মাটিৰ চাকিৰ শিখা

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
[  ]
 

মাটিৰ চাকিৰ শিখা

 
 

হিৰণ্ময়ী দেৱী

[  ]

Matir Cakir Sikha : A collection of poems written and Published by Sree Hiranmoyee Devi, Silpukhuri, Guwahati - 3.


প্ৰথম প্ৰকাশ :
এপ্ৰিল, ১৯৭৯ চন।
দ্বিতীয় প্ৰকাশ।
ছেপ্তেম্বৰ, ১৯৯৮ চন।


লেখিকাৰ দ্বাৰা
সৰ্বস্বত্ব সংৰক্ষিত।


প্ৰচ্ছদপট শিল্পী : শ্ৰীমনোজ কুমাৰ ভট্টাচাৰ্য্য
 ছপা : ফ্ৰণ্টিয়াৰ ইণ্ডাষ্ট্ৰিজ


মূল্য : ২০.০০ (বিশ টকা)


মুদ্ৰন : ফ্ৰণ্টিয়াৰ ইণ্ডাষ্ট্ৰিজ
যোগেন বৰুৱা লেন,
শিলপুখুৰী, গুৱাহাটী - ৩

[  ]
 

প্ৰখৰ মেধা আৰু সম্ভাৱনাৰে উজ্জ্বল এটি জীৱনৰ
অধিকাৰী হৈ এইখন পৃথিবীলৈ আহিছিল
যদিও বিধাতাৰ বিচাৰত
যি একোকেই নেপালে
সেইজন মোৰ
ভাই
৺সুশীল কুমাৰ শৰ্মাৰ
স্মৃতিত
শোকাৰ্ত্ত প্ৰাণৰ
অশ্ৰু অঞ্জলি ৰূপে
পুথিখনি উছৰ্গা কৰা হ’ল।

[  ]

এজন পঢ়ুৱৈৰ একাষাৰ

 শ্ৰীহিৰণ্ময়ী দেবীৰ কবিতাৰ সৈতে মোৰ পৰিচয় কাকতালীয়। গুৱাহাটীৰ এখন সৰবৰহী দৈনিক কাকতৰ দেওবৰীয়া চ’ৰাৰ পাতত সময়ে সময়ে তেওঁৰ কেতিয়াবা দীঘল, সচৰাচৰ চুটি প্ৰকাশিত কবিতা কেইটামান এৰা-ধৰাকৈ পঢ়ি মনত কিবা এক বেলেগ ধৰণৰ আনন্দ- ময় প্ৰতিক্ৰিয়া হৈছিল। তেওঁৰ কবিতাত সাধাৰণতে 'মহিলা কবি’ হিচাপে শ্ৰেণীবদ্ধ হোৱা বহুতো 'টিপিকেল’ নাৰী-কবিৰ কবিতাত নুশুনা কিবা এক সুকীয়া সুৰ শুনা যেন লাগিছিল। দেবীক লগ পাওঁতে এবাৰ কৈছিলো–তেওঁৰ কবিতাই মোৰ অন্তৰ স্পৰ্শ কৰে, তেওঁৰ পৰা এনেকুৱা কবিতা আৰু পাবলৈ আশা আছে। সিদিনা যেতিয়া শ্ৰীহিৰণ্ময়ীয়ে তেওঁৰ যোৱা প্ৰায় দেড় দশকত আলোচনী কাকতত প্ৰকাশ হোৱা কবিতাখিনিৰ কিছু কবিতা থুপাই একেলগ কৰি মাটিৰ চাকিৰ শিখা শিতানেৰে কিতাপৰ আকাৰত মোৰ হাতত দি মই তেওঁক বাটত লগ পাই কোৱা কথাষাৰ মনত পেলাই দি কবিতাখিনিৰ বিষয়ে একাষাৰ লিখি দিবলৈ কলে তেতিয়া তেওঁৰ অনুৰোধ পেলোৱা টান হ’ল।

 ‘মাটিৰ চাকিৰ শিখা'ৰ সন্দৰ্ভত পোনতে এইখিনি একপ্ৰকাৰ অপ্ৰাসঙ্গিক ব্যক্তিগত কথা মই এইবাবেই কবলৈ গৈছোঁ যে হিৰণ্ময়ী দেৱীৰ কবিতাৰ সম্পৰ্কত মোৰ একাষাৰ কাব্য সমালোচকৰ সম্যক সমালোচনা নাইবা কোনো প্ৰকাৰ গভীৰভাৱে চিন্তিত কাব্য-সম্পদৰ মূল্যায়ন নহয়। ই মোৰ পঢ়ুৱৈ হিচাপে হোৱা নিতান্ত ব্যক্তিগত প্ৰতি- ক্ৰিয়া জনাই থোৱাৰহে প্ৰয়াস মাথোন।

 ১৯৬৫ চনৰ পৰা ১৯৭৯ চনলৈকে দেড় দশকত লিখা একুৰি পোন্ধৰটা কবিতা আগবঢ়াই দি লিখিকাই বিনয় সহকাৰে কৈছে “বিচিত্ৰ অভিজ্ঞতা, বহল অধ্যয়ন আৰু গভীৰ মনন নহলে সাৰ্থক কাব্য-সৃষ্টি [  ] সম্ভৱ নহয়, আমাৰ সমাজত কেইগৰাকী তিৰোতাই তেনে পৰিবেশ পায়?” কথাষাৰ-নিঃসন্দেহে সত্য, আলংকাৰিকভাৱে কোৱা কথা নহয়। পুথিখনৰ দুই এটা ঢিলা বিধৰ কবিতা নধৰি সৰহখিনি কবিতা পঢ়ি মোৰ কিন্তু বিশ্বাস হ’ল বিশিষ্ট কাব্য-সৃষ্টিৰ বাবে লাগতিয়াল অভিজ্ঞতা, অধ্যয়ন, মনন যথোপযুক্ত পৰিমাণে থাকক বা নেথাকক সাধাৰণ অ-সমালোচক কবিতা-ৰসিক পঢ়ুৱৈ এজনে কবিতা সংকলনৰ পৰা ঘাইকৈ যিখিনি সন্তুষ্টি লাভ কৰিবলৈ হেপাহ কৰে তাৰ কোনো খিনিৰে অভাৱ ‘মাটিৰ চাকিৰ শিখা’ত অনুভৱ কৰিবলগীয়া নহব। কবিতাৰ ছান্দসিক সৌন্দৰ্য্য, গাথনিগত সৱলতা, দাৰ্শনিক গভীৰতা বা ব্যঞ্জনামূলক মৌলিকতাতকৈও সাধাৰণ ৰসগ্ৰাহী পঢ়ুৱৈয়ে কবি- তাৰ পৰা আশা কৰে তাৰ বাণী আৰু মৰ্মগত আন্তৰিকতা আৰু অৰ্থ- গৌৰৱ। সেই দৃষ্টিৰে চালে মোৰ মনত হয় শ্ৰীহিৰণ্ময়ী দেবীৰ কবিতা- খিনিৰ অন্তৰত সোমাই থকা মানৱীয় সংবেদনশীলতা আৰু সংযত আৰু বলিষ্ঠ ধৰণৰ আবেগ- -অনুভূতিয়ে ইয়াক সীমিত ব্যক্তিগত স্তৰৰ পৰা বহুজনৰ অন্তৰ পৰশিব পৰা স্তৰলৈ উন্নীত কৰিছে।

 মই যেতিয়া নিজকে সেধো-কিহৰ বাবে হিৰণ্ময়ীৰ কবিতা মোৰ এনেকৈ ভাল লাগিল, ‘মাটিৰ চাকিৰ শিখা’ৰ কিবোৰ গুণে মোক আকৰ্ষণ কৰিলে?- তেতিয়া এই ভাল লগাৰ কাৰণবোৰ বিশ্লেষণ কৰিবলৈ নৌ যাওঁতেই এটা উত্তৰ পাওঁ—এই কবিতাখিনিৰ প্ৰচ্ছন্ন আধুনিকতাৰ সুৰটোৰ বাবেই কবিতা কেইটা মোৰ ইমান প্ৰিয়। জানো,এগৰাকী উদীয়মানা মহিলা কবিৰ প্ৰথম কাব্য-প্ৰয়াসৰ প্ৰসঙ্গতে ‘আধুনিকতা’ৰ কথা তুলি মই কোদোৰ বাঁহত জুই দিয়াৰ লেখীয়া কামহে কৰিছো। তথাপি মই নিৰুৎসাহ হোৱা নাই। কাৰণ হিৰণ্ময়ী দেবীৰ কবিতা সূক্ষ্ম বিশাৰদৰ বিচাৰেৰে নাইবা তথাকথিত ‘আধু- তিক কবিত’ৰ কলা-কৌশল সম্পৰ্কীয় কাৰিকৰী বিশ্লেষণেৰে চালে সঠিকভাৱে আধুনিক কবিতাৰ পংক্তিভুক্ত হব পাৰিবনে নোৱাৰে সেই বিষয়ে নিশ্চিত নহলেও মই অনুভৱ কৰো কিতাপখনৰ বহুতো কবিতাৰ [  ] বিষয়বস্তুৰ যুগ-ধৰ্মিতা বা সমসাময়িকতাৰ কথা এৰিলেও আৰু আন কেতবোৰত থকা 'চেলুলয়ড', 'ধাঁৰাল ঢৌ’, ‘অন্ধ-গলি’, ‘ৰূপালী-ফ্ৰেম', ‘নিয়ন পোহৰ’, ‘ডেটল’, ‘চেতনাৰ শীশ্‌মহল’, ‘অক্সিজেন’ ইত্যাদি শব্দ অভি-ব্যক্তিৰ বাহ্যিক আধুনিকতাৰ কথা নধৰিলেও এক গভীৰ আৰু আভ্যন্তৰীণ অৰ্থত প্ৰায়বোৰ কবিতাতে আধুনিক ‘চেন্‌চিবিলিটি’ বা চেতনা আৰু আধুনিক ‘মানৱিক অৱস্থিতি’ বা ‘হিউমেন কন্‌ডিশ্য- নৰ’ ইঙ্গিত আৰু ব্যঞ্জনাৰ সন্ধান পোৱা যায়।

 ‘মাটিৰ চাকিৰ শিখা’ৰ অন্তৰ্লীন আধুনিকতাৰ এটা মন কৰিব লগীয়া বৈশিষ্ট্য এই যে ভালেখিনি কবিতাত আধুনিক জীৱনৰ অন্ত- দ্বৰ্ন্দ্ব ক্ষোভ, সংঘাট, শূণ্যতা, বেদনাবোধৰ তীব্ৰতা আৰু তিক্ততা অনস্বীকাৰ্যভাৱে প্ৰকট হলেও কবয়িত্ৰী গৰাকীয়ে কতো এনেবোৰ অক্ষমতাৰ ওচৰত আত্ম-সমৰ্পণ কৰা নাই। বাস্তৱ অভিজ্ঞতাৰ ৰূঢ়- তাই বহুসময়ত শাশ্বত ধ্ৰুব প্ৰমূল্যসমূহৰ প্ৰতি অধিক কঠোৰ আৰু ক্ষমাহীন কৰি তুলিছে যদিও তেওঁ বাৰে বাৰে এইবিলাক অতিক্ৰম কৰি মানুহৰ মহত্ব প্ৰতিষ্ঠাৰ সম্ভাৱনাৰ প্ৰতি হাত বাউল দিছে, নাৰী সুলভ আবেগ অনুভূতিপ্ৰৱণ দুৰ্বলতাৰ বশৱৰ্তী হৈ পৰিবেশ আৰু পৰিস্থিতিৰ প্ৰতিকূলে মানৱসত্বাৰ অগ্ৰগতিত আস্থা হেৰুৱা নাই। আধুনিক হলেও হিৰন্ময়ী দেবীয়ে “শৰণীয়া শিখৰত অৱৰুদ্ধ দেৱতা”, “আলোকৰ অভিযাত্ৰী (মৈত্ৰেয়ী) বিদায়ী স্বামী” মাডাৰ টেৰেছা, হেম বৰুৱা, ব্ৰজেন বৰুৱা, শ্বহীদ নৰেণ মহন্ত, অপহৰণকাৰীৰ বলি শিশু সঞ্জয় আদিৰ পৰা মানৱীয় প্ৰেৰণা আহৰণ কৰি সমস্যা-সংকুল জীৱনৰ পৰা প্ৰজ্ঞা-প্ৰোজ্জ্বল জীৱনলৈ উত্তৰণৰ পাথেয় বিচাৰিছে। মহিলা কবি হোৱা স্বত্বেও হিৰন্ময়ীৰ কবিতাত যি এটা দৃঢ়তাব্যঞ্জক বলিষ্ঠ অশাবাদ আৰু আদৰ্শবাদৰ পৰিচয় পোৱা যায় সেইটো অসমীয়া মহিলা কবিৰ কবিতাত দুৰ্লভ বুলি কলেও বঢ়াই কোৱা নহয়। দুৰ্বো- ধ্য বা চিত্ৰকল্প-বহুলতাক আধুনিক কবিতাৰ দুৰ্লক্ষণ বুলি বিবেচনা [  ] কৰিলে হিৰন্ময়ীৰ আধুনিক কবিতা এই দুয়োটাৰে পৰা সন্তোষজনক ভাৱে মুক্ত। সেইবুলি তেওঁৰ কবিতা বিবৃতিমূলক নহয়, তথাকথিত পদ্যও নহয়। 'মাটিৰ চাকিৰ শিখা'ৰ কবিতাত আত্মাৰ আলোড়নৰ সম্ভেদ আছে, আৰু আছে আৱিস্কাৰৰ জৰীয়তে অস্তিত্বৰ মূল অন্বেষণৰ তিতিক্ষা৷

 শ্ৰী হিৰণ্ময়ী দেৱীৰ কবিতাৰ ভাষাৰ অলঙ্কাৰ বিহীন অথচ সুন্দৰ ঝঙ্কাৰ আৰু সুমধুৰ লয় 'মাটিৰ চাকিৰ শিখা'ৰ আন এটি উল্লেখনীয় বৈশিষ্ট্য। প্ৰায়বিলাক কবিতাতে তেওঁৰ ওখ ভাৱৰাশিয়ে হৃদয়গ্ৰাহী শ্ৰৱণীয় ভাষা চিনি পাইছে। এই কবিতাত সুস্থ সমাজ-চেতনা আৰু বৌদ্ধিক নিৰ্লিপ্তি, এনেকি বৌদ্ধিক ক্ষোভ আৰু ব্যঙ্গও আছে। সমাজৰ ৰক্ষকসকলৰ আৰু ৰাজনৈতিক ক্ষমতাধাৰী সকলৰ হৃদয়হীনতা আৰু কপটতাৰ বিৰুদ্ধে শ্লেষ আৰু উষ্মা প্ৰকাশতো তেওঁ প্ৰয়োজনত অকুণ্ঠ হৈছে। কিন্তু এনেবোৰ কথাই তেওঁৰ কবিতাৰ সামগ্ৰিক স্বতঃস্ফুৰ্ততাত বাধাৰ সৃষ্টি কৰা নাই নাইবা সাধাৰণ পঢ়ুৱৈৰ ৰসাস্বাদনত খোকোজা লগোৱা নাই। সেই বুলি কিতাপখনৰ কতো যে ছন্দপতন ঘটা নাই, নাইবা কেতিয়াবা ভাৱপ্ৰকাশত উজুটি খোৱা নাই এনে নহয়। এনেবোৰ কথাৰ উদ্ধৃতি বা উল্লেখ অবিহনে আভাস দিয়া টান আৰু তাকে কৰিবলৈ গ'লে মোৰ একাষাৰ অনেকাষাৰ হৈ আমনি লগোৱাৰ আশঙ্কাই বেছি। মুঠতে শ্ৰীহিৰণ্ময়ী দেবীৰ ‘মাটিৰ চাকিৰ শিখা’ কবিতা কিতাপটি এক ব্যথিত, আন্দোলিত আলোড়িত নাৰী হৃদয়ৰ স্বচ্ছ দাপোণ। মোৰ বিশ্বাস, অকল যে সাম্প্ৰতিক কবিতাৰ তীব্ৰ নিয়ন পোহৰে চকুত ধৰিলেহে এটা স্নিগ্ধ মাটিৰ চাকিৰ পোহৰ ভাল লাগিব পাৰে তেনে নহয়, সমকালীন মানসিক আৰু সামাজিক অস্থিৰতাৰ মাজতো 'মাটিৰ চাকিৰ শিখা’ই স্থিৰ, স্নিগ্ধ জ্যোতি বিকীৰণ কৰিব পাৰে। হিৰণ্ময়ীৰ কবিতা হিৰণ্ময় জ্যোতিৰে উদ্ভাসিত হওক সেয়ে কামনা।

পহিলা মাৰ্চ, ১৯৭৯।

শ্ৰীমুনীন বৰকটকী
পঞ্চবটী, গুৱাহাটী।

[  ]


মোৰ কবলগীয়া

 ১৯৬৫ চনৰে পৰা কাকত-আলোচনীৰ পাতত মাজে সময়ে ওলাই থকা কবিতাখিনিৰ একুৰি পোন্ধৰটা গোটাই পুথি আকাৰে ছপাই উলিওৱাৰ এয়া প্ৰথম প্ৰয়াস। এইবোৰ কবিতাত ৰসঘন বিশুদ্ধ কাব্য-বস্তু বিচাৰিলে পাঠক-নিশ্চয় হতাশ হব। বিভিন্ন ছন্দৰ পৰীক্ষা- নিৰীক্ষাও ইয়াত হোৱা নাই। দেশৰ সামাজিক, ৰাজনৈতিক পৰিস্থিতি, বিভিন্ন মানৱীয় সমস্যা নাইবা প্ৰকৃতিৰ বৰ্ণ-বৈচিত্ৰই কৰ্মব্যস্ত জীৱ- নৰ ফাঁকে ফাঁকে মনত যি আলোড়ণ তুলিছিল তাকেই সীমিত কল্পনাৰে সহজ-সৰল ভাষাত ৰূপ দিবলৈ চেষ্টা কৰিছিলো। থোৰতে কবলৈ গ'লে ভাৰাক্ৰান্ত হৃদয়ক সকাহ দিয়াৰ প্ৰচেষ্টাতে এইবোৰৰ জন্ম। বিচিত্ৰ অভিজ্ঞতা, বহল অধ্যয়ন আৰু গভীৰ মনন নহলে সাৰ্থক কাব্য সৃষ্টি সম্ভৱ নহয়; আমাৰ সমাজত কেইগৰাকী তিৰোতাই তেনে পৰে- বেশ পায়। কিন্তু ধুমুহা আহিলে অকল বৰলুইতৰ বুকুৱেই আন্দোলিত নহয়, নৈ-নিজৰাৰ বুকুতো সৰু সৰু ঢৌ উঠে; সৰু বুলিয়েই সেইবোৰ এনেয়ে মাৰ যাব নে? মহাপুৰুষেও আমাক এই ক্ষেত্ৰত আশ্বাস দি গৈছে—“পক্ষীসৱে উৰয় পখা অনুসাৰে।” সাম্প্ৰতিক কবিতাৰ তীব্ৰ নিয়ন পোহৰত মাটিৰ চাকিৰ শিখাত পোহৰৰ অস্তিত্ব চকুত নপৰিব পাৰে। পিছে কেতিয়াবা নিয়ন পোহৰে চকুত ধৰিলে কাৰোবাৰ চাকিৰ পোহৰকণো ভাল লগা হব পাৰে, গৰু-খোজত আকাশ দেখাদি কোনোবা ৰসগ্ৰাহী পাঠকে সেইবোৰতে ৰস আবিষ্কাৰ কৰি থাউকতে পঢ়িবলৈ বিচাৰিবও পাৰে তেনে আশাৰেই 'মাটিৰ চাকিৰ শিখা' নামেৰে কবিতা সংকলন প্ৰকাশৰ মৰসাহ কৰিলো।

 কবিতাৰে এইবাৰ ছপাশাললৈ পঠাওঁতে ক'ৰবাত দুই এটা শব্দৰ ইফাল সিফাল কৰিবৰ মন গ’ল; সেইকণ চপলতাৰ বাবে ক্ষমা [ ১০ ] বিচাৰিছোঁ। সাধাৰণতে কবিতাৰ কোনো ব্যাখ্যাৰ প্ৰয়োজন নাই; ই নিজেই নিজৰ ভাষ্য। তথাপিতো কেতিয়াবা কবিৰ একোটা ইংগিতে কবিতাৰ মৰ্মাৰ্থ হৃদয়ংগম কৰাত পাঠকক যথেষ্ট সহায় কৰে। পাঠক সমালোচকৰ সুচলৰ বাবেই আটাইবোৰ কবিতাৰে ৰচনা-কাল আৰু ক্ষেত্ৰ বিশেষে সৃষ্টিৰ পটভূমি উল্লেখ কৰা হ'ল।

 কাব্য তথা সাহিত্যৰ প্ৰতি আকৰ্ষণ জন্মগতসূত্ৰে পিতৃদেৱৰ পৰা পোৱা; মোৰ কবিতাক সংকোচৰ দেওনা-বেৰাৰ আঁৰৰ পুৰা উলিয়াই আনি দৈনিক অসম’ৰ চ'ৰা ঘৰত প্ৰথম প্ৰকাশৰ পোহৰ দেখুৱালে বিশিষ্ট সাহিত্যিক-সাংবাদিক, উক্ত কাকতৰ সহকাৰী সম্পাদক ফণী তালুকদাৰদেৱে। আগশাৰীৰ সাহিত্যিক-সমালোচক শ্ৰীমুনীন বৰ- কটকীদেৱে সেইবোৰ কবিতাত কিবা এক সুকীয়া সুৰ শুনিবলৈ পোৱা বুলি আনন্দ প্ৰকাশ কৰি মোৰ আত্মবিশ্বাস জগাই দিয়াৰ লগতে কবিতা- খিনি পুথি আকাৰে ছপাবলৈ মোক উৎসাহিত কৰিলে। মোৰ অনু- ৰোধক্ৰমে তেখেতে পুথিখনিৰ আগকথা হিচাপে দু-আষাৰ লিখি দিব- লৈকো গাত ললে। মোৰ পৰম শ্ৰদ্ধাৰ্হ এই তিনিগৰাকী পুৰুষৰ কাষত মই আৰু মোৰ কবিতা চিৰকাললৈ ঋণী। ধন্যবাদ জ্ঞাপনৰ লৌকিক- তাৰে সেই ঋণৰ বোজা লাঘব কৰিব খোজাৰ ধৃষ্টতা মোৰ নাই।

 পুথিখনিৰ প্ৰচ্ছদপট আৰু অংগসজ্জাৰ ৰূপকাৰ মোৰ সহকৰ্মী কৃতী শিল্পী শ্ৰীপদুম গোঁহাইক অন্তৰভৰা কৃতজ্ঞতা জনাইছো। খৰ- খেদাকৈ কিতাপখন ছপাশালৰপৰা উলিয়াই দিব পৰাৰ কৃতিত্বখিনিৰ বাবে স্থানীয় হেমকোষ প্ৰিন্টাৰ্ছৰ স্বত্ত্বাধিকাৰী আৰু কৰ্মীবৃন্দ মোৰ শলাগৰ পাত্ৰ।

 ‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰ পূজা থলীৰ এচুকত ‘মাটিৰ চাকিৰ শিখাটি’ জ্বলাই দি অভাজনে মূৰ দোঁৱাইছো।

শ্ৰীহিৰন্ময়ী দেবী

গুৱাহাটী
পহিলা এপ্ৰিল, ১৯৭৯ চন। [ ১১ ]


পুনশ্চ

 মোৰ কবিতা-পুথি ‘মাটিৰ চাকিৰ শিখা'ৰ প্ৰথম সংস্কৰণৰ কিতাপখিনি কাহানিবাই শেষ হ'ল। সেয়ে দ্বিতীয় সংস্কৰণ এটা উলিওৱাৰ কথা চিন্তা কৰিলো। আগৰবাৰৰ দৰে এই সংস্কৰণ- টিয়েও ৰাইজৰ সমাদৰ পালে আমি সন্তোষ পাম।

 কৃতবিদ্য সাহিত্যিক-সমালোচক স্বৰ্গীয় মুনীন বৰকটকীদেৱে পুথিখনিৰ এটি সুচিন্তিত সমালোচনাৰে আমাক ধন্য কৰি গৈছে। তেখেতৰ মৌখিক পৰামৰ্শৰ কথা স্মৰণ কৰি এইবাৰ পুথিখনিৰ অ’ত ত’ত দুই চাৰিটা শব্দৰ সালসলনি কৰা হৈছে। মোৰ চিৰ-নমস্য এইগৰাকী পুৰুষৰ পূত-স্মৃতিত অন্তৰৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিলো।

 অগ্ৰদূত কাকত গোষ্ঠিৰ শিল্পী, কবি শ্ৰীমনোজ কুমাৰ ভট্টা- চাৰ্য্যই পুথিখনিৰ বেটুপাত আঁকি দি কৰা সহায়ৰ বাবে কৃতজ্ঞতা জনাইছো। পুথিখনিৰ ছপা-বন্ধাৰ কাম নিয়াৰিকৈ কৰি সময়মতে কিতাপখন হাতত তুলি দিয়া ‘ফ্ৰন্টিয়াৰ ইণ্ডাষ্ট্ৰিজৰ’ স্বত্ত্বাধিকাৰী আমাৰ পুত্ৰ শ্ৰীকুশল শৰ্মা আৰু প্ৰেছৰ কৰ্ম্মীবৃন্দৰ শলাগ ললো।


শ্ৰীহিৰন্ময়ী দেবী

গুৱাহাটী
১ ছেপ্তেম্বৰ ১৯৯৮ চন। [ ১২ ]

 : কবিতাৰ কৰণিত :

মোৰ মন-/১ সন্তান-/২ মোৰ দুখ মোৰ সুখ—/২ দেৱতাৰ প্ৰাৰ্থনা—/৩ প্ৰতীক্ষা— /৪ অগ্নি-সেৱা—/৪ শহীদ-তৰ্পণ— /৫ স্বাগতম নৱজাতক— /৬ মৈত্ৰেয়ী সংবাদ— /৭ বৰষুণ— /৯ অ’ মোৰ সুৰীয়া মাত-/১০ মাদাৰ টেৰেছা-/১১ এজাক বৰষুণে— /১২ মই নাৰী— /১৩ মোৰ আই—/১৫ দুভাগ পূজা-/১৬ ডেচডিমোনাৰ উক্তি : অথেলোৰ প্ৰতি-/১৭ বহাগ —/১৯ ইমাৰজেন্সি ৱাৰ্ড —/২০ সঞ্জয়ৰ সমাধিত –/২১ যন্ত্ৰণাতীত—/২৩ এই বেলি বহাগত –/২৩ মেজি ঘৰ— /২৪ এই মাটি এই মাত—/২৫ এইবাটে ঈশ্বৰ আহিছিল—/২৬ বৰদৈচিলালৈ চিঠি—/২৮ ৰক্ত-দান -/২৯ এইবেলি বিহুটি—/৩১ শিল্পীৰ মৃত্যু—/৩২ শেষ যাত্ৰা -/৩৪ অশ্ৰুগাথা-/৩৫ মাতৃৰ স্বপ্ন – /৩৭ দুটি নিচুকনি গীত— /৩৮ উপলব্ধি—/৩৯ তোমাৰ বাবে—/৪০ [ ১৩ ]

মোৰ মন

মন মোৰ জ্যোৎস্নাহীন ৰাতিৰ আকাশ
চেতনাৰ দিগন্তত
এটি দুটি আশা জ্বলে ঢিমিক ঢামাক;
এন্ধাৰ ওৰণি খুলি
পৃথিবীক চাওঁ বুলি
বুজি পাওঁ ই যে মোৰ স্বপ্ন বিলাস।
মন মোৰ বৰষাৰ মেঘালী আকাশ
থিতাতে ধুমুহা আহি
নুমায় তৰাৰ হাঁহি
এন্ধাৰত দিশহাৰা ঘনীভূত বেদনাই
অন্তহীন চকুলোত বিচাৰে প্ৰকাশ।

মন যদি হ'লহেঁতেন
বহাগৰ দুপৰৰ মায়াবী আকাশ
এই মেঘ এই নীলা
সাতৰঙী অশ্ৰুমালা
মৰু পৃথিবীৰ অংগে অংগে সেউজ সুষমা সনা
দীপ্তপ্ৰেম আলোকৰ অবাধ উচ্ছাস!

এপ্ৰিল, ১৯৭৩ চন।

[ ১৪ ]

সন্তান

তোৰ চকুৰ নীলাত
মোৰ সুখৰ সূৰ্য্য জ্বলে,
তোৰ ওঠৰ হাঁহিত
মোৰ সপোন শেৱালি ফুলে,
তোৰ দুখৰ ডাৱৰ ফালি
বজ্ৰ-বিজুলীয়ে বুকু দেই পুৰি মাৰে;
পাহৰিলোঁ কোনদিনা
মৃদু এক ভ্ৰূণকম্পনত
মোৰ সত্ত্বা ভাঙি খহি তোতে লীন হ'ল।

১৯৭৫ চন।

 মোৰ দুখ মোৰ সুখ

 দুখৰ অকূল সাগৰত
 মই ককবকাই ফুৰিছোঁ;
 চেতনাৰ সৰ্বাংগত
 ধাঁৰাল ঢৌৰ কোব ,
 বাসনাৰ শিখৰ শিপাৰে উদিত
 মোৰ সুখৰ সূৰ্য্য
 নিতে মাৰ যায় সেই জলধিতে;
 হেঙুলীয়া অৱশেষ ঢাকি
 বেদনাৰ নীল-ছায়া ক্ৰমে আগুৱায়
 খন্তেক পিছতে নামে এৰাতি এন্ধাৰ।

১৯৭৫ টন।

[ ১৫ ]

দেৱতাৰ প্ৰাৰ্থনা

শৰণীয়া শিখৰত
অৱৰুদ্ধ দেৱতাই মিনতি জনালে,
“মোক মুক্তি দিয়া,
ঠেলি দিয়া জন-জীৱনৰ অন্ধ গলিলৈ
অনাহাৰ-অনাচাৰ-ৰোগযন্ত্ৰণাৰ
হাঁহাকাৰে কোলাহলময়।”
সমাগত স্থূলবপু ভক্তবৃন্দে ক'লে,
“চিক্‌মিক্‌, মাৰ্বলত প্ৰশস্তিৰ বেদমন্ত্ৰে
অহৰহ পূজিম তোমাক;
মন্দিৰৰ প্ৰতিটো ইটাই সোঁৱৰাব শিল্পীৰ নৈপুণ্য,
ৰত্নগৰ্ভা জননীৰ বিপুল ঐশ্বৰ্য্য;
নিয়নৰ তীব্ৰ আলোকেৰে
পোহৰাম দিক ভ্ৰষ্ট পথিকৰ বাবে
দুৰ্গম তোমাৰ পথ;
আঁচনিৰ আকাশী গংগাত
শত সেৱকৰ নিতে হব স্নান-আচমন
কিন্তু ত্যাগ আৰু সেৱা-বাণী ভেলেকী বাজিৰে
ক্ষীণ বুদ্ধি জনতাৰ মন মুহিবলে,
ক্ষমা কৰা, মুক্তি অসম্ভৱ।”

১৯৬৬ চন।

[ ১৬ ]

প্ৰতীক্ষা
দুচকু যেতিয়া ঘড়ীৰ কাঁটাত
উৎকৰ্ণ হৃদয় পদূলি-মূৰত বন্ধা,
উদাসীনতাৰ ওৰণি আঁৰত
অস্থিৰ মনৰ চঞ্চল পদক্ষেপ;
অপ্ৰকাশৰ পিঙত ওলমা
বোবা যন্ত্ৰণাৰ জীয়া সেই ইতিহাস
দুটি নয়নৰ নীলাভ কাচত
ধৰা জানো পৰি যায়?

১৯৭৩ চন।

অগ্নি-সেৱা

আবেলিৰ আকাশত ৰঙৰ জুই
গধূলিৰ পাহাৰত বনৰ জুই
ভোগালীৰ পুৱতিত মেজিৰ জুই—
এইবোৰ একোকে নহ’ল চোৱা,
বাজেটৰ ঘঁহনিত মনৰ জুই।
হায়, মানুহৰ চেতনাত ৰণৰ জুই জ্বলিব কেতিয়া?

মাঘবিহু, ১৯৭৫ চন।

[ ১৭ ]


শ্বহীদ-তৰ্পণ

কি ফুলে ফুলালা
আই অসমীৰ চৰণ দুখনি?
কি গোন্ধে ভৰিল
ভাষা-জননীৰ নিষ্প্ৰভ ফুলনি?
সেই ৰং সেই সুৰভিৰে
আজি শত হিয়া উখল-মাখল।
ধনশিৰি-ভোগদৈ কলঙৰ ৰঙচুৱা পানীয়
একাকাৰ হৈ ব’লে
লুইতৰ বিশাল বুকুৰে;
সেই পথে উজাব লাগিব,
চকু-লোৰ সাগৰৰ পাৰকূল নাই।
অতগছি তেজৰ প্ৰদীপ!
পোহৰত নিজকে চিনিম
আৰু শতৰু চিনিম।
মৃত্যু-ভয়হীন ভীষণ প্ৰতিজ্ঞা
অম্লান হৃদয় জবা
আজি তাৰেহে তৰ্পণ হব প্ৰাণৰ শ্বহীদ!

১৯৭৩ চন। [ ১৮ ]

স্বাগতম্‌ নৱজাতক

সোণ, অতপৰে আহি পালি!
ভাল হ’ল পলমে অহিলি,
চিতা-জুই কিনো চাবি, মেজিৰ জুইকে চা
ঠেতুৱৈ ধৰা মৃতপ্ৰায় পৃথিবীত
জাগৃতিৰ নতুন উত্তাপ।
তোৰ হাঁহো হাঁহো ৰঙা মুখখনি!
মাতৃৰ সেন্দুৰকণ গালে-মুখে সানি
তই দেখো পুৱাৰ অৰুণ!
এৰা, বেলি তো নমৰে, মাথো মাৰ যায়
পূব আকাশৰ বুকুত
নতুন তেজেৰে দীপ্ত
অন্য এক সূৰ্য্যৰ ধ্ৰুৱ প্ৰত্যয়েৰে।
মাতৃ-গৰ্ভৰ এন্ধাৰতে তই বন্দুকৰ গৰ্জন শুনিলি
মহীৰূহ খহি পৰা শব্দ, বাঁহ ভঙা পখীৰ কান্দোন,
কাঁহ নৌ বাজোতেই চমক ভাগিল তোৰ
ৰক্ত-বীজৰ বংশধৰ তই
সংগ্ৰাম তোৰ জীৱন-নিশ্বাস।
কুঁৱৰীটোলৰ ধুলি মাটি আজি ৰঙা চন্দন হ’ল;
এই ধূলিতেই জীৱনেৰে যুঁজি যুঁজি
এটি শিশু পিতৃ হ’ল, মৰণ-বিজয়ী হ’ল;
এই ধুলি গাত সানি অসমীৰ চেনেহী কোলাত
মুক্ত বতাহত তই ডাঙৰ দীঘল হবি ,
এই ভাষাৰেই তয়ো কথা কবি, গান-গাবি, বচন মাতিবি ,
তই অভিমন্যু নতুন যুগৰ
জীৱনৰ চক্ৰবেহু প্ৰবেশৰ পথ মাথো শিকি অহা নাই
সপ্তৰথী হেলাৰঙে বধি বীৰোচিত নিষ্ক্ৰমনৰো।

ডিচেম্বৰ, ১৯৭২ চন [শ্বহীদ নৰেণ মহন্তৰ মৰণোত্তৰ পুত্ৰসন্তানটিৰ জন্মত] [ ১৯ ]

মৈত্ৰেয়ী সংবাদ
“যেনাহং নামৃতা স্যাম্ কিমহং তেন কুৰ্য্যাম্?”

অলোকৰ অভিযাত্ৰী
হে বিদায়ী স্বামী, প্ৰণমো তোমাক।
সপোনৰ ছয়াময়া, জীৱনৰ মায়া এৰি
তুমি হবা বানপ্ৰস্থী
গুহাৰ এন্ধাৰ ঠেলি জ্বালি দিবা অখণ্ড প্ৰদীপ;
ধৰিত্ৰীয়ে দুচকু মোহাৰি
পাব দেখা জ্যোতি ৰেখা
ইন্দ্ৰিয়ৰ অগোচৰ পৰম সত্যৰ।
আৰু মোৰ বাবে এৰি যাবা
কুটীৰৰ স্নিগ্‌ধ-ছায়া, গো-সুৱৰ্ণ-নীৱাৰ ভাণ্ডাৰ
ঘেৰি যাক মৰণৰ জয়ডঙ্কা বাজে অবিৰাম?
মোৰ চাতক কণ্ঠত কান্দে হেজাৰ যুগৰ তৃষ্ণা
এই পথে জীৱনৰ প্ৰতিশ্ৰুতি ক'ত?
পাৰহীন বায়ু-সমুদ্ৰত কৰ্পুৰৰ জীৱন বিলাস!
প্ৰাত্যহিক তুচ্চতাৰ পুতলা খেলাৰে
আৰু কতদিন পাহৰিম আত্মাৰ ক্ৰন্দন?
জাগতিকতাৰ জীৰ্ণ শিকলি চিঙি
মন মোৰ উৰি যায়
ৰ’দ জিলমিল কপহুৱা মেঘৰ সিপাৰে ,
ধোঁৱা আৰু সুৰভিৰ—
ৰন্ধনশালাৰ আৰু শয়ন গৃহৰ
পথ-পৰিক্ৰমা এৰি

[ ২০ ]

মনে যদি জুমি চাব খোজে
বিস্তীৰ্ণ এন্ধাৰে ঘেৰা কুমেৰু-সুমেৰু পথ
মই নিৰুপায়।
ছায়াঘন অৰণ্যত দুপৰৰ দুঃসহ মৌনতা,
কোনোবা পাতাল ভেদি জুৰিটিৰ ক্ষীণ কলৰৱ,
মুক্তকেশী কুহকিনী ৰাতিৰ মায়াই
মোক যেন মাতি লৈ যাব
দুৰ্জ্জেয় ৰহস্যময় গোপন পুৰীৰ পিনে
সোণকাঠি পৰশত, য'ত সুপ্তিমগ্না ৰাজকুমাৰীৰ
মনাকাশ অৰুণাভ হয়।
সপোনৰ ৰং সানি
প্ৰতি পুৱা সযতনে মালিকা গাথিলোঁ ক’ত
প্ৰতি সন্ধা লেৰেলি শুকায়,
তুলসী তলৰ মোৰ নিমজ হাতৰ চিন
প্ৰতিজাক বৰষুণে মচি থৈ যায় ,
মোৰ জন্ম, মোৰ কৰ্ম ধুই-মচি নিও বুলি
কালৰ প্লাৱন সৌৱা আহে বাহু মেলি ,
মোক অকণি আশ্ৰয় লাগে
হে পুৰুষ, অবিনাশী তোমাৰ প্ৰজ্ঞাৰ।
অমৃত-সন্ধানী স্বামী, মোকো লৈ বলা সেই পথে
ধূলি আৰু ধৰণীৰ শেষ হৈ গলে
য’ত বিৰাজে আলোকচ্ছটা শাশ্বত সূৰ্য্যৰ;
দেহাতীত মোৰ তৃষ্ণা
লীন হৈ সেইদিনা তোমাৰ তৃষ্ণাত
ফুলাব যি শতদল মৃত্যু তাৰ নাই।
মহা শূণ্যৰ বুকু পূৰ্ণ কৰি উঠিব ঝংকাৰি
দ্বৈত-কণ্ঠত সেই মহা অভীপ্সাৰ গান-
‘সত্যম, শিৱম, সুন্দৰম'।

১৯৭১ চন।

[ ২১ ]

বৰষুণ

ফাগুনৰ ধুঁৱলি আকাশে
হৃদয় উজাৰি দিলে
মদাৰৰ ফাকুৰে ৰাঙলী
প্ৰকৃতিৰ অধীৰ আবেগ
অতপৰে শান্ত হ’ল,
মন মুক্ত ফৰকাল।
নোৱনী পানীৰে দেহা জিলমিল্‌
আকাশ ভৰা উজ্জ্বল পোহৰ সাক্ষী
সেউজৰে সূৰুযৰে শুভ দৃষ্টি বিনিময়
সৃষ্টিৰ জৰায়ুত উন্মেষৰ আগলি বতৰা।

বহু উদ্বেগ ভাৱনাৰে চেতনা ধূসৰ,
স্তৰে স্তৰে সঞ্চিত ধুলি মাকতিৰে
হৃদয়ৰ ৰন্ধ্ৰ বন্ধ,
পোহৰৰ সুৰুঙা হেৰাল।
ভিতৰত আত্মাৰ আকুল প্ৰাৰ্থনা—
মাথো এচমকা নীলিম আকাশ
এমুঠি সোণালী স্বপ্ন,
পোহৰে ঢৌৱাই দিব
লহ্ পহ্ সৃষ্টিৰ ফচল
জীৱন উজাৰি নিয়া সেইজাক বৰষুণ কিমান দূৰত?

১৯৭৪ চন।

[ ২২ ]

অ' মোৰ সুৰীয়া মাত

ভ্ৰমিলো বহুত দেশ
সীমাহীন সাগৰ সিপাৰে,
শিকিলো বহুত ভাষা
বাক-বিনিময় হল অলেখ জনেৰে।
দিয়া-নিয়া স্তুতি-প্ৰশস্তিৰে
উচ্ছসিত কত পুৱা
হাস্যৰৱ মুখৰিত কিমান উজ্জ্বল সন্ধ্যা
নৈঃশব্দৰ এন্ধাৰ পাৰত
ৰোহ পাতি শুই থাকে নি:সংগ হৃদয়।

স্বপ্নত শুনিলো এটি মাত
দূৰণিত এৰি অহা চিনাকি সুৱদি মাত
য’ত ভাষা পালে
মোৰ শৈশৱৰ আধাফুটা মিঠা কাকলিয়ে,
যাৰে স্বৰলিপি ৰচিছিল
আবেগ ৰঙীন মোৰ সোণালী যৌৱনে,
মোৰ ওপজা মাটিৰ ভাষা,
মোৰ বাংময়ী যত আশা,
সেই মাত শুনিলো স্বপ্নত।
ৰোমাঞ্চিত তনু-মন
নীৰৱ বীণৰ তাঁৰ
সুৰৰ জোকাৰ লাগি হঠাতে কঁপিল,
তড়িৎ আঘাতে যেন খুলি দিলে হৃদয়-দুৱাৰ,
দিঠকৰ ৰূপালী বালিৰ বান্ধে
অজস্ৰ কান্দোন যত অতদিনে আগচি আছিল।

১৯৭৫ চন

[ ২৩ ]

মাদাৰ টেৰেছা

তুমি পশ্চিমৰ পৰা পূবলৈ আহিলা।
এন্ধাৰৰ পৰা পোহৰলৈ?
নে পোহৰৰ পৰা এন্ধাৰলৈ?
মিছা, দুয়োপিনে পাৰহীন অন্ধকাৰ
মাজত আলোক সেতু
প্ৰদীপ্ত জীৱনবোধ
সেই সেতু জ্যোতিষ্মান তোমাৰ আত্মাৰ।

মই মাতৃ গৰৱিনী
মোৰ শিশুটিৰ শৰীৰৰ ধূলিৰে মলিন হৈ
তোৰ বাবে কান্দি হাঁহি ধন্য হৈ গ'লো।
তোমাৰ সুবিশাল মাতৃত্বৰ
আকাশ প্ৰমাণ উদাৰতাৰে
মোৰ ক্ষুদ্ৰতাক ক্ষমা কৰি দিবা।

আমি মহাকাশ চিনি পাওঁ,
পৃথিৱীৰ অলি-গলি মাথোঁ নিচিনিলোঁ,
ঘৃণা বিদ্বেষৰ কুৎসিত ব্যাধিৰে
জীৱন বিভৎস হ'ল,
অতৃপ্ত পিপাসাত ওষ্ঠাগত প্ৰাণ
আমি শান্তি বিচাৰি
জতুগৃহৰ দুৱাৰত মূৰ আচাৰি মৰো।
ভিক্ষুনীৰ জোলোঙাত বিধাতাৰ পৰম সস্পদ,
হাতত অমৃত কুম্ভ
পঙ্গু পৃথিৱীৰ অসাৰ অংগত ,
চেতনাৰ প্ৰশান্তি নামক।

মে' ১৯৭৩ চন।

[ ২৪ ]

এজাক বৰষুণে

জিৰ্‌জিৰ্‌ এজাক বৰষুণে
আলফুলে মোৰ দেহাটি ধুৱাই দিলে
বহাগৰ এটি মিঠা আবেলি।
সেউজ সেউজ মেঘৰ মাজে মাজে
ঘনচিৰিকাই গানৰ ‘আসৰ’ পাতে;
তাৰ চপল ভৰিত নাচোন লাগি
ধাৰাষাৰে তুষাৰ কণা সৰে ,
কোনে জানো লুকাই লাকাই আহি
নিবিড় মৰম পৰশ ঢালি
মোৰ গালে-মুখে বগা ফাকু সানে।

জিৰ্‌ জিৰ্‌ এজাক বৰষুণে
আলফুলে মোৰ মনটি ধুৱাই দিলে ৰিব্‌ ৰিব্‌ বতাহ জাকে
মৃদু গোন্ধৰ সফুৰাটি বাকে ,
সুৰভিত মোৰ প্ৰাণৰ বনে বনে
সাগৰ সীমাৰ শীতলতা নামে।
সপোন বিভোৰ অকুল পৰাণ
মাটিৰ বান্ধোন গছকি থৈ
কোন অৰূপৰ ৰূপ ধ্যানত উৰে।

বহাগৰ এটি মিঠা আবেলিতে।
পোহৰ ছায়াৰ লুকা-ভাকু সতে
মোৰ দেহ-মন ঢৌৱাই দিলে
পদূলিমুখৰ কামিনী জুগিৰ এজাক বৰষুণে।

এপ্ৰিল, ১৯৭৫ চন। [ ২৫ ]


মই নাৰী

আনমনা বিধাতাই
সৃষ্টিৰ এৰেহা লৈ
নাৰী গঢ়ি আতৰাই থলে,
হৃদয় ঐশ্বৰ্য্য ঢালি, হে পুৰুষ,
মোক হেনো সজালা তুমিয়ে
অৰ্দ্ধেক মানৱী মই অৰ্দ্ধেক কল্পনা?
এতিয়া দুপৰ হ’ল ,
কল্পনা কুঁৱলী ফালি আহিছো ওলাই
মই পৰিপূৰ্ণ নাৰী সত্বা, বাংময়ী কবিতা।
মোৰ শিল্প অভিনৱ ,
জঠৰৰ আন্ধাৰত প্ৰাণৰ পোহৰ ঢালি
ময়ে গঢ়িছিলো এদিন তোমাক
মূক, অসহায় এটি শিশু
মৰম অমৃত সানি জীৱনৰ স্বাদ দিলো।
ভাষা দিলো, স্বপ্ন দিলো।
তোমাৰেই হাঁহি-কান্দোনত
নিঃশেষে নিজকে বিলালো।
হৃদয় দাপোন চোৱা
ময়ে সেই চঞ্চলা কিশোৰী
শেৱালি চকুত কত অবুজ মধুৰ ভাষা
মুগ্ধ হৃদয়ত সানি নিৰ্জন স্বপ্নৰ মায়া
লয়লাসে কেনিবা লুকালোঁ।
ময়ে প্ৰেয়সীৰ ৰূপৰ সাগৰ
তলমল যৌৱনৰ উত্তাল তৰংগ
দুৰ্মদ দুৰন্তগতি তোমাৰ হৃদয় গংগা
যাৰে মিলনৰ বাসনাত উখল-মাখল।
সেইদিনা বাহিৰত বসন্ত বাহাৰ
তৰাভৰা আকাশৰ ব্যগ্ৰ নিমন্ত্ৰণ

[ ২৬ ]

মোৰ লজ্জানত দুচকুত
তোমাৰ বাসনা শিখা কঁপে,
উচ্ছল জীৱন-পাত্ৰ শূণ্য কৰি দিলোঁ বাকি
দেহ-মন-আত্মাৰ সম্পদ।

মই নাৰী, দিয়াতে আনন্দ মোৰ ,
জন্মৰ যত ক্লেশ, জীৱনৰ যত অসুন্দৰ
আচলেৰে আঁৰ কৰি
সজালোঁ তোমাৰ বাবে
সাধনাৰ নিৰলা কুটীৰ ,
নিজ হাতে খুলি দিলো পূব বাতায়ন
তুমি জোন-তৰা-আকাশেৰে পাতিবা মিতালি।
ৰ'দে পোৰা শ্ৰান্ত কপালত
শীতল এখনি হাত-
শিল্পীৰ দুচকুত সপোনে নাচিলে,
অজন্তাৰ ইলোৰাৰ নিভৃত গুহাত
মোহিনী নাৰীৰ বেশে শিলে সাৰ পালে।
মই মাটিৰ মায়াত বন্দী
ধূলিনে ধেমালি খেলো
ধূলিতেই জীৱনৰ আলপনা ৰচোঁ।
থাপনাৰ চাকিটিয়ে
পোহৰায় এধানি পৃথিবী মোৰ,
শিশুৰ কাকলি শুনি সৰগৰ সপোন পাহৰো।

অৰণ্যৰ শ্যামলিমা, ফুলৰ সুৰভি লৈ
বহুতো বসন্ত আহি ফিৰি ফিৰি গ'ল ,
আজি মোৰ তুলিকাত ৰং নাই
কণ্ঠত ভাষা নাই
মই ৰিক্তপাত্ৰ, ৰংহীন পুৰাতন মাটিৰ পুতলা।
নিত্য নতুন তুমি আবেগ অধীৰ প্ৰেমে
ধৰণীক বান্ধিছা সদায়ে ,

[ ২৭ ]

তোমাৰ গৰৱে গৰৱিনী।
মই তোমাতেই পূৰ্ণ, তুমি মোত;
দুয়ো মিলি মহাজীৱনৰ সংগীত ৰচিছোঁ।
মোৰ কোনো খেদ নাই।
শিল্পীৰ সমাধিত
সেউজীয়া দুৱৰিয়ে বৰ্ণালি ৰচিব,
কেঁকোৰাজনীৰ দৰে বুকুৰ খোলাত মোৰ
শত নতুনৰ উন্মেষ ঘটিব।
মাথো ধূসৰ কল্পনা সাজে
মোক আৰু নসজাবা
মই পৰিপূৰ্ণ নাৰী-সত্বা, বাংময়ী কবিতা।

১৯৭৫ চন।



মোৰ আই

আজি বহু বছৰ হ’ল
মোৰ আই, নৰীয়া পাটিতে,
শীৰ্ণ দেহ, জীৰ্ণ বেশ, নিষ্প্ৰভ নয়ন
স্তিমিত কণ্ঠৰ ভাষা
কালৰ কৰ্কট চেপা
নিৰ্বাক বেদনা অশ্ৰু দীপ্তিহীন দুগালে বাগৰে।
মোৰ আই এনেতো নাছিল,
আঘোণৰ ধাননিত দেহৰ বৰণ
ওঠৰ অম্লান হাঁহি
আঁচলত অনন্ত সেউজ,

[ ২৮ ]

উপজি পুৱাতে উঠি লুইতত শুচিস্নাতা
কপালত ৰক্তিম অৰুণ
নীল পাহাৰত আয়ে মোৰ
মেলি দিয়ে সুবাসিত চুলিৰ অৰণ্য।
মৌ-সনা মাতষাৰি।
ঘোষা-পদ-বৰগীতে ৰজনজনাই
আখল মাৰলঘৰ তাঁতবাটি কৰা মোৰ আই!
ৰূপালী ফেম্ত বন্ধা সোণালী অতীত
ধূলি-মাকতিৰে শিতানৰ বেৰত ওলমে |

মই আত্মতুষ্ট উদাসীন
জননীৰ নিস্তেজ সন্তান
পিৰালিত ৰ’দ লওঁ সুখেৰে টোপনি যাওঁ
মাতৃৰ গভীৰ ব্যাথা নেবাজে প্ৰাণত।

১৯৭১ চন।

দুভাগ পূজা

ওচৰা-ওচৰিকৈ দুভাগ পূজা।
বছৰটোৰ হাবি-বন চাচি চুৰুকি
এই পিনে দেবীৰ প্ৰতিষ্ঠা,
সৰল বিশ্বাস আৰু ভকতিৰ উপচাৰে
দুৰ্গতি নাশিনী মাতৃ পূজা আৱাহন।
নিকা আকাশত আৰতিৰ সহস্ৰ প্ৰদীপ
বতাহত হোম-গন্ধ শেৱালি সুবাস।
চণ্ডীৰ সুৰে সুৰে যেন
কিবা অপাৰ্থিব সন্ধানত
মনে পাখি মেলে আকাশ ধিয়াই।

[ ২৯ ]

আনপিনে বিচিত্ৰ মণ্ডপ
মহিষাসুৰৰ পূজা পূৰ্ণ পয়োভৰে।
ঢাল-ঢোলৰ প্ৰচণ্ড শব্দত ডুবে
ক্ষুধিতৰ হাঁহাকাৰ, আৰ্তৰ বিননি;
উদগ্ৰ লালসা বহ্নি
শোষিতৰ তেজৰ আহুতি
ধুমায়িত সমগ্ৰ পৃথিৱী;
নৰবলি নিৰ্বিচাৰে চলে
পৰিতৃপ্ত জাগ্ৰত দেৱতা।

ওচৰা-ওচৰিকৈ দুভাগ পূজা
মাজত এখন লৌকিকতাৰ আঁৰ কাপোৰ

১৯৭৪ চন।

ডেচডিমোনাৰ উক্তি : অথেলোৰ প্ৰতি

স্বামী মোৰ, দ্বিধা নাই, আহা কাষলৈ।
মই তো নহওঁ মৃতা
যি চকুৰ পাহি জাপ গ'ল
ধৰণীৰ মায়াময় সুষমা ধিয়াই
চোৱা উন্মিলীত সেই চকু
অসীমৰ অনন্ত জ্যোতিত।
মই তো নহওঁ মৃত
নিষ্পেষিত মানৱতা মৃত্যুহীন অক্ষয় অম্লান ,

[ ৩০ ]

লক্ষ প্ৰাণকুণ্ড ভেদি
অশ্ৰু গংগা বব নিৰবধি
সোঁতত ভাঁহিম মই চিৰসদ্য এটি জবা
অহেতুক মৰণৰ কাৰুণ্যেৰে ৰঙা।
তোমাৰ বুকুৰ সেই ঘনকৃষ্ণ বননিত
দুৰু দুৰু হিয়াৰ কঁপনি কত
ভীতঝ এই হৰিণীৰ
কালি, মাথো কালি মাৰ গ’ল;
আজি সন্ধিয়াতে তুমি ক্ষুব্ধ এটি পশু
দুচকুত ঈৰ্ষা জ্বলে
উত্তাপত যুক্তি গলে
দুৰ্নিবাৰ প্ৰেম জ্বলে আদিতম ক্ৰুৰতা বহ্নিত।
সন্দেহৰ কুঁৱলীৰে ধূসৰ তোমাৰ দৃষ্টি,
এই জীৱনৰ যমুনা তীৰত বহি
নেদেখিলা হাতীপটি ফটিক বুকুত মোৰ
দুপৰৰ ৰশ্মিজালে ৰচা।
তোমাৰ দিগন্ত জুৰি
তৃষাতুৰ মৰুভূৰ মহা হাঁহাকাৰ
দুবৰিৰ স্বপ্ন য’ত ক্ষনিকৰ ভাৱনা বিলাস৷
স্বামী মোৰ, দ্বিধা নাই, আহা কাষলৈ।
মৰণৰ গৰিমাৰে জীৱনৰ কালিমা ঢাকিলা;
অনসূয়া মোৰ প্ৰেমে ধুই মচি লৈ যক
যত গ্লানি তোমাৰ আত্মাৰ!
প্ৰেম আৰু প্ৰত্যয়ৰ সুবিমল জোনাকত
আকৌ এবাৰ স্বামী আহা কাষলৈ
মৃত্যু নীল কপালত এইবাৰ মই আঁকি দিওঁ
শত চুমা আবেগ বিহ্বল,
যি চুমা কাহানিবা যাচিলেহেঁতেন
মৰমৰ আকলুৱা নিৰ্বোধ মোৰ শিশুটিক।

১৯৬৮ চন।

[ ৩১ ]

বহাগ

এয়া বহাগ আহিল
জীৰ্ণ পৃথিবীত যৌৱন নামিল
দুখীয়াৰ উৰুখা পজাত
যৌৱন যিদৰে নামে অনাহূত
গুচি যায় শুদা মুখে।
আঁহতৰ ৰেশমী সেউজ
ধুমুহাত থানবান;
কৰবী গুলঞ্চই মিছাকৈয়ে
বাটে-ঘাটে দলিচা পাৰিলে;
কৃষ্ণচূড়া সোণাৰুৰ ৰূপ-সজ্জা কাৰ বাবে?
আজি যৌৱন বিক্ষুব্ধ
কবি শিল্পী জীৱন জৰ্জৰ
প্ৰাণ যমুনাত বালিচৰ।
জিৰ্‌ জিৰ্‌ আঁহতৰ বা-ত
হায়, তাহানিৰ স্বতঃস্ফূৰ্ত বহাগী উচ্ছাস!
সংস্কৃতিৰ মুখা পিন্ধি জৰাজীৰ্ণ পুতলাই
হাটে-বাটে প্ৰহসন তৰে;
আমাৰ কৃত্ৰিম হাঁহিত
আত্মবঞ্চনাৰ অপচেষ্টা,
ঘনীভূত নৈৰাশ্যৰ তৰলীকৰণ।
হে বহাগ, তই আহিয়ে থাকিবি,
আমাৰ দুৰ্ল্লভ বহাগ মাথো এবেলাৰ নাট।
কাল-যযাতিৰ জৰা বৈ
দুৰ্বিসহ আমাৰ যৌৱন;
তোৰ সনাতন সৌন্দৰ্য্যৰ অমৃত পৰশ
জীৱনৰ ঠেৰু ভঙা পিয়লাত
উচ্ছল আনন্দৰ এপিয়লা নিৰ্ভেজাল ৰাগী
আমাক বিস্মৃতি লাগে
নোপোৱাৰ যত ক্ষোভ
যত ক্লান্তি মচি দিয়া পৰম বিস্মৃতি।

[ ৩২ ]


ইমাৰজেন্সী ৱাৰ্ড

জীৱনৰ গতি চঞ্চলতা
যদি অনুভৱ কৰা নাই
জৰোৱাহি খন্তেক ইয়াতে।
ধীৰ তৰংগিত লয়ে বহল দুপাৰ চুমি
অদূৰত বইছে লুইত,
জীৱন ইয়াত কিন্তু
খৰস্ৰোতা পাহাৰীয়া নৈ,
এই চল্‌চল্‌ মুক্তধাৰা, এই ৰূদ্ধগতি
এই কন্দৰৰ নিৰন্ধ্ৰ আন্ধাৰ
এই মুক্ত সূৰ্য্যালোক,
চাৰ্কাচৰ ৰূপালী তাঁৰত
প্ৰাণ নাচে পলে পলে,
দুভৰিত গভীৰ এন্ধাৰ
অপাৰ ৰহস্য জালে ঘেৰা।
সমুখৰ চেলুলয়ডত
উৰ্দ্ধশ্বাসে ঘটনা প্ৰবাহ লৰে
বাক্‌হীন বেদনাত বিমুঢ় সময়
বন্দী ৰয় কোনোবা বিন্দুত।
জীৱনৰ বিচিত্ৰতা
যদি অনুভৱ কৰা নাই
জিৰোৱাহি খন্তেক ইয়াতে।
দুপ্ দাপ্ খোজৰ শৱদ
খচ্‌মচ্ কেচিৰ সঁহাৰি
মুমূৰ্ষৰ আৰ্তনাদ, স্বজনৰ হাঁহাকাৰ
ৰুদ্ৰ-বীণাত যেন সুৰ-সমলয়।
এইখন মায়াবী পথাৰ
বিধাতাই অদৃশ্য হাতেৰে য'ত

[ ৩৩ ]

ভাগ্যেৰে হেতালি খেলে,
য'ত জীৱন সুৰভি শোহে
ডেটলৰ দৰবৰ নামহীন মিশ্ৰিত নিৰ্যাসে।
এইখন পৃথিৱীত পুৰণি খবৰ নাই
স্থিতিৰ জড়তা নাই
মাথো আকস্মিক যাত্ৰাৰ প্ৰস্তুতি,
আৰু উল্লসিত আকস্মিক প্ৰত্যাগমনৰ।

১৯৭৩ চন।

সঞ্জয়ৰ সমাধিত

তোৰ কণমানি কবৰত
মৌন অশ্ৰু আহত হিয়াৰ
শেৱালিৰ পাহি সৰে।
মাতৃত্বৰ গভীৰ-বিষাদে
ঢাকি দিলো বিবসন দেহ
সোণ, অকাতৰে শুই থাক।
সাধুকথাৰ মায়াবী ৰাক্ষস
অতৰ্কিতে সমুখত থিয়,
ভীতি-বিহ্বল শিশু-প্ৰাণ
কান্দি কান্দি লালকাল,
কপালত মৰণৰ চেচা-চুমা পাই
সোণ্‌ টি ঘুমটি যায়।
নটি বছৰ মাথো নটি বছৰ!
কাকলিমুখৰ নীড়
ফুল হাঁহি ৰঙীন সপোন,

[ ৩৪ ]

তুলসী পুলিত কোনে উত্তপ্ত পানী ঢালে?
কাৰ নিৰ্মম আঙুলিত
থান্ বান সোণালী পখিলা?
মই ক্লান্ত ত্ৰস্ত অসহায়,
এক সৰীসৃপ জিঘাংসাই
সূৰ্য্যমুখী জীৱনক বিবৰৰ মুখে টানে
পুতনাৰ বিষস্তন উন্মুক্ত অবাৰিত
ক’ত লুকুৱাওঁ সৃষ্টিৰ স্যমন্ত-মণি
পাৰিজাত শিশুৰ হাঁহিটি?
মাইডাছৰ পীতাভ স্বপ্নত
গোটমৰা পাণ্ডুৰ পৃথিবী,
ক’তো আশাৰ সেউজ নাই।
প্ৰাণৰ সঁহাৰি নাই।
মাথো এনি তেনি উদগীৰিত উদগ্ৰ লালসা
পুৰি মৰে অসতৰ্ক অবুজ বিহঙ্গ।
পৃথিবীৰ পথ-ঘাট ওমলা পথাৰ।
কোনদিনা পিশাচৰ ছায়ামুক্ত হব?
দুচকুত প্ৰত্যয়ৰ গভীৰ অঞ্জন—
মুক্তপ্ৰাণ সৰগী শিশুৰ দল
উলাহতে নাচি বাগি উমলি ফুৰিব?

১৯৭৬ চন।

  • অপহৰণকাৰীৰ হাতত নিহত তিনচুকীয়াৰ শিশু সঞ্জয় আগৰৱালা।
[ ৩৫ ]

যন্ত্ৰণাতীত
ৰাতিৰ নিথৰ যন্ত্ৰণাত
এটি সূৰ্য্যৰ জন্ম হ'ল- ৰক্তাক্ত সূৰ্য্যৰ ,
দুপৰৰ পোহৰত
পৃথিবী দেখা পালো গলিত ৰূপত—
অহ, কি যে দুঃসহ যন্ত্ৰণা!
আবেলিৰ বতাহতো শুনো
বিলীয়মান দিনৰ দীৰ্ঘনিশ্বাস।
জীৱন যদি যন্ত্ৰণাৰে অনা ৰূপ হয়
সেই দুখৰ অমৃতে
মোৰ পান-পাত্ৰ পূৰ্ণ হ’ক- কোনো খেদ নাই।
যন্ত্ৰণাৰ ৰঙেৰে গাঢ় কৰো
জীৱনৰ ছায়া পট
যন্ত্ৰণাতে হব মোৰ আত্মাৰ বোধন।

১৯৭৭ চন।



এইবেলি বহাগত
বহাগৰ ডেউকাত কিহৰ খবৰ?
শিলাবৃষ্টি ধুমুহাৰ হয় যদি হক
ঘূঁণে ধৰা গছবোৰ ঠাল-ঠেঙুলিৰে
ভাঙে যদি ভাঙি যক,
দুবৰিৰে সূৰুযৰে হব দেখাদেখি।
বহাগৰ ডেউকাত নতুন খবৰ-
ভেটা-ভঙা চেতনাৰ সোঁত
ন-পানী ৰঙা ৰ’দ মুক্ত বায়ু পাই
কিজানিবা মাটিৰ বুকুত
ৰক্ত-বীজে গজালি মেলেই,
সমাজৰ নিকা পদূলিত
জানো কাহানিবা কেতেকী মলেমলায়!

এপ্ৰিল, ১৯৭৭ চন।


[ ৩৬ ]

মেজি ঘৰ

পোনাকণ, আমনি নকৰ;
কাহিলি পুৱাতে উঠি সোণমণি তেল ডিপোত
জোনমণি গাখীৰৰ লাইনত থিয়
চেনি-চাউলৰ বাবে ধনটিয়ে দোকানত বোন্দাপৰ দিছে
তই মেজিঘৰ সাজিবিনো কাৰে?
সাতোটা বলিয়া বানে পথাৰ গৰকি গ'ল
এইবেলি নৰাৰো আকাল
মেজিঘৰ জ্বলাবি কিহেৰে?
আমাৰ জীৱন পোৰা উৰ্দ্ধমুখী দামৰ জুইৰে?
পেট যদিওবা শুদা
আমি বাৰু মুঠি মুঠি সোণালী স্মৃতিৰে
মনৰ উদং তলি ভৰাব পাৰিম।
তহঁতৰ সুকুমাৰ জীৱন কঁপোৱা
নাই নাই হাঁহাকাৰ ঢাকিম কিহেৰে?
মেজিৰ উৰাওঁ উৰাওঁ কৰা
তহঁতৰ হাঁহি-খিকিণ্ডালি
টকা-পেঁপা নাচৰ উচ্ছাস
আজি ঘূৰাওঁ কিদৰে?
আমি নিৰূপায়।

মাঘ বিহু
১৯৭৫ চন।

[ ৩৭ ]

এই মাটি এই মাত

ৰঙা নদী পাৰ হৈ
নীলা পাহাৰৰ দাঁতিয়েদি
ৰেলখন ভাটিমুখে আগবাঢ়িছিল;
পথাৰৰ সোণালী শইচ
নৈ-বিল-বননিৰ ইমান সেউজ
ক’ত জানো এৰি থৈ
দোকমোকালিতে ভৰি দিলো দিল্লীৰ মাটিত৷
ঠেতুৱৈ ধৰা ওঁঠ, ঘৰ এৰা উৰুঙা হৃদয়
একাপ কফিৰ বাবে আহিলো ওলাই।
বিয়াগোম ৰেলৰ ষ্টেচন
অহা আহে, যোৱা যায়
পৰিচয়হীন মুখ, বেনামী ঠিকনা।
হঠাতে এজুম ল’ৰা
মোক আহি ঘেৰি ধৰিলেহি।
চিনাকি সুৰীয়া কথা, হাঁহিৰ টুকুৰা
হিয়া ভৰে, ভৰি উঠে দিল্লীৰ অচিন বতাহ।
“লুইতপৰীয়া আমি ডিবৰুৰ ল'ৰা
দেশখন চাওঁ বুলি ফুৰিছোহি অনাই-বনাই;
পাত-সোণ মেখেলাত আঁচুফুল ফুলা দেখি
আহিছো উধাতু খাই
বাইদেউ, নধৰিব দায়;
আজি একুৰি পোন্ধৰ দিনে
দেখা নাই অসমীয়া মুখ,
বুকু জুৰ পৰা, শুনা নাই মিঠা সমিধান;

[ ৩৮ ]

ওপজা সোণৰ মাটি দূৰণিত এৰি আহি
বুজি পালো--সেই মাটি সেই মাত কিমান আপোন।”
মোৰ বুকুৰ ভিতৰখন গলি-পমি যাব যেন
হেঁপাহেৰে সিহঁতলৈ চালো-
এক তেজাল ডেকা
একে আশা-ক্ষোভ, একে বুকুৰ মৰম;
মাথো কোনোবাটো চকু সৰু, উঠঙা কপাল
কোনোবাটো গঢ়িত মুখৰ।
মোৰ অনুভৱ হ'ল-
কাণ সমনীয়া সেইজাক একেজনী আইৰে সন্তান
মই যেন সিহঁতৰ নিলগত বিয়া দিয়া এজনী বায়েক।

১৯৭৭ চন।



এইবাটে ঈশ্বৰ আহিছিল

পুৱতিৰ পোহৰত দেখা পালো
এইবাটে ঈশ্বৰ আহিছিল;
পূৱ তোৰণত পোহৰৰ মায়াময় খেলা,
নিশান্তৰ নিফুঁট কণ্ঠত
পখীটিৰ প্ৰথম কাকলি;
সদ্যোস্বিতা পৃথিবীৰ স্বপ্নালু চকুত
সম্ভাষণ শুভাগমনৰ।
মুখত নিয়ৰসনা গোলাপৰ হাঁহি
কান্ধত ৰ’দালিৰ উমাল কোমল উত্তৰীয়ৰ ভাঁজ
বতাহত ফুলৰ আঁতৰ ঢালি
এইবাটেৰেই তেওঁ গ'ল;

[ ৩৯ ]

বকুল-শেৱালি বচা দুৱৰি ডৰাত
ৰৈ গ’ল চৰণ ৰেণুৰ কণা
আৰু মোৰ মুগ্ধ হৃদয়ত।
দুপৰৰ আকাশত খাওঁ খাওঁ সূৰ্য্য জ্বলে,
পেটত ক্ষুধাৰ বাহু;
উৰুখা পজাত ভাঁহে
অৰ্দ্ধাহাৰী শিশুটিৰ অবুজ কান্দোন
ৰেষ্টোৰাৰ ৰেডিঅ’ত সস্তীয়া গানৰ সুৰ।
জীৱনৰ দুয়োকাষে বেচা কিনা চলে অবিৰাম;
ওপৰত চিলনীৰ সৰৱ অগিয়াবগি
সিহঁতৰ পাখীত উজ্জ্বল ৰ’দ, চকুত বুভুক্ষা।
নৈৰ বুকুতো যেন একেৰাহী দগ্‌মগ্ সীহৰ উতল;
আত্মাৰ নিবিড় ছাঁত দুই দণ্ড জিৰণিৰ বাবে
প্ৰাণে হামৰাও কাঢ়ে;
আৰ্ত্তস্বৰে চিঞৰিলোঁ—ভগৱান ক’ত?
মোৰ ক্ষীণ কণ্ঠ ডুব গ’ল
যন্ত্ৰ-দানৱৰ ধোঁৱাময় বিকৃত উকিত।
ক্লান্ত দেহ অৱসন্ন মন
বহি ৰ’লো আবেলিৰ সেমেকা ঘাঁহত
সুৰভিত এচাটি বতাহে
চুই গ’ল উত্তপ্ত কপাল
মূৰ তুলি চাই দেখো
পশ্চিমৰ আকাশত ফাকুৰ পোহাৰ;
জোন-তৰালিৰ আদৰণী আল্‌পনা আঁকি
সৌজন ভগৱান স্মিতহাস, অনিন্দ্যসুন্দৰ।

১৯৭৪ চন।

[ ৪০ ]

বৰদৈচিলালৈ চিঠি

আঁহতৰ কুঁহি-পাত, কুলিৰ অমিয়া মাত
নাহৰৰ জীয়া গোন্ধে সোঁৱৰাই দিলে—
বৰদৈ, তই যোৱা বছৰেক পূৰ হওঁ হওঁ;
লুইতৰ বগী চকেচকী বালি,
পৰ্ব্বত-ভৈয়াম জুৰি তোৰ ঘৰখনি,
চেনেহৰ আইজনী—বুকু তোৰ পোৰা নাই?
সাত তৰপীয়া ধূলি ঘঁহি পিহি চুছি-মজি
এলাগী পৃথিবী আজি পটেশ্বৰী হ’ল;
ৰাংঢালী ফাগুণীয়ে
শিমলুৰ পলাশৰ ডাল-পাতে ৰং সানি গ’ল
খামুচীয়া কঁকালত খম্ খম্ ৰিহাৰ খোচনি
বকুলৰ গামখাৰু দালিম-ফুলৰ কেৰু
উলহ-মালহে তোৰ সাজি-কাচি ওলাবৰ হ'ল!

বৰদৈ, ৰণত কলিয়া হ’লো
যোৱা বেলি সকলোটি বানৰ বুকুত দিলো
তেতেলিপতীয়া চিৰা থমা দৈ সমাজিক হ’ল;
বজাৰত আচুঁসূতা জুই-ছাই দাম,
বিহুৱানো বিহু-চেৰা হ’ল;
তথাপিতো নাহি পাৰিবিনে তই?
আজি ঘোপমৰা এন্ধাৰত হেৰাল পথৰ মোৰ
মোক চিকিমিকি এচাটি পোহৰ লাগে
সমাজৰ সুপ্ত চেতনাত এক প্ৰচণ্ড জোকাৰ লাগে
বৰদৈ, ধুমুহা বাহিনী, বজ্ৰ-বিজুলীৰে তই নাহিলে নহব।

[ ৪১ ]

মোৰ মনৰ চোতাল ভৰি বছৰৰ যত আবৰ্জ্জনা
আহি সাৰি-পুচি নিকা কৰি দিবি
মোৰ পথাৰৰ সঁজাল আহুক
ন-পানীৰ মৰম যাচিবি;
হালোৱাৰ ৰোৱনীৰ বহুত শকতি দিবি
ঢুলীয়াৰ নাচনীৰ বুকুত উছাহ দিবি।
জীৰ্ণতাক জোকাৰি সৰাই
নতুনৰ, সেউজৰ ঠাই আজৰাবি;
পচোৱাৰ বোকোচাত বিজুলীৰ সাতসৰী পিন্ধি
বৰদৈ, ঢোলে-দগৰে তই নিৰ্ঘাত আহিবি।

বহাগ
১৯৭৩ চন।

ৰক্ত-দান

মৃত্যুৰ পৰোৱানা লৈ
কোন জানো আহিছিল
তুমি তাক পঠালা ফিৰাই
নিস্তৰঙ্গ নদী-তীৰ
সেইদিনা আচম্বিতে কল্লোল-মুখৰ;
আধৰুৱা জীৱনৰ নীড়
ধুমুহাত উৰো উৰো,
ঘণীভূত দুৰ্যোগৰ নিবিড় আন্ধাৰ।
মৃত সঞ্জীৱনী লৈ সেইদিনা কোন আহিছিল?

মো নিস্পন্দ ধমনীত

[ ৪২ ]

কাৰ হাত বুলনিত
চৈতন্যৰ ধীৰ সঞ্চালন;
ৰক্তিম কৰুণা-ধাৰা বাগৰিল শিৰাই শিৰাই
যেন শীতাৰ্ত্ত পৃথিবীলৈ
আকাশৰ অশ্ৰুধাৰা
মৃতপ্ৰায় প্ৰকৃতিত জীৱনৰ নতুন স্পন্দন।
মোৰ ভাগ্যৰ সীমান্তত
কোনা সেয়া কল্যাণ মুৰতি?
মৰণমুখীৰ বাবে দুহাতত একাজলি জবা
এন্ধাৰৰ সউপাৰে দিলাহি জ্বলাই
আশাৰ শলিতাগছি
আৰু আবেলিৰ আকাশৰ শেতা জোন যেন
কপালৰ এধানি সেন্দুৰ।
মই তো নেজানো তুমি নাৰী নে পুৰুষ,
কোন পথে আহিছিলা।
য’ত হিংসাৰ উন্মুক্ত অসি জ্বলে চক্‌চক্‌
য’ত স্বাৰ্থৰ লুলোপ জিভা নাচে লক্‌লক্‌
জানো, সেইপথ তোমাৰ নহয়।
শেৱালিৰ স্নিগ্ধতাই য’ত
ৰুক্ষ পৃথিবীক প্ৰেমেৰে সাৱটে,
জননীৰ স্নেহ-সৰসীত
য’ত সৃষ্টিৰ শতদলে হাঁহে
মন্দিৰ-মছজিদ গীৰ্জা
পাহাৰ ভৈয়াম সৱ একাকাৰ কৰি
সেইপথে আহিছিলা
জাতিহীন, বৰ্ণহীন, ভাষাহীন তুমি মানৱতা।

১৯৭৭ চন।

[ ৪৩ ]

এইবেলি বিহুটি

এইবেলি বিহুটি  ৰমকে ঐ দুমকে
 উজনীত লাগিছে বা
মেজিৰ জুই জ্বলিছে  ৰংপুৰ দলদোপ
 সাতখন-আঠখন গা।
এইবেলি নাচনী  কেচাইখাতী গোসানী
 কালিকা চৰিছে গাত
টকা-পেঁপা হিলৈ  ৰণ শিঙাৰ শৱদ
 কিৰিলিত সৰিছে পাত।
হাবিৰ গোনা মহে  পদূলিত যুঁজিছে
 গছকত দুবৰি মৰে
শেনচোৱা বৰুৱাই  শেন মেলি দিলে
 চোঁ মাৰি কণুৱা ধৰে।
পাহোৱাল বিহুৱাৰ  গাতে ঐ জীয়া জুই
 পীৰিিতৰ পোৰণিত মৰে
পীৰিতিৰ জৰীৰে  খোৰোচা গাঁঠিটি
 টেটু চেপা মাৰি ধৰে।
কণ কণ পোণাহঁত,  মোৱা চীনা আলু
 অগনিৰ ভাপতে সিজে
শিয়ালে শগুনে   বিহু ভোজ পাতিছে
 অঙহী-বঙহীৰ সতে।
স্বৰ্গদেউ ওলালে  বাট চ’ৰাৰ মূৰলৈ
 প্ৰজাৰ বা-বাতৰি লব

[ ৪৪ ]

সাতো বাই-ভনীৰে  বিহুৰ ৰং ধেমালি
 ৰংঘৰত উঠি চাব।
এইহেন বিহুটিত  আই নাকান্দিবি
 পাটিৰে মৰা শ চাই
যোৱাটিৰ কাৰণে  শোক-তাপ অযথা
 আয়ুস চাউলেই নাই।
এদেও দুদেওকৈ  সকলো নিলে তোৰ
 গিয়াতীয়ে থাকিলে চাই
বুকুৰে কুটুম হৈ  বুকুত কামুৰিলে
 তোৰ হৈ মাতোতা নাই।
বুকুৰে বেজাৰ তোৰ  আই মোৰ দুখুনী,
 বুকুতে সামৰি থ
তোৰে চোতালত  মানৰ বিহুমেলা
 নয়ন ভৰি চাই ল।
মাঘবিহু
১৯৭৯ চন।

শিল্পীৰ মৃত্যু

হে শিল্পী অনন্য, অমূলক মৃত্যুভয়
তুমি মৰিবা কিদৰে?
তুমি তো নোহোৱা কোনো ভুৱা নেতা
ৰাইজৰ তেজেৰে শকত
জীৱনৰ ম্যাদ যাৰ পাচোটি বছৰ।
তুমি স্ৰষ্টা--কণ্ঠত অমিয়া
আঙুলিত মায়াময় সুৰৰ আবেশ, .
বাটে-ঘাটে প্ৰসাদে-কুটীৰে
তিতা-মিঠা নানা ৰস টুকি-টুকি
মৌ-চাক ৰচা যাৰ কাম,

[ ৪৫ ]

সেই নাম কটা ৰয় জনতাৰ হৃদয়ৰ শিল-ফলকত।
হাঁহি আৰু কান্দোনক
পোৱাৰ আনন্দ আৰু নোপোৱাৰ হতাশাক
ৰূপ দিয়ে, ভাষা দিয়ে, সুৰেৰে সজায়
কাঁইটেৰে বুকু ফালি কেতেকী ফুলায় –
সেই শিল্পী মৰে কাহানিবা?
বলিষ্ঠ তোমাৰ পদক্ষেপ
নতুনৰ দুৰ্বাৰ হেপাহ।
অশান্ত জীৱন-তৃষ্ণা, দৃষ্টি বৈপ্লৱিক;
ৰূপৰ সাগৰ মথি
জনতাৰ ৰাগ-বিৰাগৰ হলাহলে নীলকণ্ঠ
তুমি শিল্পী মৰণ বিজয়ী।
খন্তেক জিৰণি লবা?
নিত্য-নৈমিত্তিক এই যতি
সাধনাৰ অবিচ্ছিন্ন সোঁত
জাঁজিৰ মুখত এয়া ক্ষণিক বিৰতি।
দেহৰ দীনতা যত, জাগতিক সসীমতা ঠেলি
তুমি সাৰ পাবা প্ৰত্যুষতে
ওপজা ই সোণৰ মাটিত;
সাৰে ৰ’বা চিৰদিন
স্মৃতি ৰূপে প্ৰেৰণাৰ হেঙুলি বোলেৰে
জ্যোতি-ৰাভা-নটসূৰ্য্য যিদৰে থাকিল সাৰে
নৱ-চেতনাৰ বীজ সিচি এচামৰ নতুন তেজত।

জুলাই, ১৯৭২ চন।

(শিল্পী ব্ৰজেন বৰুৱাৰ মৃত্যুত)

[ ৪৬ ]

শেষ যাত্ৰা

এদম ফুলৰ মাজত তেওঁ শুই আছিল
ঐশ্বৰ্য্যৰ ভগ্নস্তুপ
কীৰ্ত্তিৰ অৱশেষ
এক শিলীভূত ৰৌদ্ৰোজ্জ্বল বাঙময় অতীত।
যেন স্মৃতিৰ নীড়ত
সোণালী ডেউকা জপাই
শুই আছে মোৰ নিষ্পাপ সৰল শৈশৱ;
যেন হৃদয়ৰ ‘শীশ্‌ মহলত’
প্ৰৌঢ়তাৰ আচ্ছাদন মেৰিয়াই
শুই আছে মোৰ যৌৱন-
বহু হাঁহিৰে উজ্জ্বল
বহু স্বপ্নেৰে ৰঙীন
মোৰ কান্তিময় প্ৰেম-দীপ্ত প্ৰগল্ভ‌ যৌৱন।
গতিশীল তেওঁ
আমাৰ অশ্ৰুৰ সাঁকোৰে গুচি গ’ল
বৰ্তমানৰ পৰা অতীতলৈ;
সিপাৰত শান্তি-তীৰ্থ
মধ্যাহ্ন সূৰ্য্যৰ সতে
চিতা জুই দাউ দাউ
স্তব্ধ প্ৰহৰ
স্মৃতিৰ অৰণ্যত শুনো ৰৈ ৰৈ
এক প্ৰমত্ত সিংহৰ নদ—ধীৰ অচঞ্চল।

এপ্ৰিল, ১৯৭৭ চন।

(অসম গৌৰৱ হেম বৰুৱাৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি)

[ ৪৭ ]

অশ্ৰু গাঁথা


পৃথিৱীত এতিয়া দোভাগ ৰাতি
দুবৰিৰ নিহালিৰে আলফুলে দেহা ঢাকি
শুই থাকা তিনি ভনী নিমাতে নিতালে।
আধা-গঁথা কবিতাৰ মালা
অত স্বপ্ন অত সম্ভাৱনা
অতবেৰ গাভৰু বাসনা
বুকুতে থাকক শুই;
মানুহৰ পাপৰ পঙ্কত
নেলাগে ফুলিব আৰু ফুলপাহি হৈ
চেনেহৰ বেহা লৈ
ঘৰমুৱা পিতৃৰ বৃথা-প্ৰতীক্ষাত।

জোনৰ বুকুত আৰু
তাহানিৰ মাধুৰিমা নাই,
শিলবোৰ কঢ়িয়াই আনি
আমি বুকে বুকে বান্ধি ললো
কাল পচোৱাৰ বা-ত
জীৱনৰ মহাবৃক্ষ উম্মুলিতপ্ৰায়
নিৰাশ্ৰয় দয়া-মায়া-মানৱতাবোধ।
সূতিকাগাৰত নাচে ঘাটকৰ শানিত কৃপাণ
প্ৰেম আৰু প্ৰত্যয়ৰ সমাধিভূমিত
যম-ডাকিনীৰ বিকট আৰাও;
টাবৰ ৰজনীগন্ধা হাচ্‌নাহানাই
নোৱাৰে ঢাকিব গলিত মাংসৰ গোন্ধ;
এইখন পৃথিবীত কি দৰে উশাহ লবা?
দুবৰিৰ নিহালিৰে আলফুলে দেহা ঢাকি
শুই থাকা তিনি ভনী নিৰ্ভয় হৃদয়ে,
চেনেহী জননী এয়া শুইছে কাষতে।

[ ৪৮ ]

কত শঙ্কা কত আনন্দেৰে
কত তৃপ্তি কত বিস্ময়েৰে
লেখিছিল জঠৰত দুৰু দুৰু ভ্ৰূণৰ কঁপনি
থুনুক-থানাক মাত, অকাৰণ হাঁহিটিত
দেখিছিল ৰূপৰেখা অনাগত ৰঙীণ দিনৰ
অনন্ত প্ৰহৰী হৈ অমৃত-দায়িনী তেৱেঁ
চিৰকাল ৰাখিব আবৰি।

কাল-ৰাতি নুপুৱাব জানো?
সনাতন মূল্যবোধ হেৰোৱা-সূৰ্য্যৰ
নহবনে পুনৰ উদয়?
নিষ্পেষিত নাৰীৰ কৰুণ অধ্যায়
হয়তোবা হব শেষ।
সেই শুভ-প্ৰভাতত
আধা ফুলা বাসনা-কুসুম
সযতনে কৱৰীত গুজি,
অপ্ৰকাশ প্ৰতিভাৰ জ্যোতি সানি গালে-মুখে
আহিবা আকৌ,
সন্ধ্যা-ললিতা-কান্তা হাত ধৰাধৰিকৈ
লয়লাসে উচ্ছল হাঁহিৰে।
আশীষ নিৰ্মালি হৈ
কাৰোবাৰ ৰিক্ত কাননত ফুলিবা দুনাই;
যৌৱনৰ জোনালী আভাৰে
পোহৰাবা কাৰোবাৰ নিস্প্ৰদীপ মন-মণিকোঠা।
পৃথিবীত এতিয়া দোভাগ-ৰাতি
দুবৰিৰ নিহালিৰে আলফুলে দেহা ঢাকি।
শুই থকা তিনিভনী নিজানে-নিৰলে।

১৯৭০ চন।

( নৃশংস ধুবুৰী-হত্যাকাণ্ডৰ বলি নিৰ্মালি-জোনালী-ৰূপৰেখাৰ
কৰুণ স্মৃতিত )

[ ৪৯ ]

মাতৃৰ স্বপ্ন

মোৰ কোলা আৰু ল’ৰালি ধেমালি এৰি
পোণাকণ, তই এদিন মানুহ হবি,
মোৰ স্বপ্ন—তই ডাক্তৰ হ'বি।
সনাতন মূল্যবোধ—ওজন হেৰাল তাৰ
অপ্ৰতিৰোধ লালসাৰে ব্যাধিগ্ৰস্ত আমাৰ পৃথিবী।
নিস্তেজ নাকৰ পাহিত
শতিকাৰ সভ্যতাৰ অক্সিজেন টানি টানি
আৰু বাচিম কিমান দিন?
তহঁতৰ জ্ঞান-চিন্তা-কৰ্ম যেন মৃত-সঞ্জীৱনী হয়
ক্ষয়িষ্ণু দেহৰ দীপ্তি পুনু উভটিব।
দুৰ্ল্লভ মানৱ জন্ম—মাথো এবাৰৰ বাবে
তাৰ সঁচা দাম বুজিব লাগিব;
তোৰ ষ্টেথস্কোপত যেন ধৰা পৰে
অসহায় মাতৃৰ বুকুৰ ব্যথা,
অক্ষম পিতৃৰ জ্বালা
মূক জনতাৰ অস্ফুট কান্দোন;
ভূৱা মূল্যৰ বজাৰত আত্মাক বিক্ৰয় কৰি
বাসনাৰ আকাশ-লংঘী হৰ্ম্য তই নেলাগে ৰচিব।
মাটিৰ মানুহ আমি
ঘাম আৰু চকুলোৰে সেমেকা মাটিতে ফুলে
বাৰে ৰহনীয়া জীৱনৰ সুগন্ধি কুসুম।
ডেৱা-পোৰা প্ৰাণৰ জুৰণি
মূল্যহীন অমূল্য হাঁহিটি
তাৰ মাথো পোণাকণ, নহবি দুখীয়া
বুকুত উদাৰ প্ৰেম, দুচকুত অমৃত আশ্বাস,
তই হতাশাৰ দুৱাৰত মূৰ্তিমান আশা হবি।
জীৱনৰ ৰ'দে পোৰা খৰাং পথাৰ
উদ্দালক প্ৰতিভাৰে সৰস সুন্দৰ হব,
শুভ্ৰ সাজ নিষ্কলুষ সেৱাৰে প্ৰতীক।
১৯৭৮ চন।

[ ৫০ ]

দুটি নিচুকনি গীত


মইনা ঐ নেকান্দিবি
গাখীৰৰ জেউৰ নধৰিবি
দেউতাৰ গৈছে চাকৰি বিচাৰি
দৰ্খাস্ত পেলালে এশ-ছকুৰি;
চাকৰি হলেই গাখীৰ আহিব
হেঁপাহ পলুৱাই খাবি
মইনা নেকান্দিবি৷

  

ৰাইজ ঐ চকুলো নুটুকিবি
চৰকাৰক অযথা নুদূষিবি।
ব্ৰহ্মপুত্ৰ আয়োগ বহিছে
বৰ বৰ বিষয়া মূধত থাপিছে
নাতি-পুতিৰ দিনত হলেও
সুফল নিশ্চয় পাবি।
বাৰীৰ তামোল-পানি সোপাই মৰিল।
কেন্সাৰৰ ভয় তেওঁ কিছু কমিল
লেৰেলা-চেপেতা গৰুবোৰ উটি গ’ল
টেমাৰ গাখীৰকে খাবি;
লাম-লাকটুৰে পজাটো গ’ল যক
চৰকাৰী, সাহায্য দিব
হেলিকপ্টাৰেৰে কৈলাশৰ দেৱতাই আশ্বাস বৰষি যাব।
জনমূৰি দিব চিৰা আধা পোৱা।
আজি খোৱাৰ চিন্তা নাইকিয়া

[ ৫১ ]

অত ৰাজআলি স্কুলঘৰ থাকোতে
নিশাবোৰ সুখেৰেই যাব,
জাতি-বৰ্ণ শ্ৰেণীৰ ভেদা-ভেদ আমাৰ
এনেকৈয়ে দূৰ হব।
ঘৰে ঘৰে ল'ৰা-ছোৱালীৰ পাল
পুঠিমাৰীৰ মথাউৰি সতে
কেইটানো উটি গল?
ত্ৰিভুজ-মাৰ্কা পৰিকল্পনা
কিঞ্চিৎ সফল হ’ল
এখন ডিবৰু জহি খহি গ'লে
চাৰিখন গঢ়ি লম
পৰ্বতে-ভৈয়ামে এইখন ৰাজ্যত
কত মাটি পৰে চন।
পলসুৱা ভেটীত মিঠা লাও গজিব
বাট-ঘাট-পথাৰত শইচে হাঁহিব
সেউজ-বিপ্লৱ সোণৰ এই দেশত
বিনা অয়াসতে হব।
ৰাইজ ঐ চকুলো নুটুকিবি
ভুকুতে কলটো নপকে জানিবি;
লুইতৰ বুকুৰে গড়খাৱৈ হব
পগলা নদীৰে সোঁত ওভোতাব
আমাৰ ঘৰ-চোতালত বানৰ লীলা খেলা
এদিন সাধুকথা হব।

আগষ্ট, ১৯৭২ চন।

[ ৫২ ]


উপলব্ধি


তুমি দিয়া কাঁইটৰ মালাধাৰ খুলি থওঁ।
বুকুৰ আঁচোৰবোব বা-বতাহ লাগি শুকাওক
দুখেই তো মোৰ সৰ্বস্ব নহয়!
বন্ধ দুৱাৰ-খিড়িকীবোৰ খুলি দিওঁছোন।
বেলি লহিয়াবলৈ সৰহ পৰ নাই
মনৰ এন্ধাৰ চুকত
এচেৰেঙা আবেলিৰ ৰ’দ কিজানিবা জিল্‌মিলায়।

১৯৭৮ চন।



তোমাৰ বাবে


জীৱনৰ ফুলনিত একেটি থোপাতে
আমি এমুঠি ফুলৰ কলি;
বতাহত হালি-জালি নাচিছিলোঁ হাঁহিছিলে।
শৈশৱৰ ৰ'দ-ৰঙা সোনালী দিনত।
কোন অদৃশ্য কৰ্মফলে
মূৰ্ত্তিমান অসুৰ হাতেৰে
তোমাক ধৰিলে চেপি;
উন্মেষ-মন্থৰ পাহি, যত স্বপ্ন খেলিমেলি
সাতৰঙী সম্ভাৱনা
কলিতেই কোৰেণে ধৰিলে।
মোৰ স্মৃতিৰ আলোকে উজ্বলায়
সুশীল সুন্দৰ এক কিশোৰৰ মুখ,
বুদ্ধিদীপ্ত হাস্যময় স্বাস্থ্যশ্ৰী-উজ্জ্বল

[ ৫৩ ]

মন-মানসত অচম্বিতে শিলাখণ্ড নিক্ষেপণ
বিক্ষিপ্ত ঢৌ-ৰাশি, জলাধাৰ ৰুক্ষ বিশৃঙ্খল।
তোমাৰ কাৰণে কেঁৱে
নুখুলিলে হৃদয়ৰ সোণৰদুৱাৰ,
শিশুৰ অমৃত-হাঁহি কল-কাকলিৰে
মুখৰ নহ’ল এটি জীৱনৰ পাৰ।
সেই সুখ দূৰণিৰ শুৱনী পাহাৰ।
তুমি চিৰশিশু জননীৰ অকৃত্ৰিম চেনেহী কোলাত
হৃদয়ত চিৰকাল অনিৰ্বাণ ঈপ্সা জ্বলে,
ভোগ-ক্লান্ত জীৱনৰ তিক্ততা বিস্বাদ
তুমি ধন্য, তাৰ সতে নাই পৰিচয়।
তুমি দেখুৱালা মোক
পৃথিবীৰ সীমা ঘেৰা
বেদনাৰ পাৰহীন নীল পাৰাবাৰ
তুমিয়ে শুনালা মোক
শৃঙ্খলিত আন্ধাৰ কক্ষত
মুক্তিৰ আলোকৰ মহা হাঁহাকাৰ;
মোৰ সুপ্ত প্ৰেম মানৱতা
জোকাৰি জগাই দিলা
মোৰ চেতনাৰ চিকুণ পটত
তুমি এক অশ্ৰুময় কৰুণ কবিতা।
ক্ৰন্দসী আকাশত ভাতৃ দ্বিতীয়াৰ জোন,
বতাহত দীৰ্ঘশ্বাস ক্ষয়িষ্ণু বেলাৰ;
ঘৰ্মাক্ত নিস্তেজ মুখ আচলেৰে মচি দিলো,
তোমাৰ শুণ্যতা জুৰি জ্বলি ৰক
মোৰ লোতকেৰে অঁকা কপালৰ মঙ্গল তিলক।

মাৰ্চ, ১৯৭৯ চন।

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।