পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
 



মই নাৰী

আনমনা বিধাতাই
সৃষ্টিৰ এৰেহা লৈ
নাৰী গঢ়ি আতৰাই থলে,
হৃদয় ঐশ্বৰ্য্য ঢালি, হে পুৰুষ,
মোক হেনো সজালা তুমিয়ে
অৰ্দ্ধেক মানৱী মই অৰ্দ্ধেক কল্পনা?
এতিয়া দুপৰ হ’ল ,
কল্পনা কুঁৱলী ফালি আহিছো ওলাই
মই পৰিপূৰ্ণ নাৰী সত্বা, বাংময়ী কবিতা।
মোৰ শিল্প অভিনৱ ,
জঠৰৰ আন্ধাৰত প্ৰাণৰ পোহৰ ঢালি
ময়ে গঢ়িছিলো এদিন তোমাক
মূক, অসহায় এটি শিশু
মৰম অমৃত সানি জীৱনৰ স্বাদ দিলো।
ভাষা দিলো, স্বপ্ন দিলো।
তোমাৰেই হাঁহি-কান্দোনত
নিঃশেষে নিজকে বিলালো।
হৃদয় দাপোন চোৱা
ময়ে সেই চঞ্চলা কিশোৰী
শেৱালি চকুত কত অবুজ মধুৰ ভাষা
মুগ্ধ হৃদয়ত সানি নিৰ্জন স্বপ্নৰ মায়া
লয়লাসে কেনিবা লুকালোঁ।
ময়ে প্ৰেয়সীৰ ৰূপৰ সাগৰ
তলমল যৌৱনৰ উত্তাল তৰংগ
দুৰ্মদ দুৰন্তগতি তোমাৰ হৃদয় গংগা
যাৰে মিলনৰ বাসনাত উখল-মাখল।
সেইদিনা বাহিৰত বসন্ত বাহাৰ
তৰাভৰা আকাশৰ ব্যগ্ৰ নিমন্ত্ৰণ