পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 


প্ৰতীক্ষা
দুচকু যেতিয়া ঘড়ীৰ কাঁটাত
উৎকৰ্ণ হৃদয় পদূলি-মূৰত বন্ধা,
উদাসীনতাৰ ওৰণি আঁৰত
অস্থিৰ মনৰ চঞ্চল পদক্ষেপ;
অপ্ৰকাশৰ পিঙত ওলমা
বোবা যন্ত্ৰণাৰ জীয়া সেই ইতিহাস
দুটি নয়নৰ নীলাভ কাচত
ধৰা জানো পৰি যায়?

১৯৭৩ চন।

অগ্নি-সেৱা

আবেলিৰ আকাশত ৰঙৰ জুই
গধূলিৰ পাহাৰত বনৰ জুই
ভোগালীৰ পুৱতিত মেজিৰ জুই—
এইবোৰ একোকে নহ’ল চোৱা,
বাজেটৰ ঘঁহনিত মনৰ জুই।
হায়, মানুহৰ চেতনাত ৰণৰ জুই জ্বলিব কেতিয়া?

মাঘবিহু, ১৯৭৫ চন।