পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮


পৰিল। এইদৰেই মানুহবোৰে শস্যৰ পৰাই শস্য কৰিবলৈ শিকিলে আৰু খোৱাৰ অভাৱ দূৰ কৰিবলৈ ধৰিলে। এই কাম কেৱল মানুহবোৰৰ কাৰণেহে সহজ আছিল। সেইবাবে পশু-পক্ষী, পোক-পৰুৱাবোৰৰ বিষ্ণুৰ ওপৰত বৰ খঙ উঠিল। সিহঁতে

বিষ্ণুক মাৰিবলৈ খেদি আহিল। তাকে দেখি ভগবান বিষ্ণুৱে সিহঁতক নাশ কৰি পেলাবলৈ সাজু হ’ল । লক্ষীদেৱীয়ে বৰ ভয় খালে৷ তেওঁ ভগবান বিষ্ণুক কাকুতি মিনতি কৰি তাৰপৰা বিৰত কৰিলে। লক্ষ্মীদেৱীৰ কথা বিষ্ণু মানিলে সচাঁ কিন্তু