পৃষ্ঠা:মাটিৰ চাকিৰ শিখা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এজন পঢ়ুৱৈৰ একাষাৰ

 শ্ৰীহিৰণ্ময়ী দেবীৰ কবিতাৰ সৈতে মোৰ পৰিচয় কাকতালীয়। গুৱাহাটীৰ এখন সৰবৰহী দৈনিক কাকতৰ দেওবৰীয়া চ’ৰাৰ পাতত সময়ে সময়ে তেওঁৰ কেতিয়াবা দীঘল, সচৰাচৰ চুটি প্ৰকাশিত কবিতা কেইটামান এৰা-ধৰাকৈ পঢ়ি মনত কিবা এক বেলেগ ধৰণৰ আনন্দ- ময় প্ৰতিক্ৰিয়া হৈছিল। তেওঁৰ কবিতাত সাধাৰণতে 'মহিলা কবি’ হিচাপে শ্ৰেণীবদ্ধ হোৱা বহুতো 'টিপিকেল’ নাৰী-কবিৰ কবিতাত নুশুনা কিবা এক সুকীয়া সুৰ শুনা যেন লাগিছিল। দেবীক লগ পাওঁতে এবাৰ কৈছিলো–তেওঁৰ কবিতাই মোৰ অন্তৰ স্পৰ্শ কৰে, তেওঁৰ পৰা এনেকুৱা কবিতা আৰু পাবলৈ আশা আছে। সিদিনা যেতিয়া শ্ৰীহিৰণ্ময়ীয়ে তেওঁৰ যোৱা প্ৰায় দেড় দশকত আলোচনী কাকতত প্ৰকাশ হোৱা কবিতাখিনিৰ কিছু কবিতা থুপাই একেলগ কৰি মাটিৰ চাকিৰ শিখা শিতানেৰে কিতাপৰ আকাৰত মোৰ হাতত দি মই তেওঁক বাটত লগ পাই কোৱা কথাষাৰ মনত পেলাই দি কবিতাখিনিৰ বিষয়ে একাষাৰ লিখি দিবলৈ কলে তেতিয়া তেওঁৰ অনুৰোধ পেলোৱা টান হ’ল।

 ‘মাটিৰ চাকিৰ শিখা'ৰ সন্দৰ্ভত পোনতে এইখিনি একপ্ৰকাৰ অপ্ৰাসঙ্গিক ব্যক্তিগত কথা মই এইবাবেই কবলৈ গৈছোঁ যে হিৰণ্ময়ী দেৱীৰ কবিতাৰ সম্পৰ্কত মোৰ একাষাৰ কাব্য সমালোচকৰ সম্যক সমালোচনা নাইবা কোনো প্ৰকাৰ গভীৰভাৱে চিন্তিত কাব্য-সম্পদৰ মূল্যায়ন নহয়। ই মোৰ পঢ়ুৱৈ হিচাপে হোৱা নিতান্ত ব্যক্তিগত প্ৰতি- ক্ৰিয়া জনাই থোৱাৰহে প্ৰয়াস মাথোন।

 ১৯৬৫ চনৰ পৰা ১৯৭৯ চনলৈকে দেড় দশকত লিখা একুৰি পোন্ধৰটা কবিতা আগবঢ়াই দি লিখিকাই বিনয় সহকাৰে কৈছে “বিচিত্ৰ অভিজ্ঞতা, বহল অধ্যয়ন আৰু গভীৰ মনন নহলে সাৰ্থক কাব্য-সৃষ্টি