পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১

শুনি পশু-পক্ষী সকলোৰে খঙে মূৰৰ চুলি চুলে। ভেকোলাক এপালি দিবলৈ সকলোবোৰ ল'ৰি আহিল। ভয়তে ভেকোলা চুকত সোমালগৈ। ভেকোলাৰ পৰুৱালৈ বৰ খঙ উঠিল। পৰুৱাক পালেই গোটে গোটে গিলি থবলৈ মনতে পাঙি থ’লে। পৰুৱা ভেকুলীৰ ঘোৰ শত্ৰু হৈ পৰিল৷

 ভেকোলাৰ ভয় আজিও আতঁৰা নাই। সেয়েহে চুকেকোণে সোমাই ফুৰে ৷ আৰু পৰুৱাক দেখিলেই ল'ৰি আহি গোটে গোটে গিলি থয়।