পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
 

শেষ যাত্ৰা

এদম ফুলৰ মাজত তেওঁ শুই আছিল
ঐশ্বৰ্য্যৰ ভগ্নস্তুপ
কীৰ্ত্তিৰ অৱশেষ
এক শিলীভূত ৰৌদ্ৰোজ্জ্বল বাঙময় অতীত।
যেন স্মৃতিৰ নীড়ত
সোণালী ডেউকা জপাই
শুই আছে মোৰ নিষ্পাপ সৰল শৈশৱ;
যেন হৃদয়ৰ ‘শীশ্‌ মহলত’
প্ৰৌঢ়তাৰ আচ্ছাদন মেৰিয়াই
শুই আছে মোৰ যৌৱন-
বহু হাঁহিৰে উজ্জ্বল
বহু স্বপ্নেৰে ৰঙীন
মোৰ কান্তিময় প্ৰেম-দীপ্ত প্ৰগল্ভ‌ যৌৱন।
গতিশীল তেওঁ
আমাৰ অশ্ৰুৰ সাঁকোৰে গুচি গ’ল
বৰ্তমানৰ পৰা অতীতলৈ;
সিপাৰত শান্তি-তীৰ্থ
মধ্যাহ্ন সূৰ্য্যৰ সতে
চিতা জুই দাউ দাউ
স্তব্ধ প্ৰহৰ
স্মৃতিৰ অৰণ্যত শুনো ৰৈ ৰৈ
এক প্ৰমত্ত সিংহৰ নদ—ধীৰ অচঞ্চল।

এপ্ৰিল, ১৯৭৭ চন।

(অসম গৌৰৱ হেম বৰুৱাৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি)