পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪

 ভটুৱাই মুখতে ধৰিলে—“নিগনি চিগনি এটা ধৰি খাব নোৱাৰ?”

 ৰাঙীয়ে বোলে—

 “ধৰি খাবলৈ মোৰ এতিয়া শকতি নাই। তাতে ভজামাছৰ সোৱাদলৈ লৈ আজিকালি এইবোৰত জুতি নলগাই হ’ল।

 ফোঁ ফোঁৱাই ৰাঙী ঘৰৰপৰা ওলাই গুছি গ'ল৷ পিছপিনৰপৰা ভটুৱাই ক’লে—

 “জনমৰেপৰা থকা ঘৰখন এৰি থৈ নেযাবিছোন। বুঢ়ীজনী অকলশৰীয়া হ’ব। ক'ৰবাত এমুঠি খাই বৈ আকৌ গুছি আহিবি।”

 ৰাঙী হ’লে দুনাই উভতি নাহিল।