পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬

হ’ল।

 এদিন শিয়াল এটাই ঘূৰি ফুৰোতে হাবিৰ মাজত এটা খাল দেখা পালে। সি নামি গৈ খালটো কিমান দ তাৰ উমান ল’লে। খালটো দ বুলি গম পাই তাৰ মনলৈ এটা কুবুদ্ধি আহিল। সি লৰালৰিকৈ আহি লগৰবিলাকক গোট খুৱাই এখন গোপন সভা পাতিলে। সভাত সিহঁতে থিৰাং কৰিলে যে সেই খালটোত পেলাই সিহঁতে হাতীক বধ কৰিব।

 শিয়াল মখাই খালটোত কোটোহা বাঁহৰ কাঁইট এসোপামান পাৰি দিলেহি। বাঁহডাল নেদেখা কৰিবলৈ তাৰ ওপৰত শুকান ডাল-পাত এসোপামানো আনি পাৰি থলে। খালটো চকুত নপৰা হৈ পৰিল।

 পিছদিনা শিয়াল গৈ দঁতাল হাতীৰ ওচৰ পালেগৈ। অতি নম্ৰভাৱে সি মূৰ দোঁৱাই ক’লে—

 “ডাঙৰীয়া গণনা কৰি পোৱা গৈছে এইবাৰ ঘোৰ আকাল হ’ব। মই এখন বৰ ডাঙৰ হাবিৰ সন্ধান পাইছো৷ তাত খোৱা বস্তুৰে ঠাহ খাই আছে। আপুনি যদি ইচ্ছা কৰে, মই হাবিখন দেখুৱাই আনিবগৈ পাৰোঁ।”

 শিয়ালৰ মিঠা কথাত হাতী মোহগ’ল। শিয়ালৰ লগত হাতী যাবলৈ ওলাল।

 আগে আগে শিয়াল পিছে পিছে হাতী গৈ থাকিল। শিয়ালে শুকান বাঁহৰ ওপৰেদি পাৰ হৈ গুছি গ’ল। হাতীয়েও খোজ ল’লে। কিন্তু হাতীৰ ভৰ শুকান বাঁহ কেইডালে ৰাখে কেনেকৈ? হাতী গৈ তলত পৰিল। বহুচেষ্টা কৰিও হাতী ঠেক খালটোৰ পৰা উঠি আহিব নোৱাৰিলে। হাঁহি হাঁহি শিয়ালে ক'লে—

 “গজৰাজ, তুমি গজমূৰ্খ৷ ইয়াতে মৰণলৈ বাট চাই থাকা, মই আহিলো।”

 শিয়ালে আহি হাবিত ঘোষণা কৰিলেহি যে হাতী তীর্থ ভ্রমণলৈ গ'ল৷ মুখিয়ালৰ বাবটো তাকে গতাই থৈ গৈছে। হাতীয়ে কোৱা বুলি বিশ্বাস কৰি জীৱ-জন্তবোৰে শিয়ালক মুখিয়াল মানিবলৈ বাধ্য হ’ল।

 সকলো জীৱ-জন্তু এক গোট হৈ শিয়ালৰ যাতে অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে ইটোৰ কথা সিটোক কৈ শিয়ালবোৰে সিহঁতৰ মাজত দনহাই লগাবলৈ ধৰিলে। আনহাতে ছল পালেই হাঁহ, শহা আদি এফালৰপৰা খাই যাবলৈ ধৰিলে।