পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জিল মিল

 এজনী ভালুকৰ পাঁচজনী জীয়েক আছিল। সিহঁতৰ নাম আছিল— জোনাকী, বিজুলী, জিলমিল, পাহি আৰু অকণি। ভালুক জনীয়ে সিহঁতক বৰ যতনেৰে ডাঙৰ-দীঘল কৰিছিল। জিলমিলজনী আৰু বৰ আপোনপেটীয়া আছিল। তাইৰ স্বভাৱটোও খিট্‌খিটীয়া আছিল। মাকে সমানে আটাইকেউজনীক আহাৰকণ ভগাই দিয়াৰ পিছতো তাই ইজনীৰপৰা থপিয়াই সিজনীৰপৰা থপিয়াই দন হাই

এখন লগাবই। তাৰবাবে তাই মাকৰপৰা গালি-শপনিও খাই থাকিব লগা হয়।

 বাৰিষা কাল আহিল। নেৰা নেপেৰা বৰষুণত বিলৰ পানী বাঢ়ি আহি হাবি সোমালহি। হাবিৰ জীৱ-জন্তুবোৰে ওখ ঠাই বিচাৰি ল'লে। ভালুক জনীয়েও পোৱালিকেইটা লৈ এটুকুৰা ওখ ঠাই পালেগৈ। ঠাইকণ গছ-গছনিৰে ভৰা আৰু