পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মোৰ মন

মন মোৰ জ্যোৎস্নাহীন ৰাতিৰ আকাশ
চেতনাৰ দিগন্তত
এটি দুটি আশা জ্বলে ঢিমিক ঢামাক;
এন্ধাৰ ওৰণি খুলি
পৃথিবীক চাওঁ বুলি
বুজি পাওঁ ই যে মোৰ স্বপ্ন বিলাস।
মন মোৰ বৰষাৰ মেঘালী আকাশ
থিতাতে ধুমুহা আহি
নুমায় তৰাৰ হাঁহি
এন্ধাৰত দিশহাৰা ঘনীভূত বেদনাই
অন্তহীন চকুলোত বিচাৰে প্ৰকাশ।

মন যদি হ'লহেঁতেন
বহাগৰ দুপৰৰ মায়াবী আকাশ
এই মেঘ এই নীলা
সাতৰঙী অশ্ৰুমালা
মৰু পৃথিবীৰ অংগে অংগে সেউজ সুষমা সনা
দীপ্তপ্ৰেম আলোকৰ অবাধ উচ্ছাস!

এপ্ৰিল, ১৯৭৩ চন।