পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯

দেখোন সুৰবোৰ খহটা হৈ ওলায়। গীত শুনি শুনিয়েই তেওঁৰ টোপনি যায়।

 এদিন বেলিটো মূৰৰ পোন হ’বলৈ তেতিয়াও বহুত বাকী। সোণাৰু জোপাত বুঢ় বাঢ়েটোকাটোৱে পোক-পৰুৱা দুটামান পায়নেকি টুকুৰিয়াই চাই আছিল। চেক্‌চেকীজনীৰ আক’ গাটো ভাল নহয়। তাই জুপুকামাৰি ডালতে বহি আছে। সখিয়তি কেইজনীয়ে পাতৰ মাজত লুকাভাকু খেলিছে। তেনেতে ন-কৈ ঘৰ পতা কাউৰীজনীয়ে হায়ৈ বিয়েকৈ কান্দিবলৈ ধৰিলে। তাইৰ কান্দোন সকলো ল’ৰি আহিল। তাইৰনো কি হ'ল চৰাইজাকে বেৰি ধৰি সুধিবলৈ ধৰিলে।

 চকুপানী নাকৰ পানী একাকাৰ কৰি কাউৰীজনীয়ে ক'লে—

 “মোৰ তিনিটা পোৱালিৰ দুটা পৰৰহে তুলিলো। টোপলৈ আহি দেখো সৌডালটোতে পোৱালি দুটা বহি আছে। মাতোহে মাতো, সিহঁত নাহে। ওচৰ চাপি যাওঁতেই “কুউ”“কুউ” বুলি ভুকং কৰে দুয়োটা উৰামাৰি গুছি গ'ল । কুলি মতীজনীয়ে তাইৰ কণী মোৰ বাঁহটোত থৈ এনকৈয়ে বুকুত কামোৰ মাৰিব লাগেনে? উঁ....উঁ.....উঁ....।” তাই আকৌ কান্দিবলৈ ধৰিলে। বাকীমখা চৰাইয়েও উস্‌, উস্‌, আস্‌, আস্ কৰিবলৈ ধৰিলে।

 বুঢ়া শগুনটোৱে কাষৰ গছজোপাতে বহি আছিল। সি সকলো কথা শুনি আছিল। লাহেকৈ উৰামাৰি আহি কাউৰীজনীৰ ওচৰতে বহিলহি। শগুনে গহীন মাতেৰে ক'লে—

 “জনালোকে কয়—অচিনাকি জনৰপৰা সাৱধানে থাকিব লাগে। অচিনাকি জনক আসৈ দিয়াটো বেয়া।”

 সকলোৱে শলাগিলে—“হয়, হয়”।

 চেক্‌চেকী জনীয়ে ক'লে—“অ’ সেয়েহে হ’বলা তাই তোমাৰ বাঁহটোৰ ওচৰতে ইফাল সিফালকৈ লচপচাই ঘূৰি ফুৰিছিল।”

 বুঢ়া শগুনটো উৰামাৰি গুছি গ'ল। বাকীমখা চৰাইও কামে কামে গ'ল। বাকী থকা পোৱালিটো বুকুতলৈ কাউৰীজনী জুপুকামাৰি বহি থাকিল।