সিহঁতৰ সভা
ভাদ মাহৰ এদিন দুপৰীয়া। এজোপা গছৰ তলত সকলো পোহনীয়া জীৱজন্তু গোট খালেহি৷ কিয়নো, সিহঁতে মানুহৰ ঘৰত থাকি সিহঁতৰ দুখৰ সীমা নোহোৱা হৈছে বুলি ভাবিছিল। সেয়েহে সিহঁতে এখন সভা পাতিলে।
সভাত বলদ গৰুক সভাপতি পাতিলে। বলদে সকলোকে মনৰ কথা ক’বলৈ অনুমতি দিলে। প্রথমে পাতিহাঁহ জনীয়ে ক’বলৈ ধৰিলে যে তাইৰ দুখৰ অন্ত নাই। নিজৰ কণীসোপাত উমনি দিবলৈ নেপায়। গিৰিহঁতে সোপাকে লৈ গুছি যায়। মন গ'লেই সিহঁতক মাৰি খাই থয়। কুকুৰাজনীয়ে পাতিহাঁহৰ কথা শলাগি ক’লে—
“এৰা, মানুহবোৰৰ অকণো দয়া মৰম নাই। এবাৰ মোৰ তিনিটা পোৱালি নি চুৰুহা কৰি খালে। কণী দিবলৈহে পাওঁ, লৈ গুছি যায়।”
ছাগলী জনীয়েও একেটা দুখৰ কথাকে ক’লে যে, পোৱালি কেইটাক তাই পেট পুৰাই গাখীৰ কণ খুৱাবলৈ নেপায়। গিৰিহঁতে খীৰাই নিয়ে। তাৰ পিছত আক’ পোৱালি নি কচাইক বেচেগৈ। তাই চকুপানী টুকিলে। কাষতে থকা কুকুৰক ঠেলা এটা মাৰি ছাগলীজনীয়ে ক'লে—
–“নেমাত কিয়, মনে মনে আছ দেখোন?”
কুকুৰে গিৰিহঁতৰ বদ্নাম গাবলৈ ভাল নেপায়। তথাপি ক’লে—
“মই দিনে নিশাই গিৰিহঁতক পহৰা দিও। তথাপি মোক লেই লেই ছেই ছেই কৰি ফুৰে।”
ফটাঢোল যেন মাতটোৰে গাধই কেনেকৈ সি গধূৰ বোজাবোৰ কঢ়িয়াব লাগে বৰ বেজাৰেৰে ক'লে। ঘোঁৰাইও দিনে নিশাই গাড়ী টনা, বোজা কঢ়িওৱাৰ কথা ক'লে।
মেকুৰীয়ে টপৰ্কৈ মাত লগালে—