এদিন চৰাইটোৱে মাছটোক ক’লেহি— “চকুৰ পচাৰতে জহকালিটো পাৰহৈ গৈ শীত পালেহি। চেঁচা বতাহজাকো ঘনাই আহিবলৈ লৈছে। সেয়েহে অহা কালিলৈকে মই আই পিতাইৰ লগত এই ঠাই এৰি গুছি যামগৈ।”
মাছটোৱে ক’লে— “তোমাৰেই ভাল দিয়া, গোটেই পৃথিৱীখনতে ঘূৰি ফুৰিব পাৰা। মোক তোমাৰ লগত লৈ যাবানে? মোৰো আকাশত উৰিবলৈ বৰকৈ মন গৈছে।”
চৰাইটোৱে মাছটোৰ কথা শলাগি পিছদিনা তাক ওলাই থাকিবলৈ কৈ গুছি গ'ল।
সিহঁতৰ কথাবোৰ বুঢ়া কাছ এটাই শুনি আছিল। সি ক'লে— “ভগবানে যাক য’ত থকাৰ দিহা দিছে তাত থকাই ভাল। নহ’লে বিপদহে হ’ব।”
পিছে, মনৰ উলাহত মাছটোৱে কাছটোৰ কথা কাণেই নিদিলে।
পিছদিনা চৰাইটো আহিল আৰু মাছটোক পিঠিত তুলি লৈ আকাশৰ পিনে উৰা মাৰিলে। যিমানে চৰাইটো ওপৰলৈ গ'ল সিমানে বেচাৰা মাছটোৰ বিলৈ নোহোৱা হৈ পৰিল। তাৰ মূৰৰ ঘূৰণি উঠিল। উশাহবোৰ ছুটি হৈ আহিল। সি ক’বলৈ ধৰিলে।—
“হেৰা চৰাইটো, ৰ’বা, ৰ’বা। মোৰ জীৱটো ওলায়হে এতিয়া৷ মোক তলত নমাই দিয়া।”
চৰাইটোৱে তাৰ কথালৈ কাণসাৰকে নকৰিলে। কাৰণ তাৰ মাক-পিতাক ইতিমধ্যে চৰাইবোৰৰ লগত উৰি বহু দূৰ পাইছিলগৈ।
বেচেৰা মাছটোৱে কাবৌ কোকালি কৰিবলৈ ধৰিলে, চৰাইটোৰ খং উঠিল। ক’লে—
“নলগা কামত লাগি নিজেও মৰিবলৈ ওলাইছা, আৰু মোৰো সময় নষ্ট কৰিছা কিয়?’’
চট্ফটাই থকা মাছটোৰ অৱস্থা দেখি চৰাইটোৱে তাক তলত নমাই থৈ
গুছি গ'ল।