পাৰো, ল’ৰাটিক মই কেতিয়াও আমনি কৰা নাছিলো।” মৌ-মাখিটোৱে ক'লে।
পখিলাটিয়ে ক'লে—
“ল’ৰাটিয়ে নেজানেনে আনক দুখ দিয়াটো যে বেয়া কথা?”
“বেয়া ল’ৰাই সেইবোৰ নুবুজে।”
“তুমি জানো তেওঁলোকৰ বাবেই ফুলৰ মৌ গোটাই মৌ-জোল নকৰা?”
“তেওঁলোকৰ বাবেই জিৰণি নোলোৱাকৈ আমি মৌ গোটাই মৰো।”
“এৰা; এই কথাবোৰ তেওঁলোকে বুজা উচিত” পখিলাটিয়ে আৰু অকণমান ফুলৰ ৰেণু আনি মৌমাখিক খুৱাই দিলেহি। দুৱৰিৰ পাতবোৰ আঁতৰাই ৰ'দৰ তাপ দিলে। মৌ মাখিয়ে গাটো বহুখিনি ভাল পাই উঠিল।
“মই কিজানি পুনৰ উৰিবগৈ পাৰিম।” মৌ-মাখিটোৱে ক'লে।
“কেলেই নোৱাৰিবা, তুমি ভালেখিনি সতেজ হৈ পৰিছা।”
“এৰা, গাটো পাতল যেনো লাগিছে।” ৰ’দৰ তাপত মৌমাখিৰ গাৰ বিষো নাইকিয়া হৈছিল।
মৌ-মাখিটোৱে লাহে-লাহে উৰিবলৈ চেষ্টা কৰিলে। পখিলাটিয়ে সাহস দিলে।
মৌ-মাখিটোৱে ক'লে—
“তোমাৰ মৰম আৰু সহায় নোপোৱাহ’লৈ মোৰ যে কি দশা হ’লহেতেন!” পখিলাটিয়ে ধুনীয়াকৈ হাঁহি এটি মাৰিলে আৰু লাহি পাখি দুখনি মেলি ক'লে—
“বিপদত সহায় কৰাটো সকলোৰে কৰ্তব্য।”
মৌ-মাখি আৰু পখিলাটি একেলগে নীলা আকাশৰ ফালে উৰা মাৰিলে।