সমললৈ যাওক

পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে


টুকুৰিয়ালে। মিনিয়ে চকু মোহাৰি আহি দুৱাৰখন খুলি দিয়েই আচৰিত হৈ পৰিল। কাৰণ, দুৱাৰ মুখত তাইৰ মৰমৰ ভনীয়েক নিনি ৰৈ আছিল। মিনিয়ে ভনীয়েকক সাৱটি ধৰি মৰমতে চুমা খালে আৰু কেনেকৈ সেই দুষ্ট শিয়ালী জনীৰ কবলৰপৰা সাৰি আহিল তাইক সুধিবলৈ ধৰিলে। শিয়ালীজনীয়ে ধৰাত ভয়তে নিনিৰ জীৱটো নাইকীয়া যেন লাগিছিল যদিও, কেনেকৈ তাই ধৈৰ্য ধৰিলে আৰু মনতে বুধি এটা পাঙি মৰাৰ ভাও জুৰিলে আৰু শিয়ালীজনীয়ে পুতেকহঁতক চিঞৰি চিঞৰি খবৰ দিবলৈ ভিতৰলৈ যোৱাত সেই চলতে তাই কেনেকৈ একেজাপে গৈ গছত উঠিলে গৈ সকলোখিনি বিৱৰি ক’লৈ। ঘৰলৈ অহা বাটটো বিচাৰি নোপোৱাতহে তাইৰ এই দুদিন পলম হ'ল।

 মিনিয়ে ভনীয়েকৰ সাহস আৰু বুদ্ধি দেখি বিচুৰ্তি খালে। তাই ভেবা লাগি ভনীয়েকলৈ চাই থাকিল। নিনিক আগতকৈ তজ্‌বজীয়া আৰু ৰঙীয়াল যেন দেখা গৈছিল।