পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিলে হিৰন্ময়ীৰ আধুনিক কবিতা এই দুয়োটাৰে পৰা সন্তোষজনক ভাৱে মুক্ত। সেইবুলি তেওঁৰ কবিতা বিবৃতিমূলক নহয়, তথাকথিত পদ্যও নহয়। 'মাটিৰ চাকিৰ শিখা'ৰ কবিতাত আত্মাৰ আলোড়নৰ সম্ভেদ আছে, আৰু আছে আৱিস্কাৰৰ জৰীয়তে অস্তিত্বৰ মূল অন্বেষণৰ তিতিক্ষা৷

 শ্ৰী হিৰণ্ময়ী দেৱীৰ কবিতাৰ ভাষাৰ অলঙ্কাৰ বিহীন অথচ সুন্দৰ ঝঙ্কাৰ আৰু সুমধুৰ লয় 'মাটিৰ চাকিৰ শিখা'ৰ আন এটি উল্লেখনীয় বৈশিষ্ট্য। প্ৰায়বিলাক কবিতাতে তেওঁৰ ওখ ভাৱৰাশিয়ে হৃদয়গ্ৰাহী শ্ৰৱণীয় ভাষা চিনি পাইছে। এই কবিতাত সুস্থ সমাজ-চেতনা আৰু বৌদ্ধিক নিৰ্লিপ্তি, এনেকি বৌদ্ধিক ক্ষোভ আৰু ব্যঙ্গও আছে। সমাজৰ ৰক্ষকসকলৰ আৰু ৰাজনৈতিক ক্ষমতাধাৰী সকলৰ হৃদয়হীনতা আৰু কপটতাৰ বিৰুদ্ধে শ্লেষ আৰু উষ্মা প্ৰকাশতো তেওঁ প্ৰয়োজনত অকুণ্ঠ হৈছে। কিন্তু এনেবোৰ কথাই তেওঁৰ কবিতাৰ সামগ্ৰিক স্বতঃস্ফুৰ্ততাত বাধাৰ সৃষ্টি কৰা নাই নাইবা সাধাৰণ পঢ়ুৱৈৰ ৰসাস্বাদনত খোকোজা লগোৱা নাই। সেই বুলি কিতাপখনৰ কতো যে ছন্দপতন ঘটা নাই, নাইবা কেতিয়াবা ভাৱপ্ৰকাশত উজুটি খোৱা নাই এনে নহয়। এনেবোৰ কথাৰ উদ্ধৃতি বা উল্লেখ অবিহনে আভাস দিয়া টান আৰু তাকে কৰিবলৈ গ'লে মোৰ একাষাৰ অনেকাষাৰ হৈ আমনি লগোৱাৰ আশঙ্কাই বেছি। মুঠতে শ্ৰীহিৰণ্ময়ী দেবীৰ ‘মাটিৰ চাকিৰ শিখা’ কবিতা কিতাপটি এক ব্যথিত, আন্দোলিত আলোড়িত নাৰী হৃদয়ৰ স্বচ্ছ দাপোণ। মোৰ বিশ্বাস, অকল যে সাম্প্ৰতিক কবিতাৰ তীব্ৰ নিয়ন পোহৰে চকুত ধৰিলেহে এটা স্নিগ্ধ মাটিৰ চাকিৰ পোহৰ ভাল লাগিব পাৰে তেনে নহয়, সমকালীন মানসিক আৰু সামাজিক অস্থিৰতাৰ মাজতো 'মাটিৰ চাকিৰ শিখা’ই স্থিৰ, স্নিগ্ধ জ্যোতি বিকীৰণ কৰিব পাৰে। হিৰণ্ময়ীৰ কবিতা হিৰণ্ময় জ্যোতিৰে উদ্ভাসিত হওক সেয়ে কামনা।

পহিলা মাৰ্চ, ১৯৭৯।

শ্ৰীমুনীন বৰকটকী
পঞ্চবটী, গুৱাহাটী।