পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এষাৰ কওঁ‌

 পোক-পৰুৱা, জীৱ-জন্তু, চৰাই-চিৰিকতি সকলোৰে এখন সুকীয়া জগত আছে। সিহঁতৰ ভয়, ভালপোৱা, খঙ, অভিমানে নিৰ্বোধ জগত খনলৈ মাদকতা নমাই আনে। মাধুৰ্যতা আছে সিহঁতৰ জীৱন প্ৰণালীত। “মৰমিয়াল পখিলাটি”ক তাকেই কল্পনাৰ আঁ‌ৰ লৈ সজাই-পৰাই অকণিহঁতৰ হাতত তুলি দিবলৈ প্ৰয়াস কৰা হৈছে; যাতে তেওঁলোকৰ কোমল প্ৰাণত জীৱ-জন্তুৰ প্ৰতি এক আত্মীয়তা ভাৱ গঢ় লৈ উঠিব পাৰে।

 এন, ছি, ই, আৰ, টি, নতুন দিল্লীয়ে পতা সৰ্বভাৰতীয় শিশু সাহিত্য প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় পুৰস্কাৰ সন্মান কঢ়িয়াই অনা এই পুথিখনিৰ সাধুবোৰ লিখাত অনুপ্ৰাণিত হৈছিলো মোৰ একমাত্ৰ কন্যা মাজনী (কাকলি কৃষ্ণা) আৰু একমাত্ৰ পুত্ৰ বাব্‌লু (মানস)ৰ পৰা। তেতিয়াৰ পুথিখনিৰ ছবিঅঁকাৰ দায়িত্ব দিছিলো মৰমৰ ভাগিন বাবামণি (কঙ্কনজ্যোতি)ক। সকলোটিলৈকে মোৰ স্নেহাশীষ থাকিল।

 পুথিখনিৰ প্ৰকাশৰ দায়িত্ব লোৱা জিজ্ঞাসৰ স্বত্বাধিকাৰী শ্ৰীযুত অক্ষয় চন্দ্ৰ কলিতাদেৱ আৰু শ্ৰীযুত প্ৰদীপ কুমাৰ মেধিদেৱলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনালোঁ৷ লগতে ছবি আঁকি সজাই তোলা শিল্পী মৰমৰ মণিকালৈ মোৰ ধন্যবাদ থাকিল।অকণিহঁতে পুথিখনি পঢ়ি ৰং পালেই মোৰ লিখাৰ সাৰ্থক হ'ব।⸻

ইতি 
নীলিমা বৰা