এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
হৈ পৰিল। ৰঙিলীয়ে তাইৰ দৰে সৰু-সৰু মাছবোৰ জাকে-জাকে দেখিবলৈ পালে। তাইৰ মনত বৰ ৰঙু লাগিল৷
ৰঙিলীৰ ৰঙ দেখা পাই ভেকুলীয়েও বৰ ৰঙ পালে সি ভাবিলে ৰঙিলীজনীক যাবলৈ কোৱাই ভাল হ'ব৷ সি তাইক পুখুৰীটোৰ কাষলৈ লৈ আহিল। ৰঙিলীক ভেকুলীয়ে ক’লে—
“বিলৰ পানী আৰু পুখুৰীৰ পানী এতিয়া সমান হৈ পৰিছে তুমি এইপিনেই ওলাই যোৱা। নিশ্চয় আয়েৰাক বিচাৰি পাবা৷”
ৰঙিলীয়ে বহল বিলখন দেখি বৰ ভাল পালে। কিন্তু ভেকুলীক এৰি যাবলৈও বেয়া লাগিল। তাই ক’লে-
“তুমিও মোৰ লগত নোযোৱানে?”
ভেকুলীয়ে ক’লে-- “আয়ে মোক বিচাৰি হাবাথুৰি খাব। তুমিয়ে যোৱাগৈ। তোমালৈ মোৰ বৰকৈ মনত পৰিব৷”
ৰঙিলীয়ে দুখমনেৰে ভেকুলীৰ পৰা বিদায় লৈ বিলখনৰ ফালে আগুৱাই গ’ল।
ভেকুলী পোৱালিটোৱে একে থৰে সেইফালে চাই থাকিল৷ তাৰ দুচকুৱেদি টপ্টপকৈ চকুপানীবোৰ সৰি পৰিবলৈ ধৰিলে৷