পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাহিত্য আৰু চিত্ৰৰ মাজত গতিশীলতা বিচাৰি পোৱা আৰু সাহিত্য চৰ্চাৰ প্ৰতি আজন্ম হেপাঁহ থকা শ্ৰীমতী নীলিমা বৰা সাম্প্ৰতিক যুগত সাহিত্য জগতৰ এটি খ্যাত নাম। তেখেতৰ জন্মস্থান নগাঁৱত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ অসমীয়া সাহিত্যত এম.এ. ডিগ্ৰী লয়। বাল্য কালতে কবিতা লিখি তেওঁ অসমীয়া সাহিত্য জগতত প্ৰৱেশ কৰে। এসময়ৰ গৌৰীকান্ত তালুকদাৰৰ দ্বাৰা সম্পাদিত ‘দীপক’ নামৰ চেমনীয়া আলোচনীখনিৰ শ্ৰীমতী বৰা আছিল নিয়মিত শিশু লেখিকা। অসমৰ বিভিন্ন বাতৰি কাকত, আলোচনীত কবিতা গল্প, প্ৰবন্ধ, উপন্যাস আৰু শিশু সাহিত্য আদি লিখি অহাৰ উপৰিও ১৯৭২ চনৰে পৰা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত প্ৰচাৰ হৈ অহা কবিতা, গল্প, কথিকা, নাটক আদিৰ জৰিয়তে তেওঁ অসমীয়া সাহিত্যৰ জগতত এখনি সুকীয়া আসন দখল কৰি আহিছে। শৈশৱৰ কালছোৱা তেওঁ নগাঁৱৰ আমলখি চাহবাগিছাত দেউতাকৰ লগত কটায় আৰু তাতেই চাওতাল, উড়িয়া আদি সম্প্ৰদায়ৰ শ্ৰমিকসকলৰ সংস্পৰ্শলৈ অহাৰ সুযোগ পায়। তেওঁলোকৰ জীৱনৰ সংঘাত সমস্যাৰ ভিত্তিত সৃষ্ট তেওঁৰ পুৰস্কৃত উপন্যাস ‘অমৃত অনুভৱ’ শ্ৰমিক সমাজৰ এক পৰিস্ফুট স্বাক্ষৰ। সেইদৰে তেওঁৰ সুক্ষ্মানুভূতিৰে ৰচিত পুৰস্কৃত উপন্যাস ‘প্ৰত্যাশা’ত ফুটি উঠিছে অসমৰ আন্দোলনক এটি চেতনালব্ধ ঐতিহাসিক মৰ্যদা দিয়াৰ বিনম্ৰ প্ৰচেষ্টা। লগতে সাঙুৰি আছে মানৱীয় অনুভূতি আৰু সামাজিক দায়বদ্ধতা। সৃষ্টিশীল আবেগ আৰু সচেতন দূৰদৃষ্টিৰে সমৃদ্ধ তেখেতৰ লেখা ক্ষণভংগুৰ জীৱন আৰু ক্ষয়িষ্ণু সমাজৰ এক স্বচ্ছ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়।

 সদৌ অসম ভিত্তিত সাহিত্য সভা আৰু অনুষ্ঠানৰ পৰা শ্ৰীমতী বৰাৰ বহু গল্প, কবিতা পুৰস্কৃত হৈছে। ইতিমধ্যে তেখেতৰ পাঁচখন উপন্যাস, এখন শিশু উপন্যাস, এখনি শিশু জীৱনী সাহিত্য আৰু এখনি শিশু গল্পপুথিয়ে সদৌ অসম ভিত্তিত পুৰস্কৃত হৈ সুনাম অৰ্জন কৰিছে।

 শিশু সাহিত্যত ৰাষ্ট্ৰীয় পুৰস্কাৰৰ সন্মান কঢ়িয়াই অনা শ্ৰীমতী নীলিমা বৰাৰ ‘মৰমিয়াল পখিলাটি’ শিশু সকলৰ বাবে কেৱল আনন্দ প্ৰদান কৰাই নহয়, মানসিক পুষ্টি আৰু জ্ঞান বিকাশৰ এক অমূল্য পাঠ।....