ চোলা সিঁবলৈ দিয়াই হোৱা নাই।
পিছদিনা বিয়াঘৰ উদুলি মুদুলি৷ লগুণ পিন্ধি শগুণে ভোজ ৰন্ধাত লাগিছে। চিলনীয়ে পুঁৱাতে মাছ এগাল গৈছে হি।
মেকুৰীয়ে বিয়া-নাম জুৰিলে। বাঢ়েটোকাই টবলাকে বজালে। ঘৰচিৰিকাৰ তত্ নাই। কোন আহিছে ক’ত বহিছে তাৰ খবৰ লৈ ফুৰিছে। বালিমাহীয়ে লাহি গা ভাঙি সকলোকে তামোল যাচিছে। বাকীবোৰে দৰা কইনাক নোওৱাত লাগিছে।
পদুলিয়েদি জাকে জাকে সকলোকে যোৱা দেখি বৰভেকোলাই ‘কথাটোনো কি’ বুলি গম ল’লে। পিছত বগলীৰ বিয়া বুলি জানিব পাৰি খঙত টিক্ছি-বিক্ছি উঠিল— আও, ইমান অপমান! বিয়ালৈ মোক নেমাতে—ময়ো মজা দেখুৱাম বাপেকে, মেঘ মোমাইক মাতি সকলো ওলট-পালট কৰি দিম।' যেনে কথা তেনে কাম। ভেকোলাই টোৰ্টোৰাবলৈ ধৰিলে। মেঘমামাই ভেকোলাৰ মাত শুনি ৰ'ব নোৱাৰিলে। নিমিষতে তেওঁ আকাশ ছাটি ধৰিলে আৰু আৰু ক্ষন্তেক পিছতে হৰ্হৰ্কৈ বৰষুণ হৈ তললৈ নামি আহিল।
বিয়া ঘৰৰ ৰং তামাচা জঁই পৰিল গ'ল। লৰা ঢপৰা কৰি যিয়ে য’তে আছিল নিজ নিজ ঘৰলৈ ঢাপলি মেলিলে। পৰুৱাই বৰ ভেকোলাৰ সকলো কাণ্ড কাৰখানা চাই আছিল।
ভেকোলাৰ সকলো কথা পৰুৱাই গৈ সকলোকে কৈ দিলেগৈ। কথা