পৃষ্ঠা:মৰমিয়াল পখিলাটি.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গিয়ানী ভতুৱা

 এজনী বুঢ়ীৰ এটা ভটুৱা কুকুৰ আৰু এজনী মেকুৰী আছিল। ধানে চাউলে বুঢ়ীৰ অৱস্থা নদন বদন। কিন্তু নিজৰ বুলিবলৈ কেওঁ কিছু নাই। কুকুৰ-মেকুৰী-হালকে নিজৰ ল'ৰা-ছোৱালীৰ নিচিনাকৈ মৰম আদৰ কৰে।

 বগা আৰু মুগা ৰঙৰে মেকুৰীজনীৰ নাম ৰাঙী। তাইৰ নিজৰ ৰূপটো লৈয়ে বৰ বাহাদুৰি। গাত খেৰকুটা এডালকে থাকিবলৈ নিদিয়ে। চুচিমাজি চিকুণকৈ থয়। ভটুৱাক তাই চকুপাৰি দেখিব নোৱাৰে। তাৰ গাৰ ভেকেটা ভেকেট্ গোন্ধটোও তাই সহিব নোৱাৰে। কেতিয়াবা ওচৰলৈ আহিলেও তাইৰ চৰিয়াবলৈহে মন যায়।

 ভটুৱাই ৰাঙীৰ মনৰ ভাৱ নুবুজা নহয়। সেয়েহে তাইক দেখিলে সিও হুম্‌কনি এটা দি থয়। ৰাঙীৰ এই ৰাজৰাণী ভাৱটো ভটুৱাই সমূলি ভাল নেপায়। দিনৰ দিনটো তাই শুব। বুঢ়ীৰ খোৱা-পাতৰ ওচৰত বহি মাছ-মঙহৰ জুতি ল’ব। তথাপি লুকাই চুৰকৈ খোৱাৰ স্বভাৱটো আছেই।

 এবাৰ বুঢ়ী বেমাৰত পৰিল। ৰন্ধা-বঢ়া দূৰৈৰ কথা টেকেলীত থকা জলপান মুঠিও উলিয়ায় খাব নোৱাৰা হ'ল।

 দুৱাৰমুখলৈ আহি ভটুৱাই ভিতৰলৈ ভুমুকিয়াই চাই বুঢ়ীৰ অৱস্থাটো বুজি পালে। সিও পিৰালিতে আমন্‌জিমন্‌কৈ শুই থাকিল। পেটৰ কল্‌মলনি উঠিলে দৌৰ মাৰি গৈ কাৰোবাৰ চুৱাপাতনিত যি পায় তাকে খাই গুছি আহে।

 ইফালে ভোকত তৎ নেপায় ৰাঙীয়ে বুঢ়ীৰ ওচৰত খাবলৈ বিচাৰি তাল- ফাল লগালে। খাবলৈ নেপাই তাই বুঢ়ীৰ ঘৰ এৰি গুছি যাবলৈ ওলাল।

 ভটুৱাই তাকে দেখি ক’লে—“বুঢ়ীৰ বিপদত তই এনেকৈ এৰি থৈ যাৱনে?”

 ৰাঙীয়ে ভেঁকাহি মাৰি ক'লে— “খাবলৈ নেপালে থাকো কিয়?”