৫১
খৰখেদাকৈ জিলমিলক বিচাৰি গ'ল।
ভালুকজনীয়ে গোটেইখনতে বিচাৰি চলাথ কৰিলে। ইফালে গধূলি হবৰ হ’ল। হঠাতে তাইৰ মধুৰি আমাজোপাত চকু পৰিল। পকি থকা মধুৰি আম সোপা দেখি মনত ৰঙ লাগিল যদিও জীয়েকৰ চিন্তাত হাঁহি এটাও মাৰিব নোৱাৰিলে।
“মৰতীজনী”— তাই মুখৰ ভিতৰতে ভোৰ্ভোৰালে। এনেকে কুঁ কুঁৱাই কোনোবাই কন্দা যেন শুনি ভালুকজনী নৰ্দমাটোৰ ওচৰ পালেগৈ। তাই বিচুৰ্তি খালে— জীয়েকজনী তাতে সোমাই আছে।
ভালুকজনী গছত উঠিল। তাই টনা ডাল এটাতে চাই খামুছি ধৰিলে। তাৰ পিছত তললৈ দোঁ দিবলৈ ধৰিলে। ছিল্মিলক তাইৰ ভৰিত খামুছি ধৰিবলৈ ক’লে। জিলমিলে তাকে কৰিলে। বৰ সাৱধানেৰে ভালুকজনীয়ে জিলমিলক আনি মাটিত থ’লেহি। তাৰ পিছত ঢেঁটুত ধৰি চোঁচৰাই আনি থেকেচামাৰি ঘৰৰ মজিয়াতে পেলাই দিলেহি। বাঘঢকা দুটামান দি ক'লে—“মাৰৰ কথা নুশুনা এতিয়াটো মজা পাইছনে? মই-মতালিখন কৰি নিজেও মৰিবি আৰু আমাকো মাৰিবি।”
মাকৰ খঙ দেখি বাকীকেইজনী জীয়েক পেঁপুৱা লাগি চুক এটাত বহি থাকিল।
ভালুকজনীয়ে বনদৰৱ এসোপা বিচাৰি আনিলেগৈ আৰু মজিয়াত বহি লৈ কাঁইটে আচুৰি থকা সৰকা কৰা জিলমিলৰ গাত সানি দিবলৈ ধৰিলে।